লকডাউনৰ সময়ত ১২০০ কিলোমিটাৰ চাইকেল চলাই জনপ্ৰিয় হোৱা ছোৱালীজনীৰ মৃত্যু হোৱা নাই!

False Social
Girl1.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এজনী ছোৱালীক মৃত অৱস্থাত মাটিত পৰি থকা দেখা গৈছে । দাবী কৰা হৈছে যে এই ছোৱালীজনী জ্যোতি কুমাৰী পাছৱান নামৰ বিহাৰৰ ছোৱালীজনী হয় যি দেশজোৰা লকডাউনৰ সময়ত ১২০০ কিলোমিটাৰ বাট চাইকেল চলাই তাইৰ বেমাৰী বাপেকক কঢ়িয়াই মাত্ৰ ৭ দিনত ঘৰ পোৱাইছিল । দাবী কৰা হৈছে যে তাইক ধৰ্ষণ কৰি হত্যা কৰা হৈছে । 

এনে ধৰণৰ ফেচবুক পোষ্ট অসমত বহুল ভাৱে শ্বেয়াৰ হৈছে । জয়ন্ত মোহন দাস নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা উক্ত ফটোখন ৫ জুলাই, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু লগতে তেওঁ, “মৰ্মান্তিক ঘটনা

যিজনী ছোৱালীয়ে লকডাউনৰ সময়ত সুদুৰ দিল্লীৰ পৰা প্ৰায় ২ হেজাৰ কিঃমিটাৰ পথ চাইকেল চলাই নিজ পিতৃক পিছত বহুৱাই বিহাৰৰ দৰভাঙ্গাৰ নিজৰ ঘৰলৈ লৈ আনিছিল, সেইজনী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হল। 

খৱৰটো শুনি মৰ্মান্তিক দুখ পাইছো-

ছোৱালীজনীৰ নাম- (Jyoti Paswan) ধৰ্ষণকাৰীজন ( Arjun Mishra )

এইজনী ছোৱালীৰ নাম সুদুৰ আমেৰিকাৰ ৰাজকুমাৰে টুইট কৰি খলকনি তুলিছিল-

মেডিয়াটো ব্যাপক প্ৰচাৰিত হৈছিল। দেশ বিদেশৰ বহু অনুষ্ঠানে সাহাৰ্য্য আগবঢ়াইছিল, বিহাৰ চৰকাৰে চাইকেল, এক লাখ নগদ ধন আৰু এটা ঘৰ বান্ধি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, ৰাষ্ট্ৰীয় চাইকেল প্ৰতিযোগীতাৰ বাবে প্ৰশিক্ষন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এনে সম্ভৱনাপূৰ্ণ ছোৱালীজনীক ধৰ্ষন কৰি হত্যা ?

ভাবিবয়ে নোৱাৰি। দেশ কলৈ গৈ আছে-” বুলি পোষ্টটোত লিখিছে । উক্ত পোষ্টটো ৭৩৪ বাৰ শ্বেয়াৰ হৈছে আৰু ভাইৰেল হৈ পৰিছে । এনে ধৰণৰ আৰু পোষ্ট অসমত দেখিবলৈ পোৱা গৈছে । 

Girl1a.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

Girl1b.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

প্ৰণালী

প্ৰথমে আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে লাইভ হিন্দুস্তান নামৰ এখন বাতৰি কাকতত ঘটনাটোৰ বিষয়ে এক বাতৰি প্ৰকাশ পাইছে । বাতৰিটোৰ পৰা স্পষ্ট হৈ পৰিছে যে উক্ত দুৰ্ভগীয়া ছোৱালীজনী ১২০০ কিলোমিটাৰ চাইকেল চলোৱা ছোৱালীজনী নহয় । এই সম্পৰ্কে বিতংকৈ পঢ়ক । 

Girl2.png

এই বিষয়ে আমি ফেচবুকত কীৱৰ্ডছ কিছুমান ব্যৱহাৰ কৰি চাৰ্ছ কৰি থাকোঁতে National Crime Investigation Bureauৰ ভেৰিফাইড ফেচবুক পে’জৰ পৰা এই সম্পৰ্কে এক স্পষ্টীকৰণ দিয়া দেখিবলৈ পালোঁ । পোষ্টটোত তেওঁলোকে স্পষ্ট কৰিছে যে দুয়োজনী ছোৱালী ভিন্ন হয় আৰু ১২০০ কিলোমিটাৰ চাইকেল চলোৱা ছোৱালীজনী জীৱিত আছে তেওঁলোকে তাইৰ লগত যোগাযোগ কৰি তাইৰ কুশল বার্তা নিশ্চিত কৰিছে । 

Girl3a.png
Girl3b.png

ফলাফল

ভাইৰেল ফটোত মৃত ছোৱালীজনী ১২০০ কিলোমিটাৰ চাইকেল চলোৱা ছোৱালীজনী নহয় । দুয়োজনী ছোৱালী ভিন্ন হয় আৰু চাইকেল চলোৱা ছোৱালীজনী জীৱিত আছে আৰু কুশলে আছে । 

Avatar

Title:লকডাউনৰ সময়ত ১২০০ কিলোমিটাৰ চাইকেল চলাই জনপ্ৰিয় হোৱা ছোৱালীজনীৰ মৃত্যু হোৱা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *