পাঁচ বছৰ পূৰ্বে মহাৰাষ্ট্ৰৰ জালনাৰ এজন যুৱ বিজেপি নেতাক অন্য কাৰণত আৰক্ষীয়ে প্ৰহাৰ কৰা দৃশ্যকে সুখদেৱ জাতৱক প্ৰহাৰ কৰা বুলি মিছাকৈ প্ৰচাৰ। 

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ভীম আৰ্মীৰ নেতা সুখদেৱ জাতৱে ভগবান শ্ৰীৰামক গালি পৰাৰ বাবে আৰক্ষীয়ে প্ৰহাৰ কৰাৰ দৃশ্য। পোষ্টটোত লিখিছে- #ভীম_আৰ্মি-ৰ কৰ্মী #সুখদেৱ_জাতৱে ভগৱান #শ্ৰীৰামক গালি পাৰিছিল…

পিছত আৰক্ষীয়ে এইদৰে সুন্দৰকৈ #ট্ৰিটমেন্ট কৰিলে..!

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কেইবাটাও কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি  ২০২১ চনৰ ২৭ মে’ত ANI য়ে কৰা এটা টুইট পালোঁ। টুইটটোত লিখা হৈছিল এইদৰে-Maharashtra | Jalna Police seen beating up BJP Youth Secy Shivraj Nariyalwale in viral video. “Following death of a patient on April 10, his family vandalized hospital premises. Police used force against them to drive them out,” says Inspector Prashant Mahajan, Kadim Jalna PS 

ABP মাঝাত ২০২১ৰ ২৭ মে’ মাৰাঠী ভাষাত প্ৰচাৰিত  भाजप युवा मोर्चाच्या सरचिटणीसाला रुग्णालयात धुडगूस घातल्याच्या आरोपावरुन मारहाण শীৰ্ষক বাতৰিটোত আমি ইয়াৰ বিস্তাৰিত দৃশ্য আৰু ঘটনাৰ সবিশেষ লাভ কৰিলোঁ। বাতৰি অনুসৰি মহাৰাষ্ট্ৰৰ জালনাৰ এখন চিকিৎসালয়ত হুলস্থুল পৰিবেশৰ সৃষ্টি কৰাৰ অভিযোগত বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক শিৱৰাজ নাৰিয়লৱালেক এইদৰে আৰক্ষীয়ে প্ৰহাৰ কৰিছিল। 

দিব্য মাৰাঠীৰ একে সময়ৰ समोर आले जालन्यात व्हायरल होणाऱ्या अमानुष मारहाणीच्या व्हिडिओचे सत्य, आता ‘त्या’ पोलिसांवर कारवाईची मागणी; वाचा नेमके काय घडले? শীৰ্ষক মাৰাঠী ভাষাৰ বাতৰিত আমি সেই দৃশ্যৰ খণ্ডচিত্ৰৰ লগতে সমগ্ৰ ঘটনাটোৰ বিষয়ে জানিব পাৰিলোঁ। বাতৰিত উল্লেখ কৰা হৈছে যে ভিডিঅ’টোত প্ৰহাৰ কৰি থকা দেখা ব্যক্তিজনৰ নাম শিৱৰাজ নাৰিয়লৱালে। শিৱৰাজ নাৰিয়লৱালে জালনা জিলাৰ বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক। তেওঁ সদায় প্ৰশাসনৰ আগত স্থানীয় ৰাইজৰ সমস্যা উত্থাপন কৰিছিল। এই ঘটনা ২০২১ চনৰ ৯ এপ্ৰিলৰ।সেইদিনাই শিৱৰাজে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত এজন যুৱকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰিছিল। দুৰ্ঘটনা সংঘটিত হৈ যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মৃতকৰ আত্মীয় শিৱৰাজ নাৰিয়লৱালেৰ লগতে একাংশ কৰ্মী সোধা-পোছাৰ বাবে চিকিৎসালয়ত উপস্থিত হৈছিল। তাত ক্ষুব্ধ হৈ পৰে মৃতকৰ আত্মীয়। তেওঁলোকে চিকিৎসালয়খনৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰে। যোৱা ৯ এপ্ৰিলত মৃতকৰ আত্মীয় আৰু শিৱৰাজ নাৰিয়লৱালেই চিকিৎসালয় প্ৰশাসনক এই মৃত্যুৰ সন্দৰ্ভত প্ৰশ্ন কৰে। এই সময়তে আত্মীয়, নাৰিয়লৱালে আৰু চিকিৎসকৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। পৰিস্থিতি হাতৰ পৰা ওলাই অহা দেখি চিকিৎসালয় প্ৰশাসনে কাদিম জালনাৰ পৰা আৰক্ষীক চিকিৎসালয়লৈ মাতি আনে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছত কাদিম জালনা থানাৰ তদানীন্তন উপ-আৰক্ষী অধীক্ষক সুধীৰ খিৰদকাৰ আৰু আৰক্ষী পৰিদৰ্শক প্ৰশান্ত মহাজন তেওঁলোকৰ আৰক্ষী জোৱানৰ সৈতে চিকিৎসালয়ত উপস্থিত হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে আত্মীয়ক বুজাবলৈ চেষ্টা কৰিছিল। অৱশ্যে তৰ্ক বাঢ়ি গ’ল আৰু গালি-গালাজ আৰম্ভ হ’ল। আৰক্ষীয়ে আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ তোলে আত্মীয়ই। নাৰিয়লৱালে তেওঁলোকৰ ভিডিঅ’ ল’বলৈ চেষ্টা কৰিছিল। এই কথা দেখি এজন আৰক্ষী বিষয়াই নিজৰ উৰ্ধতন বিষয়াক খবৰ দিলে। ইয়াৰ পাছতে কাদিম জলনা থানাৰ উপ আৰক্ষী অধীক্ষক সুধীৰ খিৰদকাৰ আৰু আৰক্ষী পৰিদৰ্শক প্ৰশান্ত মহাজনে নাৰিয়লৱালেক গোটটোৰ পৰা টানি আনি এটা কোঠালৈ লৈ যায়। এয়া সেই কোঠাটোৰে ভিডিঅ’ 

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো মিছা। মহাৰাষ্ট্ৰৰ জালনাত পাঁচ বছৰ পূৰ্বে এক ভিন্ন কাৰণত বিজেপিৰ এজন যুৱনেতাক আৰক্ষীয়ে প্ৰহাৰ কৰা দৃশ্যকে ভীম আৰ্মীৰ নেতা সুখদেৱ জাতৱত শ্ৰীৰামক গালি পৰাৰ বাবে আৰক্ষীয়ে প্ৰহাৰ কৰা বুলি প্ৰচাৰ কৰা হৈছে। 

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: পাঁচ বছৰ পূৰ্বে মহাৰাষ্ট্ৰৰ জালনাৰ এজন যুৱ বিজেপি নেতাক অন্য কাৰণত আৰক্ষীয়ে প্ৰহাৰ কৰা দৃশ্যকে সুখদেৱ জাতৱক প্ৰহাৰ কৰা বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *