ভাইৰেল ভিডিঅ’টোৰ পথ দুৰ্ঘটনাত নিহত নাগাৰা নামৰ শিল্পী নিশামণি হালৈৰ নহয়।

False Social

যোৱা ২৪ এপ্ৰিলৰ পুৱতি নিশা এক পথ দুৰ্ঘটনাত “ভাস্কৰজ্যোতি বিহু হুঁচৰি দল” নামৰ বিহু হুঁচৰি দলটিৰ এগৰাকী বিহুৱতী তথা নাগাৰা নামৰ পাঠিকা নিশামণি হালৈৰ মৃত্যু হয় আৰু আন কেইগৰাকী সদস্য আঘাতপ্ৰাপ্ত হয়। এই পৰিপ্ৰেক্ষিতত নাগাৰা নাম পৰিৱেশন কৰি থকা পাঠিকা এগৰাকীৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া পথ দুৰ্ঘটনাত মৃত্যু হোৱা নিশামণি হালৈৰ ভিডিঅ’।

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া পথ দুৰ্ঘটনাত মৃত্যু হোৱা নিশামণি হালৈৰ বিভিন্ন ফটো আৰু ভিডিঅ’ দেখিলোঁ। সেই ফটো/ভিডিঅ’ত থকা পাঠিকাগৰাকী ভাইৰেল ভিডিঅ’টোৰ পাঠিকাগৰাকী নহয়। দুৰ্ঘটনাত নিহত নিশামণি হালৈৰ ফেচবুক প্ৰফাইলৰ লিংক ইয়াত চাব পাৰিব।

আমি পুনৰ অনুসন্ধান কৰি নিশামণি হালৈ নামেৰে আন এটা ফেচবুক প্ৰফাইল পালোঁ। সেই প্ৰফাইলটোত ২০২৬ চনৰ ২৫ এপ্ৰিলত আপলোড হোৱা এটা ভিডিঅ’ত প্ৰফাইলৰ গৰাকী নিশামণি হালৈয়ে কয় যে দুৰ্ঘটনাত নিহত নিশামণি হালৈ তেওঁ নহয়। 

তেওঁ উল্লেখ কৰে যে ভাইৰেল ভিডিঅ’টো দৰাচলতে তেওঁৰহে, অৰ্থাৎ গুৱাহাটীৰ নুনমাটিৰ নিশামণি হালৈৰ। আনহাতে দুৰ্ঘটনাটোত নিহত নিশামণি হালৈৰ ঘৰ গোৰেশ্বৰৰ নাওঁকাটাত।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো শেহতীয়াকৈ পথ দুৰ্ঘটনাত নিহত গোৰেশ্বৰ নাওঁকাটাৰ নিশামণি হালৈৰ নহয়। ভিডিঅ’টো গুৱাহাটীৰ নুনমাটিৰ নিশামণি হালৈৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: ভাইৰেল ভিডিঅ’টোৰ পথ দুৰ্ঘটনাত নিহত নাগাৰা নামৰ শিল্পী নিশামণি হালৈৰ নহয়।

Fact Check By: Fact Crescendo Team

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *