শেহতীয়াভাবে অসমত এটা ভিডিঅ’ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এটা ফেচবুক পেজে সেই ভিডিঅ’টো আপলোড কৰি দাবী কৰিছে যে সেইটো আমাৰ দেশৰ ভিডিঅ’ আৰু সেয়া শেহতীয়া ঘূৰ্ণীবতাহ ৰিমালৰ প্ৰভাৱ। পোষ্টটো কৰি লিখিছে- দেশৰ ভিন্ন প্ৰান্তত ৰেমলে ভয়ানক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আৰম্ভনীতে উল্লেখ কৰিব খুজিছোঁ যে পোষ্টটো প্ৰথমে আমাৰ দৃষ্টিগোচৰ হোৱাৰ সময়ত কেপছনত সেইটো কলকাতাৰ ভিডিঅ’ বুলি লিখা হৈছিল যদিও এই প্ৰতিবেদন প্ৰস্তুত কৰালৈকে দেশৰ ভিন্ন প্ৰান্তত ৰেমলে ভয়ানক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে বুলি লিখি দিয়া দেখা গ’ল। ভিডিঅ’টোৰ কমেণ্ট চেকছন চালেই সেইটো প্ৰথমে কলকাতাৰ বুলি দাবী কৰা কথাটো স্পষ্ট হৈ পৰিব। বহুকেইজন ব্যৱহাৰকাৰীয়ে সেইটো কলকাতাৰ ভিডিঅ’ নহয় বুলি কমেণ্ট কৰিছিল। তদুপৰি বহুকেইজনে সেইটো ফেক নিউজ বা ভুৱা বাতৰি বুলিও কমেণ্ট কৰিছিল।

কমেণ্ট চেকছনত আমাৰ দৃষ্টিগোচৰ হৈছিল এখন স্ক্ৰীণশ্বট। এগৰাকী ব্যৱহাৰকাৰীয়ে সেই স্ক্ৰীণশ্বটটো কমেণ্টত আপলোড কৰিছিল।

স্ক্ৰীণশ্বটটো আমি ভালকৈ মন কৰি দেখিলোঁ যে সেইটো খমেৰ ভাষাত কেপছন লিখা এটা পোষ্টৰ স্ক্ৰীণশ্বট। সেই পোষ্টটো ২০২৩চনৰ ৭চেপ্তেম্বৰত কৰা হৈছিল। এইখিনিতেই আমাৰ প্ৰথমিকভাৱে এটা কথা স্পষ্ট হৈ পৰিছিল যে ভিডিঅ’টো শেহতীয়া বা এই দুটা দিনৰ নহয়।

ইয়াৰ আঁত ধৰি আমাৰ অনুসন্ধানৰ প্ৰাৰম্ভতে আমি সেই ভিডিঅ’টো বিশেষ কাৰিকৰী ব্যৱস্থাৰে বিভিন্ন কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া আমি ইণ্টাৰনেটক সেই ভিডিঅ’টো সংলগ্ন হৈ থকা একাধিক লিংক লাভ কৰিলোঁ। ইউটিউৱত প্ৰায় এমাহ আগত অৰ্থাত ২০২৪ চনৰ ২০ এপ্ৰিলত সেই ভিডিঅ’টো ডুবাইৰ শেহতীয়া প্ৰতিকুল প্ৰাকৃতিক পৰিস্থিতিৰ বুলি দাবী কৰি আপলোড কৰি থোৱা ৰূপত পালোঁ। সেই ভিডিঅ’টোৰ কেপছনত লিখিছিল- Dubai ka Halat Dekho bhai kaisa Ho Gaya😔😔 #dubai April 20, 2024 #shorts

Archived Link

ইয়াৰ লগতে আমি ইউটিউৱত আন এটা চেনেলত সেই একেটা ভিডিঅ’ ডুবাইৰ বুলি উল্লেখ কৰি আপলোড কৰা ৰূপত পালোঁ। ২০২৪ৰ ২১ এপ্ৰিলত আপলোড কৰা ভিডিঅ’টোৰ কেপছনত লিখিছিল-दुबई की हालत बारिश से। Dubai UAE। दुबई डूब जाएगा#video

Archived Link

এইখিনিতে আমি আস্বস্ত হ’লোঁ যে ভিডিঅ’টো কোনোপধ্যেই শেহতীয়া নহয়।

ইয়াৰ পাছত আমি Cataleya Fashion নামৰ ফেচবুক পেজ এটাত একেটা ভিডিঅ’ বিগত ২০২৩ চনৰ অক্টোবৰ মাহত মেস্কিকোৰ আকাপুলকো অঞ্চলত অহা ওটিছ নামৰ ঘূৰ্ণীবতাহৰ বুলি দাবী কৰি আপলোড কৰা দেখা পালোঁ। কেপছনত লিখিছিল- Moment when Hurricane Otis arrived in Acapulco. (আকাপুলকোত হাৰিকেন অটিছৰ উপস্থিতিৰ মুহূৰ্ত)

Archived Link

অধিক অনুসন্ধানত আমি সেই ভিডিঅ’টো তাতকৈয়ো আগত অৰ্থাত ২০২৩ চনৰ চেপ্তেম্বৰ মাহতে ফেচবুকত আপলোড কৰা দুটা লিংকো লাভ কৰিলোঁ। প্ৰথম লিংকটোত A2Z Garage নামৰ পেজটোৱে ১২ চেপ্তেম্বৰ ২০২৩ত ভিডিঅ’টো আপলোড কৰি কেপছন লিখিছিল- GRABENG KALAMIDAD। ফিলিপিনো ভাষাত লিখা এই বাক্যাংশৰ অসমীয়া অনুবাদ হৈছে গুৰুতৰ দুৰ্যোগ।

Archived Link

আনটো লিংক হৈছে سەربازی নামৰ পেজটোৱে ৭ চেপ্তেম্বৰ ২০২৩ চনত আপলোড কৰা ভিডিঅ’ পোষ্টটো। সেই পোষ্টটোত কুৰ্দিছ (চোৰাণী)ভাষাত কেপছন লিখা হৈছিল- #بەپەلە_بەپەلە. تۆفان و لافاو لە ژمارەیەک وڵات گەیشتە ئاستێکی مەترسیدار و پێشبینی ژێر ئاوکەوتنی سەدان گوند کران । অসমীয়া ভাষাত ইয়াৰ অনুবাদ হৈছে #জৰুৰী_জৰুৰী। কেইবাখনো দেশত ধুমুহা আৰু বানপানীয়ে বিপজ্জনক মাত্ৰাত উপনীত হোৱাৰ লগতে শ শ গাঁও বানপানীত বুৰ যোৱাৰ আশংকা কৰা হৈছে।

Archived Link

আমি ইতিমধ্যেই এই প্ৰতিবেদনৰ আৰম্ভনীতে উল্লেখ কৰিছোঁ যে অসমৰ ফেচবুক পোষ্টটোক কমেণ্টত একাধিক ব্যৱহাৰকাৰী ২০২৩ৰ ৭ চেপ্তেম্বৰত খমেৰ ভাষাত কেপছন লিখা পোষ্ট এটাৰ স্ক্ৰীণশ্বট কমেণ্টত আপলোড কৰিছিল। সেই কেপছনটোৰ অসমীয়া অৰ্থ হৈছে- “দৃশ্য ধুনীয়া, ইমান ঠাণ্ডা, বতাহ এনেকুৱা হ’লে একো থিতাপি ল’ব নোৱাৰি”। (“ទេសភាពស្អាត ត្រជាក់ខ្លាំង គ្មានអ្វីអាចដោះស្រាយបានទេ បើខ្យល់បក់យ៉ាងនេះ)

এই সমস্ত তথ্য প্ৰমাণৰ পৰা আমি এটা সিদ্ধান্তত উপনিত হৈছোঁ যে সেই ভিডিঅ’টো ২০২৩ৰ চেপ্তেম্বৰ মাহৰ পৰা বিভিন্ন ভাষাৰে বিভিন্ন দেশৰ ভিডিঅ’ বুলি ইণ্টাৰনেটত শ্বেয়াৰ কৰি থকা হৈছে। গতিকে সেই ভিডিঅ’টো আমাৰ দেশৰ অথবা শেহতীয়া ৰিমাল ঘূৰ্ণীবতাহৰ ভিডিঅ’ নহয়। দাবীটো অসত্য।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই ভিডিঅ’টো আমাৰ দেশৰ অথবা শেহতীয়া ৰিমাল ঘূৰ্ণীবতাহৰ ভিডিঅ’ নহয়। ২০২৩ৰ চেপ্তেম্বৰ মাহৰ পৰা বিভিন্ন ভাষাৰে বিভিন্ন দেশৰ ভিডিঅ’ বুলি সেইটো ইণ্টাৰনেটত শ্বেয়াৰ কৰি থকা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৩ৰ চেপ্তেম্বৰৰে পৰা বিভিন্ন ভাষাৰে বিভিন্ন দেশৰ বুলি দাবী কৰি শ্বেয়াৰ হৈ থকা ভিডিঅ’ এটা ভাৰতৰ শেহতীয়া ৰিমাল ঘূৰ্ণীবতাহৰ বুলি দাবী কৰি পুনৰ প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: False