
অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন অতি শেহতীয়া। পোষ্টটোত উল্লেখ কৰা অনুসৰি দাবী কৰা সেই ঘটনাটো ২০২৪ৰ ডিচেম্বৰ মাহৰ ৩০ আৰু ৩১ তাৰিখ অথবা ২০২৫ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখৰ আৰু সেই ফটোখনো সেই সময়ৰে। কাৰণ পোষ্টটোত শেষৰ বাক্যত দেওবাৰ এটাৰ কথা উল্লেখ কৰা হৈছে। সেই মৰ্মে সেয়া ২৯ ডিচেম্বৰৰ কথা কোৱা হৈছে বুলিব পাৰি। পোষ্টটোত লিখিছে- গাজা শৰণাৰ্থী শিবিৰত ইজৰাইলৰ ব্যাপক বোমাবৰ্ষণ, ২৭ জন নিহত! গাজাত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে, শেহতীয়াকৈ ইজৰাইলৰ আক্ৰমণত ২৭ জন পেলেষ্টাইনী নিহত হোৱাৰ বিপৰীতে ১৫০ জনতকৈ অধিক লোক আহত হৈছে।ইয়াৰ পূৰ্বে দেওবাৰে পুনৰ হামাছৰ নামত থকা এখন চিকিৎসালয়ক লক্ষ্য কৰি লোৱা হৈছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰথমে সেই ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া সেই ফটোখন সংলগ্ন কৰা শেহতীয়া কেইটামান বাতৰিৰ লিংক আমি লাভ কৰিলোঁ। মিডল ইষ্ট আই নামৰ সংবাদ প্ৰতিস্থানৰ এটা বাতৰিত সেই ফটোখন ব্যৱহাৰ কৰা হৈছে। ফটোখনৰ কেপছনত লিখা হৈছে যে Palestinians in northern Gaza run for cover after an Israeli strike hit a school on 30 May 2024 (AFP/Omar al-Qattaa) (২০২৪ চনৰ ৩০ মে’ত ইজৰাইলে এখন বিদ্যালয়ত আক্ৰমণ চলোৱাৰ পাছত উত্তৰ গাজাৰ পেলেষ্টাইনীসকলে আশ্ৰয় বিচাৰি দৌৰিছে)। তাত ফটোখন এএফপিৰ আৰু ফটোগ্ৰাফাৰ ওমৰ আল-কাট্টা(Omar al-Qattaa) বুলি উল্লেখ কৰা হৈছে। তাৰ পৰা আমি নিশ্চিত হৈছোঁ যে ফটোখন অতি শেহতীয়া নহয় আৰু ফটোখন ওমৰ আল- কাট্টা নামৰ ফটোগ্ৰাফাৰ এগৰাকীয়ে সংগ্ৰহ কৰিছিল।
আমি আন এক বাতৰি লাভ কৰিলোঁ। তাতো ঘটনাটো সন্দৰ্ভত একে কথায়ে লিখি ফটোখনৰ কেপছন দিছিল। লিখিছিল- Palestinians who returned briefly to the Jabalia refugee camp in the northern Gaza Strip to check on their homes run for cover after a school was hit by an Israeli strike on 30 May 2024 (AFP) (২০২৪ চনৰ ৩০ মে’ত ইজৰাইলী আক্ৰমণৰ ফলত এখন বিদ্যালয় ধ্বংস হোৱাৰ পাছত নিজৰ ঘৰখনৰ খবৰ লোৱাৰ বাবে উত্তৰ গাজা ষ্ট্ৰিপৰ জাবালিয়া শৰণাৰ্থী শিবিৰলৈ কিছু সময়ৰ বাবে উভতি অহা পেলেষ্টাইনীসকলে পৰিত্ৰাণৰ বাবে দৌৰিছিল)
চৌদি গেজেটৰ এক বাতৰিতো একেধৰণৰ কেপছনৰ সহিতে সেই ফটোখন ব্যৱহাৰ কৰা হৈছে। তাতো উল্লেখ কৰা হৈছে যে সেইখন ২০২৪ৰ ৩০ মে’ৰ ফটো।
এইবাৰ আমি সেই ফটোগ্ৰাফাৰ গৰাকীৰ সম্ভেদ উলিয়ালোঁ। ওমৰ আল-কাট্টাৰ ইনষ্টাগ্ৰাম আইডিটো আমি পালোঁ। তাত তেওঁ সেই ফটোখন যোৱা ২৫ ডিচেম্বৰ ২০২৪ত আপলোড কৰি উল্লেখ কৰিছিল যে তেওঁৰ সেই ফটোখন লা ফিগাৰো নামৰ বিখ্যাত ফৰাচী আলোচনীখনৰ দ্বাৰা নিৰ্বাচিত ২০২৪ৰ শীৰ্ষ দহখন ফটোৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।
ওমৰ আল-কাট্টাৰ ইনষ্টাগ্ৰামতে আমি ২০২৪ চনৰ ৩০ মে’ অৰ্থাত সেই ঘটনাটো ঘটাৰ দিনাই আপলোড কৰা সেই ভিডিঅ’টো পালোঁ। যি স্থানত সেই ফটোখন সংগ্ৰহ কৰা হৈছিল, সেই স্থানৰ পৰায়ে সেই পূৰ্ণ ভিডিঅ’টো লোৱা হৈছিল। ঘটনাৰ স্থান ভিডিঅ’টোত স্পষ্টৰূপত চাব পাৰি। ভিডিঅ’টো আপলোড কৰি আৰবী ভাষাত লিখা হৈছিল- الجيش الإسرائيلي يُطلق قذيفة على المواطنين في مدرسة جباليا شمال قطاع غزة، خلال عودتهم لتفقد أماكن نزوحهم داخل المدرسة بعد تراجع الجيش من المنطقة. ( উত্তৰ গাজা ষ্ট্ৰিপৰ জাবালিয়া স্কুলত নাগৰিকসকলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। সেনাই সেই অঞ্চলৰ পৰা পিছুৱাই যোৱাৰ পাছত বিদ্যালয়খনৰ ভিতৰত নিজৰ স্থানচ্যুত ঘৰখন পৰিদৰ্শন কৰিবলৈ তেওঁলোক উভতি আহিছিল।)
এই তথ্য প্ৰমাণসমুহৰ পৰা আমি নিশ্চিত হৈছোঁ যে অতি শেহতীয়া বুলি দাবী কৰা ফটোখন যোৱা ২০২৪ চনৰ মে’ মাহৰ ৩০ তাৰিখে উত্তৰ গাজাত সংঘটিত এটা আক্ৰমণৰ ঘটনাৰ পাছৰহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ফটোখন শেহতীয়া নহয়। ফটোখন যোৱা ২০২৪ চনৰ মে’ মাহৰ ৩০ তাৰিখে উত্তৰ গাজাত সংঘটিত এটা আক্ৰমণৰ ঘটনাৰ পাছৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৪চনৰ ৩০ মে’ৰ ফটো গাজাৰ ওপৰত ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: Misleading
