বাংলাদেশত একাংশ যৌনকৰ্মীক ৰাজহুৱা স্থানত প্ৰহাৰ কৰা এটা ভিডিঅ’কে বোৰ্খা নিপিন্ধা কাৰণে হিন্দু মহিলাক আক্ৰমণ কৰা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে।   

False Social

শেহতীয়াভাবে অসমত এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া বাংলাদেশত হিন্দু মহিলাক মুছলমান মহিলাৰ দৰে বোৰ্খা নিপিন্ধাৰ বাবে ৰাজপথত নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। ভিডিঅ’টো দেখা গৈছে যে এজন মাস্ক পৰিহিত যুৱকে হাতত এডাল সেউজীয়া লাঠি এডাল লৈ কেইগৰাকীমান যুৱতী-মহিলাক এক ব্যস্ত বজাৰ অঞ্চলত খেদি খেদি প্ৰহাৰ কৰিছে আৰু সেই প্ৰহৃত যুৱতীসকলে চিঞৰি চিঞৰি কান্দিছে।  

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeAbk_kkOLy4gSiwCxoXHjk2880I6bqkmYC4tnYfJzzoMTGWo8UMpkiDU9nUpGMgEsjLZVZU5DZPUHwSzF26SOEg4ko2FblJhPqb52-R6NbAxQTthH2r0zzwgAyHUGWH2uypj3xGBhgEWjHTkZHUp93xy0y?key=O9N04WtkRPe1GmpYzvIEeA

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ ওপৰত লিখা থকা Islamic Media TV ৰ সন্ধান কৰিলোঁ। সেইকেইটা শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰোতে আমি ফেচবুকত Islamic Media TVৰ পেজটো পালোঁ আৰু তাত সেই ভিডিঅ’টো ৩০ আগষ্ট ২০২৪ত আপলোড কৰা দেখিলোঁ। ভিডিঅ’টোত বাংলা ভাষাত কেপছন লিখা হৈছিল এইবুলি- শেষ পর্যন্ত না দেখে কোন মন্তব্য করবেন না প্লিজ। এদের মূল হোতা এই কাপড় পরা মহিলাটা। দেখলে পতিহত করুন। এটা আপনাদের ঈমানী দায়িত্ব। সেনাবাহিনী পুলিশ আমাদের সাপোর্টে আছে। শেষ পর্যন্ত না দেখে কেউ মন্তব্য করবেন না। দয়া করে আমাকে ভুল বুঝবেন না। ভিডিওটা যত পারবেন শেয়ার করবেন। ঝড়ের গতিতে শেয়ার করুন যাতে করে সবাই সতর্ক হয়। শ্যামলী স্কয়ার। সবাই প্রতিবাদে অংশগ্রহণ করুন। উৎসাহ দিন। সুশীল সমাজ আমার পিছনে লেগেছে। তাদের মুখে চুনকালি দিন। (অনুগ্ৰহ কৰি শেষলৈকে নোচোৱাকৈ মন্তব্য নকৰিব। তেওঁলোকৰ মূল মালিক হৈছে এই কাপোৰ পিন্ধা মহিলাগৰাকী। দেখা মাত্ৰেই প্ৰতিহত কৰক। ই আপোনাৰ ধৰ্মীয় দায়িত্ব। আমাৰ সমৰ্থনত আছে সেনা আৰক্ষী। শেষলৈকে নেদেখালৈকে কমেন্ট নকৰিব। অনুগ্ৰহ কৰি মোক ভুল নুবুজিব। ভিডিঅ’টো যিমান পাৰে শ্বেয়াৰ কৰক। বজ্ৰপাতৰ গতিবেগত শ্বেয়াৰ কৰক যাতে সকলোকে সতৰ্ক কৰি দিয়া হয়। শ্যামোলি স্কুৱেৰ। প্ৰতিবাদত সকলোৱে অংশগ্ৰহণ কৰক। উত্‍সাহ দিয়ক। সাৰস্বত নাগৰিক সমাজ মোৰ পিছত লাগিছে। তেওঁলোকৰ মুখত চুন সানি দিয়ক।) 

https://www.facebook.com/watch/?mibextid=xfxF2i&v=494744096634901&rdid=zs5DWnYy7rJ8ip6z

সেই ফেচবুক পোষ্টটোত উল্লেখ কৰা শ্যামলী স্কুৱেৰ শব্দটোৰ লগতে আন প্ৰাংসগিক কিছুমান কী-ৱৰ্ড লৈ আমি সন্ধান আগবঢ়ালোঁ। তেতিয়া আমি বাংলাদেশৰ পৰা প্ৰকাশিত কেইবাখনো কাকতৰ ৱেবছাইটত সেই সন্দৰ্ভত একাধিক বাতৰি লাভ কৰিলোঁ। প্ৰথম আলো নামৰ সংবাদ প্ৰতিস্থানে ১ চেপ্তেম্বৰ ২০২৪ত প্ৰকাশ কৰা বাতৰি মতে ঢাকাৰ শ্য়ামলী অঞ্চলত একাংশ যুৱকে তাত থকা যৌনকৰ্মী একাংশ মহিলা-যুৱতীক প্ৰহাৰ কৰিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcu9ky6vnJB0Yb7ohAFGw9beCaM2KmuIJTJNCHfsAno3sSwhWu5Zt7g_xK5_0QqTTKqFw3UUulK81pd8SGwIOUACPOvw1rRFXKndarCmo8ToO_QbPBeLkApgCWGSv0_XgEBNuRh6sNVTz2oYXBdXJceHDA?key=O9N04WtkRPe1GmpYzvIEeA

বাতৰিটোত সেই ভিডিঅ’টোৰ পৰা সংগ্ৰহ কৰা স্ক্ৰিণশ্বট ব্যৱহাৰ কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXckhPdn5xWdeSKAKEVHYbvb7_erOQYBFrHsMOu9ZTMi96Rsvli-PillHqASxLOm7StFLZ-oiP4pfxr30jpEo7PnKrtZsYMy_weRbCBlqOhESVrf72UKpG2zfNs_Tc0ID_m7-UVPZK3-1oxa_Gewgr03QHLs?key=O9N04WtkRPe1GmpYzvIEeA

বাতৰিটোত উল্লেখ কৰা হৈছিল যে HM Rasel Sultan  নামৰ বাংলাদেশৰ এজন যুৱকে নিজৰ ফেচবুকত এই ভিডিঅ’টো আপলোড কৰিছিল আৰু ভিডিঅ’টোত দেখা যুৱকজনো তেওঁৱেই। ৰাছেল চুলটান নামৰ সেই যুৱকজনে আপলোড কৰা ভিডিঅ’টোৰ স্ক্ৰিণশ্বটো সেই বাতৰিটোত সংলগ্ন কৰা হৈছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdFerevID78cKLYoPi2K_w-DvwNBwDRzisHHkW3uwGezIrE4mZXQHL9GGwfBPTi3Q5CIpPrAGXk51km7PLuEPs9KCOi8GDU8fHlYisXImspHIgNQS1syYGjy0AYXCRwY3WjmlwBlBRFHi57Wdl5_dSl1K11?key=O9N04WtkRPe1GmpYzvIEeA

ইয়াৰ পাছত আমি ৰাছেল চুলতানৰ ফেচবুক একাউণ্টটো বিচাৰি উলিয়াই মূল ভিডিঅ’টোৰ সন্ধান কৰিলোঁ। ঘটনাটো ঘটাৰ সময়খিনি পৰীক্ষা কৰোতে আমি দেখিলোঁ যে সেই ভিডিঅ’টো শ্বেয়াৰ কৰি এইদৰে যৌনকৰ্মীৰ ওপৰত মুকলিকৈ কৰা আক্ৰমণৰ প্ৰতিবাদ কৰা বিখ্যাত লেখিকা তছলিমা নাছৰিনৰ পোষ্টটোৰ স্ক্ৰিণশ্বট শ্বেয়াৰ কৰিছে ৰাছেল চুলতানে। কিন্তু তেওঁৰ ফেচবুকত সেই ভিডিঅ’টো বৰ্তমান নাই। 

আমি তছলিমা নাছৰিণৰ একাউণ্টটো পৰীক্ষা কৰি দেখিলোঁ যে তেওঁৰ পোষ্টটো আছে , কিন্তু তেওঁ শ্বেয়াৰ কৰা পোষ্টটো নাই। অৰ্থাত মূল ভিডিঅ’টো ইতিমধ্যেই ডিলিট কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd_dmXtuY1HG9-8Vhk9nEa-NC7hFeYD3spjr3Ljq-CJo4_caQV2NZnMBgcNVKWjfd9-BHj9hvvtNh7wbNyN2zpi6Z7oZ-pOwQECByDjeuejPrCQpeHCFpESh4JZWEyHDsFE1wJ03RdPopp00uLqbvqu_v4?key=O9N04WtkRPe1GmpYzvIEeA

ইয়াৰ পৰা স্পষ্ট হৈছে যে বাংলাদেশৰ ৰাজধানী ঢাকাৰ শ্যামলী অঞ্চলত বিচৰণ কৰা একাংশ যৌনকৰ্মীৰ ওপৰত এইদৰে আক্ৰমণ কৰিছিল এছএম ৰাছেল চুলতান নামৰ এজন যুৱকে। তেওঁ নিজৰ ফেচবুকতে সেই ভিডিঅ’ আপলোড কৰিছিল যদিও পৰৱৰ্তী সময়ত ডিলিট কৰি দিছে।

ইয়াৰ পাছত আমি The Daily Starৰ এটা বাতৰি পালোঁ য’ত উল্লেখ কৰা হৈছে যে শেহতীয়াভাৱে বাংলাদেশৰ বিভিন্ন স্থানত এইদৰে যৌনকৰ্মীৰ ওপৰত আক্ৰমণ কৰা হৈছে। এদল যুৱকে বিভিন্ন স্থানত এইদৰে যৌনকৰ্মীৰ ওপৰত নিৰ্যাতন চলোৱা ভিডিঅ” সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা বুলিও সেই বাতৰিত উল্লেখ কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfQ34Dl_dSCbjFdhVjdaQncGa-vKt-aeijEDZdn59QSGm5VD68dVD7xQ5fOq5qCTzYGYIbrnrYeUrtbZZLRwZfcrZhi-4KopnQlhSJzVbksILbxfLGDoQCw533kfglBy3HYNP_lWySL3iJmTzfT2H0vL2w?key=O9N04WtkRPe1GmpYzvIEeA

তদুপৰি Dhaka Tribuneএ বাতৰি কৰিছে যে সামাজিক প্ৰতিৰোধ কমিটীয়ে বাংলাদেশত হোৱা যৌনকৰ্মী অত্যাচাৰৰ বিৰোধ কৰিছে, নিন্দা কৰিছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd4fwR1bXWD9oYBpijT4DUWy-y_nGhsCKVL7ZByqyfEKpTjA4PUykk1MsKu57FGsSP2zl9eE8ntR1Nf4poQK4b84wiowHY523nvTxhtMd433OW7tqkmI84uxun8lYVRSif1FFTJhZDLq5uNT6AqgWT0lVwH?key=O9N04WtkRPe1GmpYzvIEeA

এই সমষ্ট তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে বাংলাদেশত বিগত সময়চোৱাত একাংশ লোকে বিভিন্ন স্থানত যৌনকৰ্মীৰ ওপৰত অত্যাচাৰ কৰিছে। তেনেকুৱা এটা ভিডিঅ’কে বোৰ্খা নিপিন্ধা বাবে হিন্দু মহিলাক প্ৰহাৰ কৰা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভিডিঅ’টোত বাংলাদেশৰ শ্যামলীত এজন যুৱকে একাংশ যৌনকৰ্মীক প্ৰহাৰ কৰা দেখা গৈছে। বোৰ্খা নিপিন্ধা কাৰণে হিন্দু মহিলাক প্ৰহাৰ কৰা ঘটনা নহয় সেয়া। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বাংলাদেশত একাংশ যৌনকৰ্মীক ৰাজহুৱা স্থানত প্ৰহাৰ কৰা এটা ভিডিঅ’কে বোৰ্খা নিপিন্ধা কাৰণে হিন্দু মহিলাক আক্ৰমণ কৰা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *