এই দৃশ্যসমূহৰ ৰাজস্থানৰ শ্ৰী গংগানগৰত সংঘটিত গণধৰ্ষণৰ ঘটনাৰ সৈতে সম্পৰ্ক নাই।

Misleading Social

ৰাজস্থানৰ শ্ৰী গংগানগৰত এগৰাকী ১৩ বছৰীয়া কিশোৰীক অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ এক ঘটনা পোহৰলৈ আহিছে। কিশোৰীগৰাকীৰ ওপৰত পাঁচটা দিন চহৰখনৰ বিভিন্ন হোটেলত নিৰ্যাতন চলোৱা হৈছিল। এই সন্দৰ্ভত ৩২ জন সন্দেহযুক্তৰ ভিতৰত ১৫ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই পটভূমিত তিনিটা দৃশ্যাংশ সংযুক্ত এক ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া শ্ৰী গংগানগৰত ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ ভিডিঅ’ আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ ভিডিঅ’।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

ভিডিঅ’টোৰ প্ৰথম দৃশ্যাংশত এক অস্পষ্ট ভিডিঅ’ত এগৰাকী ছোৱালীয়ে কৈছে যে তাইৰ মৃত্যুৰ পাছত পুলিচকে ধৰি ঘটনাত জড়িত সকলো জালত পৰিব। দ্বিতীয় ভিডিঅ’টোতো অস্পষ্ট ৰূপত দেখা গৈছে এগৰাকী ছোৱালী চিকিৎসালয়ৰ বিচনাত থকা অৱস্থাত এগৰাকী মহিলা আৰু পুৰুষ ওচৰত বহি শান্ত্বনা দি আছে। তৃতীয় দৃশ্যাংশত কেইজনমান লোকক আৰক্ষীয়ে ৰছীৰে বান্ধি লৈ যোৱা দেখা গৈছে।

আমি ভিডিঅ’কেইটাৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু লগতে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। 

প্ৰথম দৃশ্যাংশ 

প্ৰথম দৃশ্যাংশৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি ৰাজস্থান পুলিচৰ অফিচিয়েল এক্স হেণ্ডেলত ৪ জুলাই ২০২৬ৰ এটা টুইট পালোঁ। সেই টুইটটোত ভাইৰেল ভিডিঅ’টোৰ প্ৰথম দৃশ্যাংশ সংলগ্ন কৰি ৰাজস্থান পুলিচৰ তৰফৰ পৰা স্পষ্টীকৰণ দি কোৱা হৈছে যে সেয়া ৰাজস্থানৰ শ্ৰী গংগানগৰত ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ ভিডিঅ’ নহয়। ভিডিঅ’টো উত্তৰ প্ৰদেশৰ হাৰদোই জিলাৰহে।

এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত চাব পাৰিব। প্ৰতিবেদন অনুসৰি উত্তৰ প্ৰদেশৰ হাৰদোই জিলাৰ বিলগ্ৰামত এগৰাকী ১১ বছৰীয়া শিশু গণধৰ্ষণৰ বলি হৈছিল।

দ্বিতীয় দৃশ্যাংশ 

দ্বিতীয় দৃশ্যাংশৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি দৈনিক ভাস্কৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল দৃশ্যাংশ সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি উত্তৰ প্ৰদেশৰ হাৰদোই জিলাৰ বিলগ্ৰামত এগৰাকী ১১ বছৰীয়া শিশু গণধৰ্ষণৰ বলি হৈছিল। শিশুটিক পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আন এটা ভিডিঅ’ ইয়াত চাব পাৰিব।

তৃতীয় দৃশ্যাংশ

তৃতীয় দৃশ্যাংশৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি ২০২৬ চনৰ ১৯ এপ্ৰিলত এটা এক্স হেণ্ডলত কৰা টুইট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। কেপশ্বন অনুসৰি গুজৰাটৰ খেড়াত এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৮ জন‌ক গ্ৰেপ্তাৰ কৰা হয়।

ইণ্ডিয়া টিভিত ২০২৬ চনৰ ১৮ এপ্ৰিলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গুজৰাটৰ খেড়াত এগৰাকী নাবালিকা গণধৰ্ষণৰ বলি হৈছিল। অভিযুক্তসকলে তিনি বছৰ ধৰি ভুক্তভোগীক নিৰ্যাতন চলাইছিল। ৮ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

আন এক প্ৰতিবেদন তলত চাব পাৰিব।

ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল দৃশ্যাংশসমূহ শ্ৰী গংগানগৰৰ নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোৰ দৃশ্যাংশসমূহৰ ৰাজস্থানৰ শ্ৰী গংগানগৰত সংঘটিত ধৰ্ষণৰ ঘটনাৰ সৈতে সম্পৰ্ক নাই। প্ৰথম দুটা দৃশ্যাংশ উত্তৰ প্ৰদেশৰ হাৰদোই জিলাৰ বিলগ্ৰামত ধৰ্ষণৰ বলি হোৱা এগৰাকী নাবালিকাৰ আৰু তৃতীয় দৃশ্যাংশ গুজৰাটৰ খেড়াত নাবালিকা ধৰ্ষণৰ অভিযোগত অভিযুক্তকেইজনক আৰক্ষীৰ জিম্মাত লোৱা সময়ৰ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: এই দৃশ্যসমূহৰ ৰাজস্থানৰ শ্ৰী গংগানগৰত সংঘটিত গণধৰ্ষণৰ ঘটনাৰ সৈতে সম্পৰ্ক নাই।

Fact Check By: Fact Crescendo Team

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *