শ্বাহৰুখ খানে পেলেষ্টাইনৰ সমৰ্থনত পেলেষ্টাইনৰ পতাকাৰ জেকেট পৰিধান কৰিছে নেকি?

False Social

শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এখন ফটো ভাইৰেল হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। ফটোখনত ভাৰতৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানে এটা বিশেষ বৰণৰ জেকেট পিন্ধা দেখা গৈছে। লগতে এখন পতাকাও দেখা গৈছে। দাবী কৰা হৈছে যে শ্বাহৰুখ খানে পেলেষ্টাইনৰ সমৰ্থনত পেলেষ্টাইনৰ পতাকাৰ জেকেট পৰিধান কৰিছে। 

 Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?  

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি ডুবাইৰ মনোৰঞ্জন ৱেবছাইট ‘ডুবাইব্লিছ’ৰ ফেচবুক পেজত ভাইৰেল হোৱা সেই ফটোখন পালোঁ। ২০১৪ চনৰ ৯ আগষ্টত এই ফটোখন পোষ্ট কৰা হৈছিল। ফটোখনত দিয়া কেপচনত লিখা আছে যে এই ফটোখনত শ্বাহৰুখে ইউ এ ই অৰ্থাৎ সংযুক্ত আৰব আমিৰশ্বাহীৰ পতাকাৰ দৰে জেকেট পিন্ধিছে।

ইয়াৰ পাছত আমি ইউ এ ইৰ পতাকা আৰু পেলেষ্টাইনৰ পতাকাৰ পাৰ্থক্য বিশ্লেষণ কৰিলোঁ।

পেলেষ্টাইন আৰু ইউ এ ইৰ পতাকাৰ লগত মিলালে শ্বাহৰুখ খানৰ জেকেটৰ ছাপ ইউ এ ইৰ পতাকাৰ লগত হে মিলে।

ইউ এ ই আৰু পেলেষ্টাইন দুয়োখন দেশৰ পতাকাত সেউজীয়া, বগা, ক’লা আৰু ৰঙা ৰং আছে। বাওঁফালে ৰঙা ৰং আৰু বাকী তিনিটা ৰঙৰ তিনিটা ৰেখা আছে। ইউ এ ইৰ পতাকাৰ ৰেখাবোৰ ওপৰৰ পৰা তললৈকে। ৰঙৰ ক্ৰম হ’ল – সেউজীয়া, বগা আৰু ক’লা। একে সময়তে পেলেষ্টাইনৰ পতাকাখনৰ ৰঙৰ ক্ৰমটো হ’ল – ক’লা, বগা আৰু সেউজীয়া।

গুগলত বিভিন্ন কী-ৱৰ্ডেৰে সন্ধান কৰাৰ পাছতো আমি কোনো খবৰ পোৱা নাছিলো য’ত অভিনেতা শ্বাহৰুখ খানে বৰ্তমান ইজৰাইল-পেলেষ্টাইন সংকট সম্পৰ্কে কোনো টুইট বা বিবৃতি প্ৰকাশ কৰিছে বুলি উল্লেখ কৰা হৈছে। ইণ্টাৰনেটত শ্বাহৰুখ খানে পেলেষ্টাইনক সমৰ্থন কৰা কোনো খবৰ নাই।

কিন্তু ৯ বছৰ পূৰ্বে ২০১৪ চনৰ জুলাই মাহত অভিনেতা শ্বাহৰুখ খানে পেলেষ্টাইন সন্দৰ্ভত এটা টুইট কৰিছিল। তেওঁৰ টুইটত তেওঁ সৰু ল’ৰা-ছোৱালীক হত্যা কৰা কাৰ্যক গৰিহণা দি পেলেষ্টাইনৰ বাবে শান্তিৰ আহ্বান জনাইছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ফটোখনৰ সৈতে কৰা দাবীটো মিছা।তথ্য পৰীক্ষা কৰাৰ পিছত আমি দেখিলোঁ যে শ্বাহৰুখ খানৰ এখন ৯ বছৰ পুৰণি ফটো শেহতীয়াকৈ ইজৰাইল পেলেষ্টাইন সংঘাতৰ সৈতে জড়িত কৰি মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:শ্বাহৰুখ খানে পেলেষ্টাইনৰ সমৰ্থনত পেলেষ্টাইনৰ পতাকাৰ জেকেট পৰিধান কৰিছে নেকি?

Written By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *