পশ্চিমবংগত বিজেপিৰ জয়ৰ পাছতে কলকাতাত এইদৰে মছজিদৰ ভিতৰত বাদ্যযন্ত্ৰ বজোৱা হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

False Political

শেহতীয়াকৈ এজন মুছলমান লোকে প্ৰাৰ্থনা কৰি থকা অৱস্থাত তেওঁৰ পিছফালে কেইগৰাকীমান ব্যক্তিয়ে বাদ্যযন্ত্ৰ বজাই থকা এক ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে পশ্চিমবংগত বিজেপিৰ জয়ৰ পাছতে কলকাতাত এইদৰে মছজিদৰ ভিতৰত বাদ্যযন্ত্ৰ বজাই মুছলমান লোকক হাৰাশাস্তি কৰা হৈছে।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীৰ এটা ফেচবুক পোষ্ট পালোঁ য’ত এই ভিডিঅ’টো আপলোড কৰা হৈছিল। দাবী কৰা হৈছিল যে ভাৰতত মছজিদৰ ভিতৰত এইদৰে বাদ্যযন্ত্ৰ বজোৱা হৈছে।

Facebook Link 

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পশ্চিমবংগৰ নিৰ্বাচনৰ বহু আগৰেই।

এইবাৰ আমি “গশ্চি শ্বাহী দৰবাৰ শ্বৰীফ (Gochi Shahi Dorbar Sharif)” নামৰ এটা টিকটক একাউণ্টত ভাইৰেল ভিডিঅ’টোৰ এক স্পষ্ট সংস্কৰণ ২০২৫ চনৰ ১২ জুনত আপলোড হোৱা দেখিলোঁ। যিহেতু ভাৰতত টিকটক নিষিদ্ধ, আমি আমাৰ শ্ৰীলংকাৰ সতীৰ্থৰ সহযোগত এই একাউণ্টটো চালোঁ।

টিকটক ভিডিঅ’টোৰ কেপশ্বন অনুসৰি গশ্চি শ্বাহী দৰবাৰ শ্বৰীফৰ ভিতৰত এক বেণ্ড পাৰ্টীৰ প্ৰদৰ্শন দেখা গৈছে এই ভিডিঅ’টোত।

TikTok Link.

উল্লেখযোগ্য যে গশ্চি শ্বাহী দৰবাৰ শ্বৰীফ হৈছে বাংলাদেশৰ ৰাওজান অঞ্চলৰ এক দৰগাহ।

এইবাৰ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া গশ্চি শ্বাহী দৰবাৰ শ্বৰীফৰ ইউটিউব চেনেলটো পালোঁ। একেধৰণৰ পৰিসৰত বাদ্যযন্ত্ৰ বজাই থকা আন আন ভিডিঅ’ আমি এই ইউটিউব চেনেলটোত পালোঁ।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ভাৰতৰ নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। পশ্চিমবংগত বিজেপিৰ জয়ৰ পাছতে কলকাতাত এইদৰে মছজিদৰ ভিতৰত বাদ্যযন্ত্ৰ বজোৱা হোৱা নাই। এই ভিডিঅ’টো বাংলাদেশৰ এক দৰগাহৰ ভিতৰৰ পুৰণি ভিডিঅ’।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: পশ্চিমবংগত বিজেপিৰ জয়ৰ পাছতে কলকাতাত এইদৰে মছজিদৰ ভিতৰত বাদ্যযন্ত্ৰ বজোৱা হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Fact Check By: Fact Crescendo Team

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *