
শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এই মেছেজটোত দাবী কৰা হৈছে যে Free Mobile Recharge Scheme নামৰ এক আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে ২৮দিনৰ বাবে ২৩৯চকাৰ বিনামূলীয়া ৰিছাৰ্জ প্ৰদান কৰিছে। ২০২৩ চনৰ ৩০মাৰ্চৰ আগত মেছেজটোত থকা নীলা লিংকটোত ক্লিক কৰি এই সেৱা লাভ কৰিব পাৰিব বুলি মেছেজটো লিখা হৈছে। এই মেছেজটো ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে অসমত। বিভিন্নজনে প্ৰেৰণ কৰিছে এই মেছেজটো। আমাৰ হাতলৈ এই মেছেজটো আহি পৰিছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই ইয়াৰ সত্যতা নিৰূপনৰ সিদ্ধান্ত গ্ৰহন কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে হোৱাটছএপত ভাইৰেল হোৱা সেই মেছেজটো ভালকৈ পৰীক্ষা কৰি চালোঁ। নীলা সেই লিংকটোত ক্লিক কৰি চাওতে কোনোধৰণৰ ৱেবচাইট বা কোনো পেজৰ সৈতে সংযুক্ত হ’বলৈ সক্ষম নহ’লো।
কেইটামান প্ৰাসংগিক শব্দ লৈ আমি গুগলত ছাৰ্চ কৰি চালো আৰু কেইবাটাও বাতৰি লাভ কৰিলো য’ত উল্লেখ কৰা হৈছে যে এইটো এটা ভূৱা লিংক আৰু তেনেকুৱা বিনামূলীয়া কোনো আঁচনি দিয়া হোৱা নাই।
NDTVএ লিখিছে যে এইধৰণৰ কোনো আঁচনি দিয়া হোৱা নাই। Public Information Bureau (PIB) সত্যতা নিৰূপনৰ উদ্ধৃতি দি লিখা সেই বাতৰিটো ইয়াতে পঢ়িবলৈ পাৰিব।
BusinessToday লিখিছে যে প্ৰধানমন্ত্ৰীয়ে ২৩৯টকা বিনামূলীয়া ৰিছাৰ্জ দিয়া বাতৰিটো ভূৱা আৰু PIBয়ে ইয়াৰ সত্যতা নিৰূপন কৰিছে। সেই বাতৰিটো ইয়াত পঢ়িব পাৰিব ।
ইয়াৰ পাছত আমি PIB Fact checkৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলটো পৰীক্ষা কৰি সেই টুইটটো লাভ কৰিলোঁ য’ত তেওঁলোকে ইয়াৰ সত্যতা নিৰূপন কৰি সেই সম্পৰ্কে লিখিছে। আৰু উল্লেখ কৰিছে যে সেই মেছেজটো ভুৱা।
ইতিপূৰ্বেও অনুৰূপ কিছুমান মেছেজ ভাইৰেল হৈছিল। য’ত দাবী কৰা হৈছিল যে এমাজনে গ্ৰাহকৰ বাবে বিনামূলীয়া উপহাৰ প্ৰদান কৰিব। যাৰ সত্যতা নিৰূপন আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই কৰিছিলোঁ। তেনেকুৱা এটা সত্যতা নিৰূপন ইয়াত পঢ়িব পাৰিব।
এই ধৰণ বা পদ্ধতিটো বিভিন্ন কেলেংকাৰীৰ ক্ষেত্ৰত মন কৰা হৈছে। যিবোৰ কেলেংকাৰীৰ জৰিয়তে বিভিন্ন দুষ্ট চক্ৰই ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য আহৰণ কৰে আৰু তেওঁলোকৰ ইলেকট্ৰনিক ডিভাইছটো হেক কৰে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ইতিপূৰ্বেও কোনো দুষ্ট চক্ৰই অসত উদ্দেশ্য আগত ৰাখি এইধৰণৰ ভূৱা মেছেজ ভাইৰেল কৰাৰ দৰে এই মেছেজটোও ভাইৰেল কৰিছে। যাৰ বাস্তব সত্যতাৰ লগত কোনো সম্পৰ্ক নাই। ই সম্পূৰ্ণৰূপে মিছা।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:সঁচাকৈয়ে প্ৰধানমন্ত্ৰীয়ে ২৩৯ টকাৰ বিনামূলীয়া ৰিছাৰ্জ দিছে নেকি?
Fact Check By: Pranjal SharmaResult: False
