এজন লোকে ৰাজপথৰ মাজত নামাজ পঢ়িবলৈ আৰম্ভ কৰোতে তেওঁ প্ৰাৰ্থনাত ব্যাঘাত নোহোৱাকৈ পথটোৰ যাতায়াতক বাধা দি এজাক সিংহই তেওঁক নিৰাপত্তা প্ৰদান কৰা বুলি এখন ফটো শেহতীয়াকৈ অসমৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

শ্বেয়াৰ হৈ থকা ফটোখনত কেপচন দিয়া হৈছে "ভাৰতৰ গুজৰাটত"। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে ইয়াৰ সত্যতা নিৰূপনৰ বাবে প্ৰেৰণ কৰিছে।

Lion gujarat whatsapp.png

Archived Link

কিন্তু আমি যেতিয়া ইয়াৰ বিচাৰ খোচাৰ কৰি চাইছিলো, আমি পালো যে ফটোখন সচা নহয়, সালসলনি কৰা হে। এজাক সিংহই আফ্ৰিকাৰ ৰাজপথত ট্ৰাফিক বাধাগ্ৰস্থ কৰা এখন ফটোত নামাজ পঢ়ি থকা লোকজনৰ ফটো এখন লগাই দি এই ফটোখন সাজু কৰা হৈছে। আহক, আমিনো কিদৰে ইয়াৰ তদন্ত কৰিছিলো, চাওঁ।

সত্যতা নিৰূপন পদ্ধতি

আমি প্ৰথমতে ফটোখনত থকা বাহনকেইখন অতি মনোযোগেৰে চালো। বাহনকেইখন আমাৰ ভাৰতত চলাচল কৰা বাহনৰ লগত নিমিলে। আমি আনকি এখন ভাৰতীয় নাম্বাৰ প্ৰেটো নেদেখিলো। গতিকে এইটো স্পষ্ট যে ফটোখন দাবী কৰাৰ দৰে গুজৰাটৰ নহয়।

Lion Gujarat car.jpg

ফটোখন মূলগতভাৱে নো কোন ঠাইৰ, তাক জানিবলৈ আমি গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আৰু দেখিলোঁ ২০১৯ চনত কেইবাটাও প্ৰতিস্থিত ৱেবচাইটে প্ৰকাশ কৰা বিভিন্ন বাতৰি দেখিলোঁ লগতে এটা ভিডিও দেখিলো, যত দেখা পোৱা গৈছে যে দক্ষিন আফ্ৰিকাৰ ক্ৰুগাৰ ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ কেইবাটাও পূৰ্ণ বয়স্ক সিংহই ৰাষ্টা এটা বন্ধ কৰি দিছে আৰু সেই ভিডিঅ' ভাইৰেলো হৈ পৰিঠিল।

Lion gujarat India Today.png

Original Link- India Today | Archived Link

ইয়াৰ পিছত প্ৰাসংগিক শব্দৰে কৰা গুগল চাৰ্ছে আমাক ইউটিউৱৰ লিংক এটা দিলে, য'ত আমি ২০১৬চনৰ ২৭ নৱেম্বৰত “Largest Lion Pride Ever Blocking Road in Kruger Park” শীৰ্ষক ভিডিঅ' এটা পালো আৰু আমাৰ অনুমান হ'ল যে ফটোখন সেই ভিডিঅ'টোৰ ১৬ মিনিট ৩৭চেকেণ্ডৰ এটা স্ক্ৰিণশ্বটহে হয় ।

Lion Gujarat youtube.jpg

Original Link - YouTube

আমি তাৰ পিছত বিভিন্ন ৱেবচাইটে প্ৰকাশ কৰা ফটো আৰু ব্যক্তিজনে নামাজ পঢ়ি থকা ভাইৰেল হোৱা ফটোখন তুলনা কৰি চালো আৰু পালো যে সেই ব্যক্তিজনৰ ফটোখন পিছত মূল ফটোখনত লগাই দিয়া হৈছে।

আমি ফটোখনৰ পৰা ব্যক্তিজনৰ অংশটো ক্ৰপ কৰি উলিয়াই গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আৰু দেখিলো যে সেই ফটোখন মুছলমানে কিদৰে নামাজ পঢ়ে তাক দেখুৱাবলৈ ব্যৱহাৰ কৰা এখন ফটোহে।

Lion Gujarat prayer.jpg

Original Link- Asli Indonesia | Archived Link

একেখন ফটোৱে কেৰেলা আৰু শ্ৰীলংকাত ভাইৰেল হৈ পৰাৰ পিছত ফেক্ট ক্ৰেছেণ্ডো মালায়ালাম আৰু ফেক্ট ক্ৰেছেণ্ডো শ্ৰীলংকায়ো ফটোখনৰ সত্যতা নিৰূপন কৰিছিল ।

ফলাফল

আমাৰ সত্যতা নিৰূপনে প্ৰমান কৰিলে যে ভাইৰেল হৈ পৰা ফটোখন যত গুজৰাটৰ ৰাজপথত এজন ভক্তই নামাজ পঢ়ি থকাৰ সময়ত এজাক পূৰ্ণ বয়স্ক সিংহই ৰক্ষনাবেক্ষন দি থকা ফটোখন এডিট কৰা। মূল ফটোখন ২০১৬চনৰ এটা ঘটনাৰহে, যত দক্ষিন আফ্ৰিকাৰ ক্ৰুগাৰ ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পথত এজাক সিংহ ওলাই আহি বাটটো আৱদ্ধ কৰিছিল ।

Avatar

Title:মাজ পথত সিংহৰ জাকে প্ৰাৰ্থনাৰত ব্যক্তিক নিৰাপত্তা প্ৰদান কৰা ফটোখন মিছা!

Fact Check By: Manjori Borkotoky

Result: Altered