উত্তৰ প্ৰদেশৰ আমৰোহাত ২০২৩ চনতে হোৱা তাজিয়াৰ দুৰ্ঘটনাকে মধ্য প্ৰদেশৰ শেহতীয়া দুৰ্ঘটনা বুলি বিভ্ৰান্তিকৰভাবে প্ৰচাৰ। 

Misleading Social

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া মধ্যপ্ৰদেশৰ ৰতলাম জিলাৰ পিপলোদাৰ হাটনাৰাত অতি শেহতীয়া তাজিয়াৰ শোভাযাত্ৰাত হোৱা দুৰ্ঘটনাৰ দৃশ্য। এটা পোষ্টত লিখিছে- মধ্যপ্ৰদেশত ৰতলাম জিলাৰ পিপলোদাৰ হাটনাৰাত তাজিয়াৰ শোভাযাত্ৰাত দুৰ্ঘটনা।উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত তাজিয়া শোভাযাত্ৰাত সংঘটিত হয় দুৰ্ঘটনা।৩ জনৰ মৃত্যু, ১০ জনতকৈ অধিক লোক আঘাতপ্ৰাপ্ত।   

Facebook Link Archived Link

আন এটা পোষ্টত লিখিছে এইদৰে- মধ্যপ্ৰদেশঃ ৰাতলাম জিলাৰ পিপলোডা থানা এলেকাৰ হাটনাৰা গাঁৱত #মহৰমৰ শোভাযাত্ৰাৰ সময়ত 20 ফুট উচ্চতাৰ #তাজিয়া এখনে 11 kV হাই টেনচনৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ সৈতে খুন্দা মৰাৰ ফলত প্ৰবল সোঁত বিয়পি পৰে যাৰ ফলত 3 জন লোকৰ #মৃত্যু হয় আৰু 10 জন #আহত হয়। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, একাংশৰ অৱস্থা সংকটজনক।শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলে বিদ্যুৎ বিভাগৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰে।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কেইবাটাও কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি  ২০২৩ চনৰ ২৯ জুলাইৰ এটা বাতৰিৰ প্ৰতিবেদন পালোঁ, য’ত ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আছিল। প্ৰতিবেদন অনুসৰি, “উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ পাটেই খালছা গাঁৱত তাজিয়া শোভাযাত্ৰা হাইটেনচন লাইনৰ সংস্পৰ্শলৈ আহিছিল। দুৰ্ঘটনাটোত দুডজনৰো অধিক লোক আহত হৈছে।দুজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।”

এই ইংগিত ব্যৱহাৰ কৰি আমি অধিক অনুসন্ধানৰ বাবে কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ আৰু এই দুৰ্ঘটনা সম্পৰ্কে কেইবাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদন পালোঁ। সেই প্ৰতিবেদন ইয়াত আৰু ইয়াত চাব পাৰিব।

ইয়াৰ উপৰিও আমি ২০২৩ চনৰ ৩০ জুলাইত দৈনিক জাগৰণে একে তথ্যৰ সৈতে শ্বেয়াৰ কৰাএটা ভিডিঅ’ নিউজ পালোঁ। তাতো অন্য বিভিন্ন দৃশ্যৰে সৈতে এই দৃশ্যটো দেখুওৱা হৈছে আৰু ওপৰোক্ত প্ৰমাণবোৰত থকা তথ্যখিনি উল্লেখ কৰা হৈছে।

 

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো ২০২৩ চনৰে এটা পুৰণি ভিডিঅ’। এই ঘটনা মধ্যপ্ৰদেশৰ অতি শেহতীয়া নহয়। এয়া উত্তৰ প্ৰদেশৰ আমৰোহাৰ ঘটনাহে। .

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: উত্তৰ প্ৰদেশৰ আমৰোহাত ২০২৩ চনতে হোৱা তাজিয়াৰ দুৰ্ঘটনাকে মধ্য প্ৰদেশৰ শেহতীয়া দুৰ্ঘটনা বুলি বিভ্ৰান্তিকৰভাবে প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *