
শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা চমু ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅটোত দাবী কৰা হৈছে যে ইজৰাইলস্থিত আমেৰিকাৰ দূতাবাস ধ্বংস কৰি দিয়া হৈছে। আমাৰ 24*7 ফেক্টলাইন নম্বাৰ 9049053770লৈয়ো সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে তাৰ সত্যতা জানিবৱৈ আগ্ৰহ প্ৰকাশ কৰিছে।
ভিডিঅ’টোত দেখা গৈছে যে এটা সুদৃশ্য অট্টালিকা খহি পৰিছে। দাবী কৰা হৈছে যে সেইটো ইজৰাইলত থকা আমেৰিকাৰ দূতাবাস আৰু সেইটো ধ্বংস কৰি পেলোৱা হৈছে।
কিন্তু এই দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি ইজৰাইলৰ টেল আভিভত থকা আমেৰিকাৰ দূতাবাসৰ ছবি বিচাৰিলোঁ। আমি গেট্টি ইমেজ ৱেবছাইটৰ পৰা দূতাবাসৰ ছবিখন পাইছিলোঁ যিটো ভাইৰেল ভিডিঅ’টোত ভাঙি পেলোৱা অট্টালিকাটোৰ লগত নিমিলে। সম্পূৰ্ণ পৃথক।

গুগলত প্ৰাসংগিক কী-ৱৰ্ডেৰে সন্ধান কৰাৰ ফলত ২০২৩ চনৰ ৪ নৱেম্বৰত আমেৰিকা চৰকাৰে প্ৰকাশ কৰা এখন জাননীত আমেৰিকাৰ নাগৰিকসকলক ইজৰাইল এৰি যোৱাত সহায় কৰাৰ বাবে জেৰুজালেম আৰু টেল আভিভৰ দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছিল। ইয়াৰ পৰা এইটোও নিশ্চিত হৈছে যে টেল আভিভত থকা আমেৰিকাৰ দূতাবাস এতিয়াও কাৰ্যক্ষম হৈ আছে।
তেনেহ’লে এই ভিডিঅ’টো ক’ৰ?
কী-ফ্ৰেমৰ গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰোঁতে আমি এবিচি ৮নিউজত আপলোড কৰা এটা ভিডিঅ’লৈ পালোঁ, যিটো লাইভ ৰেকৰ্ডিং কৰা হৈছিল। যিটো অট্টালিকা ভাঙি পেলোৱা হৈছিল সেই একেটা অট্টালিকা ভিডিঅ’টোত দেখা গৈছে। পোষ্টটোৰ কেপচনত লিখা আছে যে এইটো পুৰণি ডমিনিয়ন এনাৰ্জীৰ মুখ্য কাৰ্যালয় ভাঙি পেলোৱাৰ ভিডিঅ’।
এক প্ৰতিবেদন অনুসৰি ভাৰ্জিনিয়াত ২০২০ চনৰ ৩০ মে’ত কণ্ট্ৰ’ল্ড ডেমলিচন কোম্পানীয়ে ডমিনিয়ন এনাৰ্জীৰ পুৰণি মুখ্য কাৰ্যালয় ভাঙি পেলায়। ১৯৭৮ চনৰ পৰা এই ভৱনটো কাৰ্যক্ষম হৈ আছিল। অট্টালিকাটো বিস্ফোৰণৰ বাবে ৩০০০ পাউণ্ডতকৈ অধিক বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল। কণ্ট্ৰ’ল্ড ডেমোলিচন কোম্পানীয়েও এই ভাঙি পেলোৱাৰ ভিডিঅ’ প্ৰকাশ কৰে। তলৰ ভিডিঅ’টো চাব পাৰিব।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। এইটো ইজৰাইলৰ টেল আভিভত থকা আমেৰিকাৰ দূতাবাস ধ্বংস কৰা ভিডিঅ’ নহয়। আমেৰিকাৰ ভাৰ্জিনিয়াত ডমিনিয়ন এনাৰ্জী বিল্ডিং ভাঙি পেলোৱাৰ এটা পুৰণি ভিডিঅ’হে এইটো।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ইজৰাইলত থকা আমেৰিকাৰ দূতাবাস ধ্বংস কৰি পেলোৱা হৈছেনে সঁচাকৈ?
Written By: Pranjal SharmaResult: False
