
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা পোষ্ট কৰা হৈছে। পোষ্টটোত এটা ভিডিঅ’ আপলোড কৰা হৈছে। অসমৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দল নামৰ ৰাজনৈতিক দলটোৰ শীৰ্ষ নেতা অখিল গগৈয়ে অসমৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈক অপদাৰ্থ বুলি কোৱা দেখা গৈছে। পোষ্টটোত লিখা হৈছে এইদৰে- ‘গৌৰৱ গগৈ এজন অপদাৰ্থ মানুহ’ ।সাংসদ গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতে অখিল গগৈৰ বিস্ফোৰণ । অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈ আৰু তেখেতৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ বিৰুদ্ধে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ তুলি এখন ৮৫ মিনিট দৈৰ্ঘ্যৰ সংবাদমেল দিছিল। তাৰ পাছতেই সাংসদ গৌৰৱ গগৈয়েও প্ৰত্যুত্তৰ দি ৰাজীৱ ভৱনৰ পৰা এখন সংবাদ মেল দিছিল। এই পোষ্টটোৰে দাবী কৰা হৈছে যে গৌৰৱ গগৈৰ সংবাদ মেলৰ পাছত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছিল। পোষ্টটো ৯ ফেব্ৰুৱাৰী ২০২৬ত কৰা হৈছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি প্ৰাংসগিক কী-ৱৰ্ড কিছুমান লৈ গুগল ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০১৪ চনৰ ১ এপ্ৰিলত অসমৰ প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠান দ্য চেণ্টিনেলৰ ইউটিউৱ চেনেলত এটা ভিডিঅ’ পালোঁ। ৰোমান লিপিত গৌৰৱ গগৈ অপদাৰ্থ (Gaurav Gogoi Opadartho) বুলি কেপছন লিখি আপলোড কৰা সেই ভিডিঅ’ বাতৰিটোতেই আমি সত্যতা নিৰূপণ কৰি থকা কথাখিনি শুনিলোঁ। অখিল গগৈয়ে সেই দিনা এখন সংবাদমেল আয়োজন কৰি বিভিন্ন মন্তব্য কৰিছিল। তাতেই তেওঁ এই কথাখিনি কৈছিল।

আনকি একেখন সংবাদমেলতেই অখিল গগৈয়ে অসমৰ তদানীনন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। সেই বাতৰি ইয়াত চাব পাৰিব।
উল্লেখযোগ্য যে তদানীন্তন কৃষক নেতা অখিল গগৈয়ে যোৰহাট কাৰাগাৰৰ পৰা মুকলি হৈ আহি সেইদিনা অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে তেওঁৰ পুত্ৰ গৌৰৱ গগৈ তথা আন চাৰিগৰাকী কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সেই সংবাদমেলখন আয়োজন কৰিছিল। সেই সংবাদমেলৰ বাতৰিও আমি লাভ কৰিলোঁ।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিল যে সেই দাবী বিভ্ৰান্তিকৰ। অখিল গগৈয়ে ২০১৪ চনৰ এপ্ৰিলতে সংবাদ মাধ্যমৰ আগত কৰা এটা মন্তব্যক অতি শেহতীয়া মন্তব্য বুলি প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো বিভ্ৰান্তিকৰ। অখিল গগৈয়ে ২০১৪ চনৰ এপ্ৰিলতে সংবাদ মাধ্যমৰ আগত কৰা এটা মন্তব্যক অতি শেহতীয়া মন্তব্য বুলি প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:অখিল গগৈৰ ১৩ বছৰ পুৰণি মন্তব্যকে বিভ্ৰান্তিকৰভাৱে শেহতীয়া বুলি প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: Misleading


