
শেহতীয়াকৈ অসমৰ ফেচবুকত এটা ভিডিঅ’ প্ৰচাৰ কৰি দাবী কৰা হৈছে যে সেইটো অলপতে ডুবাইত হৈ যোৱা প্ৰকৃতিক দুৰ্যোগৰ ভিডিঅ’। ভিডিঅ’টো আপলোড কৰাৰ সময়ত এইদৰে ডুবাইত ধুমুহা বতাহ বলি থকা বুলি দাবী কৰি লিখিছে-ডুবাইত এতিয়াও এনেকে বলি আছে বতাহ ধুমুহা। আল্লাহে ৰক্ষা কৰক।

কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ইউটিউৱত সেই ভিডিঅ’টো Dragonrijder3000 নামৰ চেনেলটোত ২০১৯ চনৰ ১৭ জুলাইত অৰ্থাত ৪ বছৰ আগতেই Giant Monster Attacks City – 7/17/19 কেপছনেৰে আপলোড হৈ থকা ৰূপত পালোঁ।
কিন্তু তাত সেই দৃশ্য ডুবাইৰ নে আন কোনো দেশৰ তাৰ উল্লেখ নাছিল। সেইবাবে আমি আমাৰ অনুসন্ধান আৰু অধিক আগুৱাই লৈ গ’লোঁ। তেতিয়া আমি সেই ভিডিঅ’টো Shutterstock ৱেবছাইটত আপলোড হৈ থকা স্থিতিত লাভ কৰিলোঁ।

অনুসন্ধানত আমি জানিব পাৰিলোঁ যে শ্বাটাৰষ্টকত সেই ভিডিঅ’টো ২০১৮ চনৰ ২৩ অক্টোবৰত অন্তৰ্ভুক্ত কৰা হৈছিল।

আমি ৱেবছাইটটোত সন্ধান কৰি জানিব পাৰিলোঁ যে Hurricane Michael নামৰ ভয়ংকৰ ঘূৰ্ণীবতাহৰ দৃশ্য সেয়া। এতিয়ালৈ এই নামৰ ঘূৰ্ণীবতাহ ইতিহাসত বহুবাৰ হৈছিল।

সেইবাবে আমি সেই নিৰ্দিষ্ট ভিডিঅ’টো নো ক’ত আৰু কেতিয়া অহা Hurricane Michael ঘূৰ্ণীবতাহৰ, সেইটো জানিব বিচাৰিলোঁ। ইতিমধ্যে আমাৰ হাতত এটা তথ্য সূত্ৰ আছিল যে ৱেবছাইটটোত Hurricane Michael নামৰ ২০১৮ চনত ফ্ল’ৰিডাত অহা মাৰমুখি ঘুৰ্ণীবতাহৰ দৃশ্য সেয়া। আমি সেইবাবেই এই সম্পৰ্কত আৰু অধিক তথ্যৰ সন্ধান কৰিলোঁ। তেতিয়া আমি একাধিক লিংক লাভ কৰিলোঁ। তদুপৰি আমি ২০১৮চনত অহা সেই ঘূৰ্ণীবতাহ সম্পৰ্কত নিৰ্ভৰযোগ্য সূত্ৰৰ তথ্যও লাভ কৰিলোঁ।

একাদিক্ৰমে আমি লাভ কৰা এই সমস্ত তথ্যৰ পৰা এই কথা প্ৰমানিত হয় যে অসমত ফেচবুক ব্যৱহাৰকাৰীয়ে ডুবাইৰ শেহতীয়া বতাহ ধুমুহাৰ দৃশ্য বুলি দাবী কৰি প্ৰচাৰ কৰা সেই ভিডিঅ’টো আচলতে ২০১৮ চনত ফ্ল’ৰিডাত অহা Hurricane Michael নামৰ ঘূৰ্ণীবতাহৰ দৃশ্য হে। সেয়া ডুবাইৰ দৃশ্য নহয়। দাবীটো ভুৱা।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই ভিডিঅ’টো আচলতে ২০১৮ চনত ফ্ল’ৰিডাত অহা Hurricane Michael নামৰ ঘূৰ্ণীবতাহৰ দৃশ্য হে। সেয়া ডুবাইৰ দৃশ্য নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০১৮ চনত ফ্ল’ৰিডাত অহা Hurricane Michael নামৰ ঘূৰ্ণীবতাহৰ দৃশ্যকে ডুবাইৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
