২০২৩ৰ চেন্নাই বিমানবন্দৰৰ দৃশ্য ১৯ আগষ্ট ২০২৫ৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বুলি মিছাকৈ প্ৰচাৰ। 

False Social

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা বান পৰিস্থিতিৰ দৃশ্য। সেই ভিডিঅ’টো ১৯ আগষ্ট ২০২৫ত আপলোড কৰা হৈছে আৰু সেয়া সিদিনাৰ দৃশ্য বুলি দাবী কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfKtDTbuAbknjO9uTuR-THiR-jtaCD5WPxVEbH5e1wIN_RW8HVSdRUYU4Gx-qceiK-fkxrqQBdnRaaddezMbwUMkC9VYIhorR8yfkUbG0mNELsn1fgeR39PwEYBZ1ZPzfiU7wwzlA?key=UkbgQrCh0pXAyzAN7TTAcw

Facebook Link Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ বাবে আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বিভিন্ন সামাজিক মাধ্যমত কেইটাবাও পুৰণি পোষ্টৰ লিংক পালোঁ।  সেই পোষ্টসমুহত এই ভিডিঅ’টো আছিল। তদুপৰি আমি Gujarati Midday নামৰ এটা এক্স হেণ্ডেলত টুইট এটা পালোঁ। তাত দুখন ফটো আপলোড কৰি লিখা হৈছে যে মুম্বাই বিমানবন্দৰ বুলি প্ৰচাৰ কৰা মিছা ফটোৰ পৰা সাৱধান। মুম্বাই বিমান বন্দৰত সুকলমে কামকাজ চলি আছে। সেই টুইটটো ২০ আগষ্ট ২০২৫ অৰ্থাত এই প্ৰতিবেদন লিখি থকাৰ দিনাই কৰা হৈছে। সেই ফটো দুখন হৈছে আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোৰ দুখন স্ক্ৰীণশ্বট।
   

২০২৩ চনৰ ৪ ডিচেম্বৰ তাৰিখে aero.maniia নামৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোত এই ভিডিঅ’টো আপলোড কৰি মিজাউং নামৰ ঘুৰ্ণীবতাহৰ প্ৰকোপত হোৱা তীব্ৰ বৰষুণৰ বাবে তামিলনাডুৰ চেন্নাই বিমান বন্দৰৰ সকলো বিমান উৰণ বাতিল কৰা হৈছে বুলি উল্লেখ কৰা হৈছিল। টুইটটোত এই সম্পৰ্কে বিস্তাৰিত তথ্য দিয়া হৈছিল। 

তদুপৰি Vaibhavi Limaye নামৰ এটা ভেৰিফাইড এক্স হেণ্ডেলতো ২০২৩ৰ ৪ ডিমেম্বৰত এই ভিডিঅ’টো আপলোড কৰি টুইট কৰিছে আৰু সেয়া ঘুৰ্ণীবতাহৰ বাবে কৰ্মবিঘ্নিত চেন্নাই বিমানবন্দৰ বুলি উল্লেখ কৰা হৈছে। 

একেটা তাৰিখ ৪ ডিচেম্বৰ ২০২৩চ টাইমছ নাউৰ(TIMES NOW) এক্স হেণ্ডেলতো সেই ভিডিঅ’টো চেন্নাই বিমান বন্দৰৰ বুলি প্ৰকাশ কৰা হৈছে। 

২০২৩ৰ ৪ ডিচেম্বৰত THE HINDUতো চেন্নাইত অহা মিজাউং ঘুৰ্ণীবতাহৰ সবিশেষ বাতৰি আমি লাভ কৰিলোঁ। 

একেটা দিনতে Reuters ৰ বাতৰিতো মিজাউং নামৰ ঘুৰ্ণীবতাহ ওচৰ চাপি অহাৰ বাবে হোৱা প্ৰৱল বৃষ্টিপাতত চেন্নাই বিমানবন্দৰ প্লাবিত হোৱাৰ বাতৰি আমি লাভ কৰিলোঁ। 

এইসমূহ তথ্য প্ৰমাণে আমাক নিশ্চিতি দিলে যে যিটো ভিডিঅ’ ১৯ আগষ্ট ২০২৫ৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বান পৰিস্থিতিৰ বুলি দাবী কৰা হৈছে, সেইটো আচলতে ২০২৩ত অহা মিজাউং ঘুৰ্ণীবতাহৰ প্ৰকোপত হোৱা প্ৰৱল বৃষ্টিপাতত প্লাবিত হোৱা চেন্নাই বিমানবন্দৰৰ দৃশ্যহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা।  যিটো ভিডিঅ’ ১৯ আগষ্ট ২০২৫ৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বান পৰিস্থিতিৰ বুলি দাবী কৰা হৈছে, সেইটো আচলতে ২০২৩ত অহা মিজাউং ঘুৰ্ণীবতাহৰ প্ৰকোপত হোৱা প্ৰৱল বৃষ্টিপাতত প্লাবিত হোৱা চেন্নাই বিমানবন্দৰৰ দৃশ্যহে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৩ৰ চেন্নাই বিমানবন্দৰৰ দৃশ্য ১৯ আগষ্ট ২০২৫ৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *