blogger.png

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

শেহতীয়াভাৱে ফেচবুকত এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰান হেৰুওৱা মহিলাৰ এক দীঘলীয়া প্ৰেৰণামূলক বৰ্তব্য সম্বলিত পোষ্ট ভাইৰেল হৈছে। পোষ্টটোত এগৰাকী মহিলাৰ এখন ফটোও লগোৱা হৈছে, যিখনত মহিলাগৰাকী হাস্পতালত ভৰ্তি হৈ থকা দেখা গৈছে।

ফেচবুক ব্যৱহাৰকাৰী আব্দুল হাছিবে ২০২০ চনৰ ২৬চেপ্তেম্বৰত দিনৰ ১২ বাজি ৩৯মিনিটত এই পোষ্টটো দিছিল।-

"এবাৰ পঢ়িবলৈ অনুৰোধ জনালোঁ,,

বিশ্ব বিখ্যাত ফেশ্বন ডিজাইনাৰ, লেখক #কিৰজিদা #ৰ'#ড্ৰিগুৱেজ #পাকস্থলীৰ #কেন্সাৰত মৃত্যু হোৱা আগত তেখেতৰ কিছু নিজস্ব অনুভৱ লিখি গৈছে,,,এইখিনি এতিয়া গোটেই বিশ্বতে বহু চৰ্চিত মূল্যৱান কথা,,, কিৰজিদাৰ জন্ম হৈছিল1978 চনত নিউ জাৰ্চি আমেৰিকাত আৰু মৃত্যু হয় 2018 চনত আমেৰিকাৰ নিউ জাৰ্চিত,,,তেখেতে লিখি যোৱা কথাখিনি এনেধৰণৰ:=

👉1)মোৰ গেৰেজত বিশ্বৰ আটাইতকৈ দামী ব্ৰেণ্ডৰ গাড়ী পৰি আছে।কিন্তু মই এতিয়া হাস্পতালৰ হুইল চেয়াৰত আৱদ্ধ।

👉2)মোৰ ঘৰত বিশ্বৰ আটাইতকৈ দামী কাপোৰ,জোতা,দামী দামী অনেক বস্তু পৰি আছে,কিন্তু এতিয়া মই হাস্পতালত এখন সাধাৰণ কাপোৰ লৈ বিছনাত পৰি আছোঁ।

👉3)বেংকত মোৰ অলেখ টকা আছে,কিন্তু সেই টকাই মোক আজি একো সহায় কৰিব পৰা নাই।

👉4)মোৰ ঘৰটো এটা ৰাজ কাৰেঙৰ(Castle)ৰ দৰে,কিন্তু আজি মই হাস্পতালৰ এখন সৰু বিছনাত পৰি আছোঁ।

👉5)মই এখন পঞ্চ তাৰকা হোটেলৰ পৰা আন এখন পঞ্চ তাৰকা হোটেললৈ ঘূৰি ফুৰিছিলোঁ,কিন্তু আজি মই হাস্পতালত এটা লেবৰপৰা আন এটা লেবলৈ পৰীক্ষাৰ বাবে দৌৰি ফুৰিছোঁ।

👉6)মোৰ অ'টগ্ৰাফ ল'বলৈ হেজাৰজনে ভিৰ কৰিছিল,কিন্তু আজি মোৰ অ'টগ্ৰাফ ডাক্তৰে প্ৰেছক্ৰিপশ্যন ৰূপে লিখে।

👉7)মোৰ চুলিৰ যতন লৈছিল সাত গৰাকী বিউটিচিয়ানে,কিন্তু আজি মোৰ মূৰত চুলি নাই।

👉8)মোৰ ব্যক্তিগত হেলিকপ্টাৰত গোটেই বিশ্ব ঘূৰি ফুৰিছিলোঁ কিন্তু আজি মোক হাস্পতালত এঠাইৰপৰা আন এঠাইলৈ নিবলৈ দুজন মানুহৰ সহায়ৰ প্ৰয়োজন।

👉9)মোৰ ঘৰত বিশ্বৰ আটাইতকৈ দামী খাদ্য পৰি আছে কিন্তু মোৰ আজি খাদ্য দুটা পিল আৰু ৰাতি অলপ নিমখীয়া পানী,, এই ঘৰ,গাড়ী,হেলিকপ্টাৰ,আচবাব, অসংখ্য বেংক একাউণ্ট, খ্যাতি, যশস্যা,একোৱেই মোক সহায় কৰিব পৰা নাই।শেষত তেখেতে কৈছে:=I'm going to be Nothing is more true than death."

হে মোৰ অহংকাৰী দাম্ভিক লোকসকল,তোমালোকে মিছাই কিয় ৰূপ সৌন্দৰ্য্য ঘৰ গাড়ী স্বাৰ্থক লৈ মিছা ফাঁকি ষড়যন্ত্ৰ চক্ৰান্তত কিয় লিপ্ত হৈ আনক আঘাত কৰিছা।মৃত্যুৰ শষ্যাত সকলো অসাৰ হৈ দেখা দিব।পাৰিলে আনক সহায় কৰা নহ'লে আঁতৰত থাকা,অপকাৰ নকৰিবা।

(সংগ্ৰহিত)"

এই পোষ্টটো আমাৰ হাতলৈ অহালৈ ১৮বাৰ শ্বেয়াৰ কৰা হৈছে।

ফটোখনত থকা মহিলাগৰাকী সচাকৈয়ে বিশ্ব বিখ্যাত ফেশ্বন ডিজাইনাৰ, লেখক কীৰজিদা ৰড্ৰিগুৱেজ হয়নে? আহক সত্যাসত্য জানো।

প্ৰণালী

প্ৰথমে আমি প্ৰাসংগিক কেইটামান শব্দ লৈ গুগল চাৰ্ছ কৰি চালো আৰু আমি দেখিলো যে কীৰজিদা ৰড্ৰিগুৱেজ সেই ফটোখনত দেখা মহিলাগৰাকীৰ দৰে দেখাত নহয়। আমি তেওঁৰ ইনষ্টাগ্ৰাম প্ৰোফাইলটোও পালো আৰু দেখিলো যে তেওঁ এগৰাকী ফেশ্বন ব্লগাৰ আছিল।

bloggerinsta.png

আমি লগতে কিছুমান বাতৰিও পালো যত উল্লেখ কৰা আছিল যে ৰড্ৰিগুৱেজে তেওঁৰ ইনষ্টাগ্ৰামত এই মন্তব্য কৰিছে বুলি পোষ্টটোত উল্লেখ কৰা হৈছে।

blogger3.png

কিন্তু আমি যেতিয়া সত্যাপন কৰিব চালো, আমি দেখিলো যে তেওঁ ইনষ্টাগ্ৰামত তেনেকুৱা একো কথা উল্লখ কৰা নাই।

WhatsApp Image 2020-09-29 at 17.13.19.jpeg

আমি কেইবাটাও লেখা পালো। যত লিখা আছিল যে ২০১৮ চনৰ চেপ্তেম্বৰত তেওঁ পাকস্থলীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল।

blogger1.png

ইয়াৰ পিছত আমি পোষ্টটোত থকা মহিলাগৰাকীৰ ফটো লৈ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ কৰি আন এগৰাকী কৰ্কট ৰোগীৰ এটা ব্লগ লেখা পালো।

blogger2.png

ফলাফল

ফেক্ট চেক কৰি পোৱা ফলাফল অনুসৰি পোষ্টটোত থকা মহিলাগৰাকী ফেশ্বন ডিজাইনাৰ আৰু ব্লগাৰ কীৰজিদা ৰড্ৰিগুৱেজ নহয়। পোষ্টটো বিভ্ৰান্তিকৰ।

Avatar

Title:ফটোত দেখা ব্যক্তিগৰাকী ফেশ্বন ডিজাইনাৰ কীৰজিদা ৰড্ৰিগুৱেজ নহয়!

Fact Check By: Manjori Borkotoky

Result: Misleading