
ভাৰতত টেলিকম অপাৰেটৰ ভডাফোনৰ সেৱা বন্ধ হবলৈ গৈ আছে বুলি এক বাতৰি হোৱাটচ এপ্প আৰু ফেচবুকত ভাইৰেল হৈ পৰিছে । অসমতো শেহতীয়াকৈ হোৱাটচ এপ্প আৰু তাৰ আগতে ফেচবুকত এই কথা ব্যাপক ভাৱে প্ৰচাৰ হৈছে ।
অসমত বোধকৰোঁ পোনপ্ৰথমে অসমীয়াত বাবাটো বৰা নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা ১৫ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে “অতি সোনকালে ভডাফোন বন্ধ হব” বুলি শ্বেয়াৰ কৰা হৈছিল । আচলতে ছেপ্টেম্বৰ মাহৰ পৰাই ভডাফোনৰ সেৱা বন্ধ হবলৈ গৈ আছে বুলি সমগ্ৰ দেশজুৰি এক বাতৰি প্ৰচাৰ হৈছে । সেইবাবেই হয়তো অসমতো ইয়াৰ প্রভাৱ পৰিছে । সত্য কি? সঁচাকৈ ভডাফোন বন্ধ হব নেকি? এই বিষয়ে জানোঁ আহক ।
প্ৰণালী
বিষয়টোৰ লগত জড়িত কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি আমি গুগলত চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে প্ৰতিষ্ঠিত নিউজ গোষ্ঠী যেনে আইএএনএছয়েও ভডাফোন ভাৰতৰ পৰা যাবগৈ বুলি নিউজ ৰিপৰ্ট প্ৰকাশ কৰিছিল আৰু ইয়াক বিজনেছ ইনচাইদাৰ দৰে মিডিয়া হাউচয়েও প্ৰচাৰ কৰিছিল ।
ইয়াৰ পাছতেই ভডাফোনে এক বিবৃতি প্ৰকাশ কৰিছিল যে তেওঁলোকে ভাৰতত সেৱা বন্ধ নকৰে আৰু এনেধৰণৰ বাতৰিবোৰ ভুৱা আৰু উদ্দেশ্যে প্ৰণোদিত । তেওঁলোকে প্ৰকাশ কৰা বিবৃতিটো তলত দিয়া হ’ল ।
ইয়াৰ পাছত আমি আন ৰাষ্ট্ৰীয় বাতৰি কাকতটোও এই বিষয়ে বাতৰি প্ৰকাশ হোৱা দেখা পালোঁ যে ভডাফোনে ভাৰতত সেৱা বন্ধ হব বুলি প্ৰচাৰ হোৱা বাতৰিবোৰ অস্বীকাৰ কৰিছে । ইণ্ডিয়ান এক্সপ্ৰেছত এই বুলি ওলাইছে:
আৰু ইণ্ডিয়া টুডেত এই বুলি প্ৰকাশ হৈছে :
বাতৰিবোৰত আৰু এটা কথা স্পষ্ট হৈ পৰিছে যে ভডাফোনে তেওঁলোকৰ ভাৰত অংশৰ আৰ্থিক অৱস্থা যে বৰ ভাল নহয়, সেয়া অস্বীকাৰ কৰা নাই কিন্তু তেওঁলোকে পোনপটীয়াকৈ তেওঁলোকৰ ভাৰতৰ সেৱা বন্ধ হব বুলি ওলোৱা বাতৰিক অস্বীকাৰ কৰিছে আৰু উৰা বাতৰি বুলি কৈছে ।
ফলাফল
ভডাফোনে স্পষ্ট কৰি দিছে যে তেওঁলোকে ভাৰতত সেৱা বন্ধ নকৰে গতিকে ভডাফোনৰ সেৱা বন্ধ হব বুলি শ্বেয়াৰ কৰা ফেচবুক পোষ্ট আৰু হোৱাটচ এপ্প ফৰৱাৰ্ডবোৰ মিছা আৰু ৰাইজক বিপথে পৰিচালিত কৰিছে ।