পাতনি
অসম তথা উত্তৰ পূৰ্বাঞ্চল বুলি ক’লে সাধাৰণতে আমাৰ দেশৰ উত্তৰ অংশতকৈ তুলনামূলকভাৱে কম তাপমাত্ৰাৰ এক বিস্তৃত অঞ্চল বুলি প্ৰসিদ্ধ। কিন্তু শেহতীয়াকৈ সেই প্ৰসিদ্ধি যেন ক্ৰমাগতভাৱে মোলান পৰিবলৈ ধৰিছে। বৰ্তমান অসমত অসহনীয় গৰমে জনজীৱন অস্থিৰ কৰি তুলিছে। বিগত কেইবাদিনো ধৰি ৰাজ্যখনত দিনৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ৩ৰ পৰা৫°চেণ্টিগ্ৰেড বেছি হৈ আছে। কোনো কোনো অঞ্চলত ৩৪ৰ পৰা ৩৬° চেণ্টিগ্ৰেডলৈকে তাপমান উঠিছে। এই অস্বাভাৱিক গৰমে অসমবাসী তথা ৰাজধানী মহানগৰ গুৱাহাটীৰো স্বাভাৱিক জীৱনযাত্ৰাত বাৰুকৈয়ে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সময়ে সময়ে বৰষুণৰ খবৰ আহি আছে যদিও সেয়া দেখা যোৱা নাই আৰু তাপমাত্ৰাও বিশেষকৈ দিনৰ ভাগত অত্যাধিক বৃদ্ধি হোৱা দেখা গৈছ।
ইয়াৰ প্ৰধান কাৰণসমূহ কি
১. জলবায়ু পৰিৱৰ্তন (Climate Change)
ইয়াৰ প্ৰধান কাৰণ বুলিলে প্ৰথমতেই জলবায়ু পৰিৱৰ্তনৰ কথাটো আহিব। জলবায়ু পৰিৱৰ্তনৰ বাবেই গোটেই বিশ্বৰে তাপমাত্ৰা বৃদ্ধি পাইছে। অসমতো ইয়াৰ প্ৰভাৱ স্পষ্টভাৱেই পৰা দেখা গৈছে। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড, মিথেন আদি গ্ৰিনহাউছ গেছৰ পৰিমাণ বাঢ়ি গৈ থাকোঁতে সূৰ্যৰ তাপ বায়ুমণ্ডলত সোমাই আহি পৃথিৱীক অধিক উতপ্ত কৰি তুলিছে।
২. বৰষুণৰ অভাৱ আৰু বতৰৰ পৰিৱৰ্তন
দ্বিতীয়তে ক’ব লাগিব যে পৰ্যাপ্ত পৰিমানৰ বৰষুণৰ অভাৱেও অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে। এইবাৰৰ গ্ৰীষ্মকালত অসমত স্বাভাৱিক বৰ্ষণ হোৱা নাই। বৰষুণ নোহোৱাৰ ফলত মাটি আৰু বায়ু শুকান হৈ গৰম বেছি অনুভৱ হৈছে। ইয়াৰোপৰি, এল নিনো (El Niño) নামৰ সমুদ্ৰীয় পৰিঘটনাই ভাৰতৰ বতৰত গৰম আৰু শুকান প্ৰভাৱ পেলাইছে। সততে যিসমূহ প্ৰান্তত অধিক বৰষুণ হোৱাৰ নজিৰ আছিল, সেই ঠাইসমূহতো বৰ্তমান সময়ত বৰষুণৰ পৰিমান কমি যোৱা দেখা গৈছে। একালত সৰ্বাধিক বৰষুণ হোৱা বুলি অভিলেখ থকা উত্তৰ পূৰ্বাঞ্চলৰ মৌচিনৰামতো সাম্প্ৰতিক সময়ত বৰষুণৰ প্ৰভাৱ কমা দেখা গৈছে। সামগ্ৰিকভাৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল, অসম তথা গুৱাহাটীত এই অভাৱে গৰমৰ মাত্ৰা বৃদ্ধিত প্ৰভাৱ পেলোৱা দেখা গৈছে।
৩. নগৰীয়া তাপদ্বীপ প্ৰভাৱ (Urban Heat Island Effect)
নগৰীয়া তাপদ্বীপ (Urban Heat Island)হৈছে এনেকুৱা এক অৱস্থা, যিটো এটা অঞ্চলত ক্ৰমবৰ্ধমান কংক্ৰিট স্থাপত্যৰ প্ৰকোপত সৃষ্টি হয়। সময় যোৱাৰ লগে লগে অসমৰ বিভিন্ন নগৰ চহৰত কংক্ৰিটৰ বিভিন্ন নিৰ্মাণকাৰ্য অভাবনীয় হাৰত বৃদ্ধি হৈছে। আনকি মূলতঃ গাঁওপ্ৰধান ৰাজ্য আমাৰ অসমখনতো চহৰৰ সমান্তৰালকৈ গাঁওবোৰতো এতিয়া বৰ বৰ অট্টালিকা নিৰ্মাণ হৈছে। তাৰ ফলশ্ৰুতিত গছ-গছনি ধ্বংস কৰি নিৰ্মাণকাৰ্য সম্পন্ন কৰাৰ প্ৰৱনতাও বাঢ়িছে। গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আদি নগৰসমূহত কংক্ৰিটৰ স্থাপত্য, যান-বাহনৰ প্ৰদূষণ, গছ-গছনি কমি যোৱাৰ বাবে তাপমাত্ৰা চহৰাঞ্চলৰ লগতে গাঁৱতো বেছি হৈছে।
৪. প্ৰদুষিত অঞ্চলৰ প্ৰভাৱ
The World Air Quality Report 2024ৰ মতে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়স্থিত তথা গুৱাহাটী মহানগৰীৰ সমীপতে থকা বৰ্ণিহাট হৈছে বিশ্বৰ ভিতৰতেই সৰ্বাধিক প্ৰদুষিত চহৰ। এই চহৰত থকা উদ্যোগসমূহে ব্যাপক হাৰত বায়ু প্ৰদূষণ কৰি সমগ্ৰ অঞ্চলটোৰ লগতে দাঁতি কাষৰীয়া অঞ্চলসমূহো প্ৰভাৱিত কৰি তুলিছে। ইতিমধ্যেই চৰকাৰে ইয়াৰে কেইবাটাও উদ্যোগ নীতি বহিৰ্ভূতভাৱে পৰিচালনা কৰাৰ দোষত বন্ধ কৰি দিছে আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশো দিছে। বৰ্ণিহাটৰ এই প্ৰদূষণে গুৱাহাটী মহানগৰীৰ লগতে মধ্য অসমৰ বিভিন্ন জিলাক পোনপটীয়াকৈ স্পৰ্শ কৰাৰ ফলত এই অঞ্চসমূহৰ পাৰিপাশ্বিক স্থিতিত পৰিৱৰ্তন আহিছে। ফলত তাপমান অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে।
৫.গুৱাহাটীৰ গছ কটাৰ প্ৰভাৱ
বৰ্তমান সময়ত ৰাজধানী মহানগৰ গুৱাহাটীৰ পৰিবেশ যথেষ্ট প্ৰদূষিত তথা অতিমাত্ৰা গৰমে দহিছে ইয়াৰ বাসিন্দাসকলক। ইয়াৰ এক অন্যতম কাৰণ হিচাপে সকলোৱেই চৌপাশৰ গছ-গছনিসমূব কাটি পোলোৱা কাৰ্যটোকেই দুষিছে। বিগত দুটা দশকত গুৱাহাটীত অবাধে গছ-গছনি কাটি পেলোৱা দেখা গৈছে। অতি শেহতীয়াকৈ বিভিন্ন উৰণ সেতু নিৰ্মাণৰ বাবেও বিভিন্ন গছ প্ৰধান ঠাইৰ পৰা আনকি হাজাৰ বছৰ পুৰণি গছো কাটি পেলাইছে। তাকে লৈ গুৱাহাটীত প্ৰতিক্ৰিয়া তথা প্ৰতিবাদো হৈছে। এইদৰে একালৰ শীতল অঞ্চলসমূহ এতিয়া বকৰা হৈ পৰিছে আৰু ইও গৰমৰ প্ৰকোপ বৃদ্ধি কৰিছে।
গৰমৰ প্ৰভাৱত হোৱা ক্ষতিঃ
১. মানুহৰ স্বাস্থ্যত প্ৰভাৱ: অস্বাভাৱিক হাৰত বৃদ্ধি হোৱা ডিহাইড্ৰেচন, হিটষ্ট্ৰোক আদিৰ আশংকা বঢ়াইছে। ডিহাইড্ৰেচনৰ ফলত আনকি স্কুলীয়া ছাত্ৰ-ছাত্ৰীও বাৰুকৈয়ে প্ৰভাৱান্বিত হোৱা খবৰ পোৱা গৈছে। তাৰ পৰা মুক্তি পাবলৈ বিদ্যালয়সমূহৰ সময় ৰাতিপুৱাৰ ভাগলৈ আগুৱাই দিয়া হৈছে যদিও দুপৰীয়াৰ ভাগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ বহুতেই মূৰ্ছা যোৱা, অসুস্থ হৈ পৰা আদি খবৰ পোৱা গৈছে।
২.কৃষিৰ ক্ষতি: অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মাত্ৰাধিক গৰমৰ বাবে শুস্কতাৰ বাবে শস্য নষ্ট হোৱা তথ্য লাভ কৰা হৈছে। পানীৰ পৰ্যাপ্ত মাত্ৰা অবিহনে কৃষিৰ উন্নতি অসম্ভৱ। কিন্তু বৰ্ষণৰ অভাৱে খেতিপথাৰ শুকুৱাই পেলোৱা খবৰো লাভ কৰা হৈছে।
৩.পানীৰ সংকট: এই গৰমৰ ফলত বিভিন্ন স্থানৰ নদী-পুখুৰী আদি শুকাই যোৱাৰ কাৰণে দৈনন্দিন জীৱনত প্ৰয়োজনীয় পানীৰ অভাৱ হৈছে। অসমত এতিয়াও এনেকুৱা বিভিন্ন অঞ্চল আছে, য’ত দৈনন্দিন জীৱনত প্ৰয়োজনীয় পানীৰ প্ৰধান উত্স হৈছে নৈ বা পুখুৰী। তেনেকুৱা অঞ্চলবোৰত ই বিৰূপ প্ৰভাৱ পেলাইছে।
কৰণীয়ঃ
১.বিশেষজ্ঞসকলে এইক্ষেত্ৰত পৰাপক্ষত দিনৰ ভাগত ঘৰৰ ভিতৰত থাকিবলৈ চেষ্টা কৰিব লাগে বুলি পৰামৰ্শ প্ৰদান কৰে।
২. তদুপৰি যথেষ্ট পৰিমানে পানী আৰু অন্য তৰল পদাৰ্থ খাব লাগে বুলি ডাক্তৰ তথা অন্য বিশেষজ্ঞই পৰামৰ্শ দিয়ে।
৩. একোটা অঞ্চল যিমানেই সেউজীয়া হৈ থাকিব, সিমানেই প্ৰাকৃতিক ভাৰষাম্য ৰক্ষা হ’ব আৰু সঠিক পৰিমানৰ বৰষুণৰ লগতে শীত তথা গ্ৰীষ্মৰ সঠিক প্ৰভাৱ পৰিব। কিন্তু শেহতীয়াকৈ হোৱা বন ধ্বংসই সেই পৰিবেশ বিনস্ত কৰিছে। গতিকে নিজৰ নিজৰ পৰিষৰত লোকসকলে গছ ৰোপণ কৰি পৰিৱেশ ঠাণ্ডা কৰি ৰাখিব লাগে।
উপসংহাৰ
অসমৰ এই অসহ্য গৰম কেৱল এটা সাধাৰণ পৰিঘটনা নহয়, ই জলবায়ু সংকটৰ এক চিনাক্তকৃত সংকেত। এইক্ষেত্ৰত সমগ্ৰ অসমবাসীৰে কৰণীয় বহুত আছে। বিশেষকৈ এইখন অসমতেই কেৱল এজন মানুহেই এখন অৰণ্য সৃষ্টি কৰি বিশ্ববাসীক চমকিত কৰি তোলাৰ নজিৰ আছে। সেই মোলাই কাঠনিৰ জন্মদাতা যাদৱ পায়েঙে সদায় এটা কথাকেই কৈ আহিছে যে অসমৰ মাটি ইমানেই সাৰুৱা যে ইয়াত অনায়াসে গছৰ জন্ম হয় আৰু সুন্দৰকৈ ডাঙৰ হয়। কেৱল ইয়াত গছ কটাটো বন্ধ কৰিব লাগে। গতিকে যদিহে অসমখন আকৌ আগৰ দৰে অনুকুল এক বাসোপযোগী ৰাজ্য কৰি তুলিব লাগে তেনেহ’লে বনাঞ্চল তথা চহৰাঞ্চলৰ পৰা গছ গছনিবোৰ ধ্বংস হ’বলৈ দিব নালাগিব। বনানীকৰণে অসমখনক ৰক্ষা কৰিব। ৰাইজ তথা চৰকাৰখন সচেতন হ’লে হে ভৱিষ্যতে ৰক্ষা পৰিব।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
