ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সামৰিক পোছাকত থকা পুৰণি ছবিবোৰ চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বুলি ভাইৰেল হৈছে! 

International Misleading

যোৱা কেইদিনমানৰ পৰা, সমগ্ৰ বিশ্বৰ তথ্য পৰীক্ষকসকলে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ভিডিঅ’ আৰু ফটো বুলি কৰা শ শ ভুৱা দাবী কৰ্তন কৰিছে। ফেক্ট ক্ৰেচেণ্ডোৱেও ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি হিচাপে অভিহিত ভিডিঅ’ আৰু ফটোৰ ভুল তথ্যৰ এক শৃংখলা ধৰা পেলাইছে।

একেদৰে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ তেওঁৰ সৈনিকসকলৰ সৈতে সেনাৰ পোছাক পিন্ধা ছবিৰ এটা সংহতি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে যুদ্ধৰ ক্ষেত্ৰত তেওঁৰ সৈন্যৰ সৈতে যোগদান কৰিছে বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে। আপুনি তলত কেইটামান টুইট দেখিব পাৰে, যিবোৰে সেনাৰ পোছাকত ৰাষ্ট্ৰপতিৰ ছবিৰ বিষয়ে এই দাবী বোৰ কৰি আছে। Archived Link

অৱশ্যে, যেতিয়া আমি ছবিবোৰ পৰীক্ষা কৰিছিলো, আমি দেখিছিলো যে ফটোবোৰ শেহতীয়া নহয়। ছবিবোৰৰ প্ৰকৃত প্ৰসংগ কি চাওঁ আহক।

সত্যতা নিৰূপণ পদ্ধতি

আমি ছবিবোৰৰ বাবে গুগলত এক ৰিভাৰ্চ ইমেজ অনুসন্ধান চলাইছিলো আৰু দেখিছিলো যে ছবিবোৰ পুৰণি। দৰাচলতে, ছবিবোৰ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ আগতে দৃশ্যগ্ৰহণ কৰা হৈছিল। সেনাৰ পোছাকত ৰাষ্ট্ৰপতি জেলেনস্কিৰ ছবি যোৱা বছৰৰ হয় ।

আমি ছবিৰ ষ্টক ৱেবছাইট গেটি ইমেজেছতো ছবিবোৰ বিচাৰি পাইছিলো। গেটি ইমেজেছত প্ৰদান কৰা বৰ্ণনা অনুসৰি, ২০২১ চনৰ ০৬ ডিচেম্বৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ইউক্ৰেইনৰ ডনবাছত ইউক্ৰেইনৰ সামৰিক বাহিনীৰ সন্মুখৰ শাৰীৰ স্থানসমূহ পৰিদৰ্শন কৰাৰ সময়ত এই  ছবিবোৰ তোলা হৈছিল । 

Screenshot, Getty Images

Getty Images

ছবিখনৰ এটা ফিলিপিনো বাতৰি ৱেবছাইট Tribune.net দ্বাৰাও প্ৰকাশ কৰে হৈছে। তেওঁলোকৰ প্ৰবন্ধটোৰ শিৰোনাম হৈছে ‘ক্ৰেমলিনে কৈছে ইউক্ৰেইনৰ সৈতে যুদ্ধৰ দিশে আগবাঢ়ি যোৱা নাই’। ২০২১ চনৰ ১১ এপ্ৰিলত প্ৰকাশিত প্ৰবন্ধটোত এখন ভাইৰেল ফটো আছে। প্ৰবন্ধটোত এই ফটোখনৰ ক্ৰেডিট এএফপিক দিয়া হৈছে আৰু ছবিখনৰ বৰ্ণনাত কোৱা হৈছে, “৯ এপ্ৰিল, ২০২১ তাৰিখে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি প্ৰেছ চাৰ্ভিচে তোলা আৰু মুকলি কৰা এই হেণ্ডআউট ছবিখনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি (এল)ক মাৰিয়পোল অঞ্চলত ৰাছিয়া সমৰ্থিত বিচ্ছিন্নতাবাদীসকলৰ সৈতে প্ৰথম শাৰীত দেখুওৱা হৈছে। (এএফপি)”। 

Screenshot, Tribune

Tribune.net Link | Archived Link

সেয়েহে, তিনিওখন ছবি শেহতীয়া নহয় আৰু যোৱা বছৰ বিভিন্ন সময়ত লোৱা হৈছিল যেতিয়া ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সীমান্তত তেওঁৰ সৈন্য পৰিদৰ্শন কৰিছিল। 

ফলাফল

ৰাছিয়াৰ সৈতে যুদ্ধৰ সময়ত ছচিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সামৰিক পোছাকত থকা ছবিবোৰ শেহতীয়া নহয়। আমি দেখিছিলো যে ছবিবোৰ যোৱা বছৰ বিভিন্ন সময়ত তোলা হৈছিল যেতিয়া ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সন্মুখৰ শাৰীবোৰ পৰিদৰ্শন কৰিছিল আৰু তেওঁৰ সৈন্যসকলক লগ কৰিছিল। এই ছবিবোৰৰ ইউক্ৰেইনৰ বৰ্তমানৰ যুদ্ধৰ সৈতে কোনো সম্পৰ্ক নাই।

Avatar

Title:ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সামৰিক পোছাকত থকা পুৰণি ছবিবোৰ চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বুলি ভাইৰেল হৈছে!

Fact Check By: Manjori Borkotoky 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *