
শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এই ভিডিঅ’টো প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে এইটো অযোধ্যাৰ দৃশ্য হয়নে নহয়, সেই সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

ভিডিঅ’টোত দেখা গৈছিল আকাশত ড্ৰোণৰ বিভিন্ন আলোক কাৰুকাৰ্য।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি চালোঁ। ফলত আমি দুমাহ আগতে লিংক্ডইনত আপলোড কৰা একেটা ভিডিঅ’ পালোঁ। সেই ভিডিঅ’টো ‘Firefly Drone Shows’ নামৰ একাউণ্টটোৰ ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে। পোষ্টটোৰ কেপছনত লিখা হৈছে- “৭০০ ড্ৰোণ। প্ৰতিখন ড্ৰোণে ৩,৬০০ লুমেন সৃষ্টি কৰে। আমাৰ সকলো ড্ৰোণ আমেৰিকাতে ঘৰুৱাভাৱে ডিজাইন কৰা আৰু নিৰ্মাণ কৰা! এইটোৱেই হৈছে বিশ্বৰ আটাইতকৈ উজ্জ্বল ড্ৰোণ উৰণ ব্যৱস্থা।”
ইয়াৰ পাছত ইউটিউবত এটা প্ৰাসংগিক শব্দেৰে সন্ধান কৰাৰ ফলত ২০২৪ চনৰ ১৮ জানুৱাৰীত ফায়াৰফ্লাই ড্ৰোন শ্ব’ছ নামৰ চেনেলটোত আপলোড কৰা এটা ভিডিঅ’ পালোঁ, যিটোত ৪৫ ছেকেণ্ডৰ পিছত ভাইৰেল ভিডিঅ’টো দেখা গৈছে।
তেওঁলোকৰ এইধৰণ বিভিন্ন কৰ্ম এইটো ৱেবছাইটত চাব পাৰিব।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত ২২ জানুৱাৰীত অযোধ্যাত হোৱা ড্ৰ’ন শ্ব’ দেখা যোৱা নাই। এইটো আমেৰিকাৰ পুৰণি ভিডিঅ’ আৰু ৰাম মন্দিৰৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:আমেৰিকাৰ পুৰণি ভিডিঅ’ অযোধ্যাৰ ড্ৰেণ আলোক প্ৰদৰ্শনী বুলি ভাইৰেল কৰা হৈছে।
Written By: Pranjal SharmaResult: False
