
শেহতীয়াভাবে ২৮ মাৰ্চ ২০২৫ শুকুৰবাৰে ৰাতিপুৱাৰ ভাগত এক ভূমিকম্পই ম্যানমাৰ,থাইলেণ্ড আদি ৰাষ্ট্ৰ জোকাৰি যায়। তাৰ প্ৰভাৱ অসম তথা উত্তৰ পূৰ্বাঞ্চলতো পৰে। এই পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰে। অসমৰ বহুতো ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে তেনেকুৱা ফটো আৰু ভিডিঅ’ আপলোড কৰি সেয়া ম্যানমাৰৰ বুলি দাবী কৰা দেখা গৈছে। ভূমিকম্পত খহি পৰা কেইবাটাও অট্টালিকাৰ ফটো আপলোড কৰি সেইসমুহ ম্যানমাৰৰ আট্টালিকা বুলি দাবী কৰিছে এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে।
তাৰে ভিতৰত এখন বিশেষ ফটো আমাৰ দৃষ্টিগোচৰ হৈছে। সেই ফটোখনো ম্যানমাৰৰ বুলিয়েই দাবী কৰা হৈছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই বিশেষ ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি শেহতীয়া ভূমিকম্প সন্দৰ্ভত পৰিবেশন কৰা একাধিক বাতৰিৰ লিংক লাভ কৰিলোঁ। প্ৰথমতেই দেখিলোঁ যে NDTVয়ে এক বাতৰি পৰিবেশন কৰিছে। তাত বেংককৰ এটা অট্টালিকা ভূমিকম্পত খহি পৰা দেখা গৈছে। যিখন ফটো ম্যানমাৰৰ এটা খহি পৰা অট্টালিকা বুলি দাবী কৰা হৈছে, সেই ফটোখন বেংককৰ এই ভিডিঅ’টোৰ স্ক্ৰীণশ্বট বুলি আমি জানিব পাৰিলোঁ।
NEWS Firstৰ এটা বাতৰিতো বেংককৰ খহি পৰা সেই অট্টালিকাটো দেখা গৈছে।
The Guardianৰ বাতৰিত বেংককত ভূমিকম্পৰ ফলত খহি পৰা এটা অট্টালিকাৰ ভিডিঅ’টো আৰু তাৰ কেইবাখনো খণ্ডচিত্ৰ দেখিলোঁ। তাতেই আমি ম্যানমাৰৰ বুলি দাবী কৰা অসমৰ পোষ্টটোৰ সেই স্ক্ৰীণশ্বটটোও দেখা পালোঁ।
CNN worldৰ বাতৰিতো সেয়া বেংককৰ সেই অট্টালিকাটোৰ সেই খণ্ডচিত্ৰখন দেখিলোঁ।
Sky Newsৰ বাতৰিত ব্যৱহৃত ভিডিঅ’টোতো সেয়া ম্যানমাৰত অহা ৭.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময়ত বেংককত হোৱা জোকাৰণিত খহি পৰা এটা অট্টালিকা বুলি কোৱা হৈছে।
ইমানবোৰ তথ্য প্ৰমাণৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক ব্যৱহাৰকাৰীগৰাকীয়ে অইন কেইবাখনো ফটোৰ সৈতে ম্যানমাৰৰ ফটো বুলি প্ৰচাৰ কৰা সেই ফটোখন আচলতে বেংককৰ এটা অট্টালিকাৰ ফটোহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভুমিকম্পত খহি পৰা সেই অট্টালিকাৰ ফটোখন ম্যানমাৰৰ নহয়, বেংককৰ এটা খহি পৰা অট্টালিকাৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বেংককত ভূমিকম্পৰ ফলত খহি পৰা এটা অট্টালিকাৰ ফটো, ম্যানমাৰৰ বুলি দাবী।
Fact Check By: Pranjal SharmaResult: False
