বাঘ আৰু গৰুৰ নিবিড় সম্পৰ্কৰ এই ঘটনাটো বা ভাইৰেল ফটোকেইখন অসমৰ নহয়!

False Social
gaumata 1.png

ফেচবুক লিংকসংৰক্ষিত লিংক

শেহতীয়াকৈ বাঘ আৰু গৰুৰ একেলগে থকা কেইখনমান ফটোৱে ছচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে । দাবী কৰা হৈছে যে এই ফটোকেইখন অসমৰ হয় আৰু উক্ত বাঘটোক সৰুতে এই গৰুজনীয়ে গাখীৰ খুৱাইছিল আৰু সেইবাবে বাঘটোৱে এতিয়া ডাঙৰ হৈ গৰুজনীৰ ওচৰলৈ আহে আৰু কোনো অপকাৰ নকৰে । 

এই সম্পৰ্কে হোৱাটচ এপ্পত আমাক কিছু লোকে যোগাযোগ কৰে আৰু এই ধৰণৰ এক ফেচবুক পোষ্ট আমাৰ লগত শ্বেয়াৰ কৰে, লগতে আমাক ইয়াৰ সত্যতা বিচাৰ কৰিবলৈ অনুৰোধ জনাই । 

উক্ত ফেচবুক পোষ্টটো শ্বেৰণ ড’ইল নামৰ এজন লোকে আপলোড কৰিছিল য’ত উক্ত ভাইৰেল ফটো কেইখন দেখা গৈছে । ২৩ জুন, ২০২০ তাৰিখে আপলোড হোৱা পোষ্টটো এতিয়ালৈকে ৩.৯ হেজাৰবাৰ শ্বেয়াৰ হৈছে আৰু ভাইৰেল হৈ পৰিছে । 

উক্ত পোষ্টটোত দাবী কৰা হৈছে যে অসমৰ এজন লোকে ঘৰলৈ এজনী গৰু আনিছিল আৰু ইয়াৰ পাছত তেওঁ সদাই ৰাতি কুকুৰৰ ভুকভুকনি শুনিছিল । তেওঁ অৱশেষত চিচি টিভি কেমেৰা লগাবলৈ সিদ্ধান্ত ললে আৰু দেখিলে যে সদাই ৰাতি গৰুজনীৰ কাষলৈ এটা বাঘ আহে কিন্তু গৰুজনীক কোনো অপকাৰ নকৰে । তেওঁ গৰুজনীৰ আগৰ মালিকক খবৰ কৰে আৰু জানিব পাৰে যে এই বাঘটো জন্ম হোৱা ২০ দিনৰ ভিতৰত তাৰ মাকজনীক হত্যা কৰা হৈছিল । এই গৰুজনীৰ গাখীৰ খাই বাঘ পোৱালীটো জীয়াইছিল আৰু অলপ ডাঙৰ হোৱাৰ পাছত বাঘটো জংঘললৈ গুচি গৈছিল । কিন্তু এতিয়াও সেই বাঘটো গৰুজনীৰ কাষলৈ আহে যাক বাঘটোৱে নিজৰ মাক বুলি ভাৱে । 

WhatsApp Image 2020-06-26 at 17.21.44.jpeg

সংৰক্ষিত লিংক

104761272_10157574899047400_7985060630867992886_n.jpg

ইনষ্টাগ্ৰাম লিংকসংৰক্ষিত লিংক

ঘটনাটোৰ সত্যতা জানিবলৈ চেষ্টা কৰোঁ আহক । সঁচাকৈ অসমত এনে ধৰণৰ ঘটনা ঘটিছিল নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি উক্ত ভাইৰেল ফটোকেইখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । আমি ২০১৪ চনত উক্ত ভাইৰেল ফটো সম্বলিত এক লিখনি প্ৰকাশ হোৱা দেখা পালোঁ । উক্ত ঘটনাটো গুজৰাটৰ ভাদ’ডাৰা জিলাৰ আন্তলি নামৰ এখন গাওঁৰ হয় বুলি লিখনিটোত কোৱা হৈছে । এই বিষয়ে বিতংকৈ পঢ়ক ইয়াত । 

gaumata 2.png

ইয়াৰ পাছত আমি কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু টাইমছ অফ ইণ্ডিয়াত এই বিষয়ে এক বাতৰি ২০০২ চনতে প্ৰকাশ হোৱা দেখিলোঁ । উক্ত বাতৰিটোতও ঘটনাটো গুজৰাটৰ ভাদ’ডাৰা জিলাৰ আন্তলি নামৰ এখন গাওঁৰ হয় বুলি লিখা আছে । বাতৰিটোত লগতে কোৱা হৈছে যে বাঘটোৱে প্ৰায়ে গৰুজনীক লগ কৰিবলৈ আহে আৰু দুয়োজনৰে মাজত এক অস্বাভাৱিক স্বাভাৱিকতা দেখা যাই । এই সম্পৰ্কে ভাদ’ডাৰাৰ কনজার্ভেটৰ অফ ফৰেষ্ট, এইছ এছ সিং’য়ে ক’লে যে কেতিয়াবা জন্তুৰ ব্যৱহাৰ সলনি হব পাৰে আৰু পৰিবেশে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা লব পাৰে । 

gaumata 3.png

ফলাফল

উক্ত ঘটনাটো বা ভাইৰেল ফটোকেইখন অসমৰ নহয় বৰঞ্চ গুজৰাটৰ হয় । ইয়াৰ উপৰিও এইয়া শেহতীয়া ঘটনা নহয় । ২০০২ চনতে উক্ত ঘটনাটো ঘটিছিল আৰু উক্ত ভাইৰেল ফটো কেইখন তোলা হৈছিল ।

Avatar

Title:বাঘ আৰু গৰুৰ নিবিড় সম্পৰ্কৰ এই ঘটনাটো বা ভাইৰেল ফটোকেইখন অসমৰ নহয়!

Fact Check By: Manjori Borkotoky 

Result: False