নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়া ভিডিঅ'টো ভূটানৰ নহয়
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এটা ভিডিঅ' লিংক ফ'ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ'টোত দেখুওৱা হৈছিল যে কোনো নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়া হৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ'টো ভূটানৰ নদীবান্ধৰ। Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ। অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে এই ভিডিঅ'টো ভূটানৰ নদীবান্ধৰ নহয়।
সত্যতা নিৰূপণ পদ্ধতি
ভিডিঅ'টোত দুটা নদীবান্ধৰ দৃশ্য সংযোজন কৰা হৈছিল। ভিডিঅ'টোৰ ০.২৫ ছেকেণ্ডত যিটো নদীবান্ধ দেখুওৱা হৈছে, সেয়া অসমৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পহে, ভূটানৰ নদীবান্ধ নহয়। এই বিষয়ে আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই ইতিমধ্যে এটা 'ফেক্ট চেক' আমাৰ ৱেবছাইটত প্ৰকাশ কৰিছিলোঁ।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
তাৰ পাছত আমি ভিডিঅ'টোত থকা প্ৰথম নদীবান্ধটোৰ বিষয়ে নিশ্চিত হ'বলৈ ইনভিড-উই ভেৰিফাই এপ্প ব্যৱহাৰ কৰি ভিডিঅ'টো কীফ্ৰেমত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিবলৈ কীফ্ৰেম ব্যৱহাৰ কৰিলোঁ। তেতিয়া আমি কিছু তথ্য পালোঁ।
প্ৰথমে আমি "Just Banswara :- A historical city of Rajasthan" নামৰ এটা ফেচবুক পেজ দেখিলোঁ। তাত "মাহি ডেম" (Mahi Dam) বুলি উল্লেখ কৰি আপলোড কৰা ফটোৰ কেইবাটাও পোষ্ট পালোঁ। সেই ফটো সমূহ আছিল ভূটানৰ নদীবান্ধৰ বুলি ভাইৰেল হোৱা ভিডিঅ'টোত দেখুওৱা নদীবান্ধটোৰ স'তে সাইলাখ একেই।
গতিকে এইবাৰ আমি "মাহি ডেম" (Mahi Dam) সম্পৰ্কে কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি "ট্যুৰিজিম ৰাজস্থান" (Tourism Rajasthan) নামৰ এটা ৱেবছাইটত প্ৰকাশ কৰা এটা প্ৰবন্ধ পালোঁ।
তাত "মাহি ডেম"ৰ বিষয়ে সবিশেষ লিখা আছিল আৰু প্ৰবন্ধটোত সংলগ্ন ফটোখনো আছিল ভাইৰেল ভিডিঅ'টোত থকা নদীবান্ধটোৰ স'তে একেই।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
ইয়াৰ ওপৰিও আমি ৰাজস্থান পৰ্যটনৰ অ'ফিচিয়েল ৱেবছাইটতো "মাহি ডেম" সম্পৰ্কে তথ্য পালোঁ। অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
মাহি ডেম সম্পৰ্কে আৰু তথ্য জানিবলৈ অনুগ্ৰহ কৰি ইয়াত পঢ়ক ।
আমি মাহি ডেম সম্পৰ্কে ইউটিউবত চাৰ্চ কৰি "Rohan Menaria-lifestyle" নামৰ এটা ইউটিউব চেনেলে আপলোড কৰা এটা ভিডিঅ' দেখিলোঁ। ভিডিঅ'টোৰ ৫.৩৪ মিনিটৰ পৰা ৭.১০ মিনিটলৈকে "মাহি ডেম" দেখুওৱা হৈছে আৰু সেয়া ভালদৰে লক্ষ্য কৰিলে বুজিব পৰা যায় যে ভাইৰেল ভিডিঅ'টোৰ নদীবান্ধটোৰ স'তে একেই।
এইবাৰ ইউটিউবত আমি "TechTravelFunFood" নামৰ এটা ২০১৮ চনৰ ১২ আগষ্টত আপলোড কৰা এটা ভিডিঅ' দেখিলোঁ যিটো আছিল ভাইৰেল ভিডিঅ'টোৰ স'তে একেই।
“মাহি ডেম” বুলি "Food Fun And Travel with Faiz" নামৰ এটা ইউটিউব চেনেলেও ২০১৬ চনৰ ১৮ আগষ্টত এটা ভিডিঅ'টো আপলোড কৰা দেখা গ'ল।
গতিকে আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভিডিঅ'টো ভূটানৰ নদীবান্ধৰ নহয় বৰং ৰাজস্থানৰ "মাহি ডেম"ৰ হয় আৰু লগতে পুৰণিও।
ফলাফল
মিছা। ভিডিঅ'টো ভূটানৰ নদীবান্ধৰ নহয় বৰং ৰাজস্থানৰ "মাহি ডেম"ৰ হয় আৰু লগতে পুৰণিও হয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়া ভিডিঅ'টো ভূটানৰ নহয়
Fact Check By: Debanjana BaishyaResult: False