পুৰণি ভিডিঅ’ প্ৰচাৰ কৰি ঋষি কাপুৰৰ অন্তেষ্টিক্ৰিয়াৰ সময়ত সামাজিক দূৰত্বৰ নিয়ম মানি চলা নাছিল বুলি দাবী কৰা হৈছে!

False Social

সংৰক্ষিত লিংক

ক’ৰনা ভাইৰাছৰ আতংকৰ মাজতে ভাৰতে শেহতীয়াকৈ বলিউডৰ দুজনকৈ কিংবদন্তি অভিনেতা ২৪ ঘণ্টাৰ ভিতৰত হেৰুৱালে । ইৰফান খান আৰু ঋষি কাপুৰ নামৰ দেশৰ অভিনয় জগতৰ দুজনকৈ উজ্জ্বল নক্ষত্ৰ হেৰুৱাই দেশবাসী শোকত ম্ৰিয়মান হৈ পৰিছে । ঋষি কাপুৰে যোৱা ৩০ এপ্ৰিল, ২০২০ তাৰিখে, ৬৭ বছৰ বয়সত, কেঞ্চাৰ ব্যাধিৰ সৈতে দুবছৰতকৈ বেছি যুঁজি অৱশেষত হাৰ মানি ইহলীলা স্মৰণ কৰিলে । তেওঁৰ মৃত্যুৰ কেইঘণ্টামানৰ পাছততেই এক ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ।

ইউটিউবত প্ৰথমে আপলোড কৰা এই ভিডিঅ’টো ঋষি কাপুৰৰ অন্তেষ্টিক্ৰিয়াৰ ভিডিঅ’ বুলি ভাইৰেল হৈ পৰিছে । বলিউডৰ বিভিন্ন নামি দামী তাৰকাক উক্ত ভিডিঅ’টোত দেখা গৈছে কিন্ত ভিডিঅ’টোত উপস্থিত থকা লোকসকলক সামাজিক দূৰত্বৰ নিয়ম মানি চলা দেখা যোৱা নাই । উক্ত ভিডিঅ’টো হোৱাটচ এপ্পৰ জৰিয়তে অসমত ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে দাবী কৰিছে যে ঋষি কাপুৰৰ অন্তেষ্টিক্ৰিয়াত লক ডাউনৰ নিয়ম যেনে সামাজিক দূৰত্ব মানি চলা বা মাস্ক পৰিধান কৰা ইত্যাদি মানি চলা হোৱা নাছিল । 

যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ৩ মে’, ২০২০ তাৰিখে সমাপ্ত হবলগীয়া লক ডাউন আৰু দুসপ্তাহ বঢ়াই দিয়া হৈছে সেই সময়ত সামাজিক দূৰত্ব নামনি লক ডাউন উলংঘা কৰা বুলি যি অভিযোগ অনা হৈছে সেইয়া নিশ্চয়কৈ চিন্তনীয় । 

সঁচাকৈ প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ অন্তেষ্টিক্ৰিয়াৰ সময়ত লক ডাউনৰ নিয়ম যেনে সামাজিক দূৰত্ব মানি চলা বা মাস্ক পৰিধান কৰা ইত্যাদি উলংঘা কৰা হৈছিল নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি ভাইৰেল ভিডিঅ’টো ভালদৰে লক্ষ্য কৰিলোঁ আৰু আমি ঋষি কাপুৰক ১:১০ মিনিটত খোজ কাঢ়ি ঘূৰি ফুৰা দেখিলোঁ গতিকে নিঃসন্দেহে সেইটো ঋষি কাপুৰৰ অন্তেষ্টিক্ৰিয়াৰ ভিডিঅ’ নহয় । 

WhatsApp Image 2020-05-02 at 13.06.19.jpeg

ইউটিউব লিংকসংৰক্ষিত লিংক

আমি কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি ইউটিউবত চাৰ্ছ কৰিলোঁ আৰু জানিব পাৰিলোঁ যে উক্ত ভিডিঅ’টো আচলতে শশী কাপুৰৰ (ঋষি কাপুৰৰ খুৰাক) অন্তেষ্টিক্ৰিয়াৰ হয় । উল্লেখযোগ্য যে তেওঁক সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে অন্তিম বিদায় দিয়া হৈছিল । উক্ত ভিডিঅ’টো ২০১৭ চনত ৫ ডিচেম্বৰ তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল । 

Funeral 3.png

ইউটিউব লিংকসংৰক্ষিত লিংক

আমি এই সম্পৰ্কে গুগল চাৰ্ছ কৰাত ইণ্ডিয়া টুডেইৰ ৱেবচাইটত এক বাতৰি দেখা পালোঁ য’ত শশী কাপুৰৰ অন্তেষ্টিক্ৰিয়া আৰু ৰাজ্যিক মৰ্যাদাৰে অন্তিম বিদায় দিয়া সম্পৰ্কে বিতংকৈ লিখা আছে । এই সম্পৰ্কে পঢ়ক ইয়াত । 

Funeral 4.png

ফলাফল

উক্ত ভাইৰেল ভিডিঅ’টো ঋষি কাপুৰৰ অন্তেষ্টিক্ৰিয়াৰ নহয় বৰঞ্চ এইটো ২০১৭ চনত তেওঁৰ খুৰাক শশী কাপুৰৰ মৃত্যুৰ পাছৰ ভিডিঅ’ হয় । এই ভিডিঅ’টো প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ অন্তেষ্টিক্ৰিয়াৰ হয় বুলি প্ৰচাৰ কৰা হৈছিল আৰু সেইবাবে সাধাৰণ মানুহে ঋষি কাপুৰৰ অন্তেষ্টিক্ৰিয়াৰ সময়ত লক ডাউনৰ নিয়ম যেনে সামাজিক দূৰত্ব মানি চলা বা মাস্ক পৰিধান কৰা, ইত্যাদি কিয় কৰা হোৱা নাছিল বুলি প্ৰশ্ন তুলিছিল ।

Avatar

Title:পুৰণি ভিডিঅ’ প্ৰচাৰ কৰি ঋষি কাপুৰৰ অন্তেষ্টিক্ৰিয়াৰ সময়ত সামাজিক দূৰত্বৰ নিয়ম মানি চলা নাছিল বুলি দাবী কৰা হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *