ভাইৰেল ফটোৰ ল'ৰাজন পাবজি গেম খেলি মানসিক ৰোগী হৈ পৰা নাই!
ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে । ফটোখনত এজন বেমাৰী যেন লগা ল'ৰাক হস্পিটেলৰ ৰোগীৰ ইউনিফৰ্মত নিজৰ মাক-দেউতাকৰ সৈতে দেখা গৈছে । ল'ৰাজনৰ মূৰত এডালো চুলি নাই আৰু ফটোখনৰ কেপচনত দাবী কৰা হৈছে যে উক্ত ল'ৰাজনৰ মগজুত পাবজি নামৰ মোবাইল গেমটোৱে ক্ৰিয়া কৰিছে আৰু তেওঁ এজন মানসিক ৰোগী হৈ পৰিছে ।
উল্লেখযোগ্য যে পাবজি নামৰ মোবাইল গেমটোৰ প্ৰতি যুৱ প্ৰজন্ম আসক্ত হৈ পৰাটো সঁচা আৰু কিছুমানে এই গেমটো খেলিবলৈ নোপোৱাৰ বাবে আত্মহত্যাৰ দৰে পথ বাছি লৈছে বুলি বিভিন্ন বাতৰি প্ৰকাশ পাইছে । আন কিছুমানে আকৌ গেমটো নেৰানেপেৰাকৈ খেলি মানসিক ভাৰসম্য হেৰুৱাই পেলাইছে বুলিও বাতৰি প্ৰকাশ পাইছে ।
সেই সময়ত এনে এখন ফটো ভাইৰেল হোৱাত আচৰিত হব লগীয়া একো নাই বুলি বিভিন্ন জনে মত প্ৰকাশ কৰিছে । সঁচাকৈ এই ফটোখনত দেখা পোৱা ল'ৰাজনে পাবজি আসক্ত হৈ মানসিক ৰোগী হৈ পৰিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি ফটোখন যেতিয়া ভালকৈ নিৰীক্ষণ কৰিলোঁ, দেখিলো যে ফটোখনৰ তলত সোঁফালে '2019 milaap.org' বুলি লিখা দেখা পালোঁ । আমি গুগলত milaap.org চাৰ্চ কৰিলোঁ আৰু দুখীয়া বা ৰোগীয়া সকলৰ বাবে সাহায্য গোটাবলৈ সহায় কৰা এই সংস্থাটোৰ ৱেবছাইটতো বিচাৰি পালোঁ ।
ৱেবছাইটতো ভালকৈ পৰ্যবেক্ষণ কৰাত আমি উক্ত ভাইৰেল ফটোখনত থকা ল'ৰাজনৰ আন এখন ফটো বিচাৰি পালোঁ আৰু সাহায্য বিচাৰি প্ৰকাশ কৰা এটা লিখনিত এই ফটোখন ব্যৱহাৰ হোৱা দেখা পালোঁ ।
Milaap.org লিংক | সংৰক্ষিত লিংক
উক্ত ৱেবচাইটৰ পোষ্টটোত ক্লিক কৰাত আমি জানিব পাৰিলোঁ যে ফটোত দেখা পোৱা ল'ৰাজনৰ নাম সুজন হয় আৰু তেওঁ 'Acute Myeloid Leukemia' (এক ধৰণৰ ব্লাড কেঞ্চাৰ) ৰোগত ভুগি আছে । সুজনে চাৰিবাৰ কেম'থেৰাপি লৈছে কিন্তু তথাপিও তেওঁৰ ৰোগটো স্তিমিত হোৱা নাই । সেইবাবে এতিয়া বৌন মেৰ' ট্ৰান্সপ্লেনত কৰাৰ সিদ্ধান্ত লোৱা হৈছে কিন্তু ইয়াৰ বাবে ১৫-২০ লাখ টকাৰ প্ৰয়োজন আছে গতিকে তেওঁৰ পৰিয়ালে মিলাপ'ৰ জৰিয়তে পইচা গোটাবলৈ চেষ্টা কৰিছে । আমি আৰু ভালকৈ বিচৰাত উক্ত ভাইৰেল ফটোখনো বিচাৰি পালোঁ যিহেতু ৰোগীজনৰ আৰু তেওঁৰ পৰিয়ালৰ আন ফটোও তাত আপলোড কৰা আছে ।
আমাৰ ফালৰ পৰা উক্ত সংস্থাটোৰ লগতো যোগাযোগ কৰা হ'ল আৰু তেওঁলোকে আমাক জনালে যে আবেদনখন ২৩ অক্টোবৰ, ২০১৯ তাৰিখে দাখিল কৰা হৈছিল আৰু বৌন মেৰ' ট্ৰান্সপ্লেনটো ২৪ অক্টোবৰ তাৰিখে সফলতাৰে সম্পন্ন কৰা হৈছিল ।
ফলাফল
উক্ত ভাইৰেল ফটোখনত দেখা ল'ৰাজন কেঞ্চাৰ ৰোগত আক্ৰান্ত আৰু পাবজি গেমৰ লগত কোনো সম্পৰ্ক নাই । পাবজি খেলি ল'ৰাজন মানসিক ৰোগী হৈ পৰিছে বুলি উক্ত ফটোখন শ্বেয়াৰ কৰি মানুহক বিপথে পৰিচালিত কৰা হৈছে ।
Title:ভাইৰেল ফটোৰ ল'ৰাজন পাবজি গেম খেলি মানসিক ৰোগী হৈ পৰা নাই!
Fact Check By: Manjori BorkotokyResult: False