অসম চৰকাৰে অসমৰ নুমলীগড় ৰিফাইনাৰী লিমিটেড(এনআৰএল) বিক্ৰী কৰি দিয়া বুলি দাবী কৰি কেইবাটাও পোষ্ট ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ইয়াকো দাবী কৰা হৈছে যে শেহতীয়াভাৱে অসম চৰকাৰে বিপিচিএল, বা ভাৰত ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেডৰ অধিনত থকা সম্পূৰ্ণ ৬২ শতাংশ অংশীদাৰিত্ব বিক্ৰী কৰি দিছে। সৰহ সংখ্যক পোষ্টৰেই একেই কেপছন আৰু তাৰে বহুতেই গৌৰি লংকেশ নিউজ নামৰ পোৰ্টেল এটাৰ বাতৰি এটাৰ লিংকটো শ্বেয়াৰ কৰিছে।

পোষ্টবিলাকৰ সৰহসংখ্যকৰে কথাখিনি তলত দিয়া ধৰণে অনুৰূপ:

“#এইবিলাক_ব্ৰেকিং_নিউজ_নহয়-

নিৰ্বাচনৰ মাজতে অসমৰ গৌৰৱ নুমলিগড় ৰিফাইনেৰী নীলাম ত বিক্ৰী হল।

*****

দেশৰ বৃহত্তম ব্যক্তিগতকৰণৰ ঘটনাটো তথা নীলামত বিক্ৰী হোৱাৰ বৃহত্তম ঘটনাটো এইখন অসমত নিৰ্বাচনৰ মজতেই হৈ গল। বিক্ৰী হৈ গল অসমৰ অন্যতম গৌৰৱ নুমলিগড় ৰিফাইনেৰী।

ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচনৰ সৈতে যুগ্ম ভাবে অসম চৰকাৰে চলাই থকা নুমলিগড় ৰিফাইনেৰীৰ সম্পূৰ্ণ চৰকাৰী অংশ ( ৬২ শতাংশ ) যোৱা ২৫ মাৰ্চ ২০২১ তাৰিখে নিৰ্বাচনৰ হৈ চৈৰ মাজতে বিক্ৰী কৰি দিয়া হল।

বণিয়াৰ হাতত তুলি দিয়া হল শ শ মানুহ শ্বহীদ হোৱা আন্দোলনৰ ফচল।

এই বিক্ৰী আজিৰ তাৰিখত দেশৰ বৃহত্তম ব্যক্তিগত কৰণ বিক্ৰী। ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচনৰ ব্যক্তিগত কৰণৰ দিশত এইটো সৰ্ববৃহৎ বিক্ৰী। ২০২১-২২ ত এই ক্ষেত্ৰত ব্যক্তিগত কৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ১.৭৫ লাখ কোটি টকা। নুমলিগড় ৰিফাইনেৰী দেশৰ বৃহত্তম চৰকাৰী ৰেটেইল ডিপো চেইনো আছিল।

ইমান ৰ পিছতো বাতৰি কাকতৰ আগ গোৰ ভৰাই প্ৰতিশ্ৰুতি ৰ বিজ্ঞাপন।

ইমানখিনি হোৱাৰ পিছতো ৰাইজে হেনো তেওলোকৰ শাসনেই বিচাৰিছে।

ধন্য দেশ ধন্য জাতি।

বি:দ্ৰ:- দিনেশ বৈশ্য ছাৰৰ ৱালৰ পৰা।“

Original Link- Facebook | Archived Link

Original Link- Facebook | Archived Link

Original Link- Facebook | Archived Link

কিছুমান ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা লিংকটোৰ কথাখিনি তলত দিয়া ধৰণৰ:

Original Link-Gauri Lankesh News | Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰি জানিব পাৰিলো যে দাবীটো মিছা।

সত্যতা নিৰূপন পদ্ধতি:

আমি কেইটামান প্ৰাসংগিক শব্দ লৈ গুগল ছাৰ্চ কৰি এই বিষয়টো সন্দৰ্ভত প্ৰকাশ হোৱা বাতৰিৰ সন্ধান কৰিলো। আমি এটা উদ্ধৃতিৰ সৈতে লিখা এটা পালো, "২০২১ চনৰ ২৫মাৰ্চত বিপিচিএল আৰু অইল আৰু ইআইএলৰ কনছোৰ্টিয়ামৰ মাজত এনআৰএৰ ৯,৪৭৫.৯৬ কোটিৰ ৪৩.০৫ কোটি টকা কনছোৰ্টিয়ামলৈ বিক্ৰী কৰাৰ বাবে এখন ক্ৰয় বিক্ৰয়ৰ চুক্তিস্বাক্ষৰ হয়।"

Original Link- Business Today | Archived Link

বাতৰিসমুহৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে অসম চৰকাৰৰ দ্বাৰা এনআৰএল বিক্ৰী কৰি দিয়া হোৱা নাই। বিপিচিএল হে ব্যক্তিগতকৰণ কৰা হৈছে আৰু ব্যক্তিগতকৰণ হোৱাৰ পূৰ্বে তেওঁলোকৰ অসমৰ নুমলীগড় ৰিফাইনাৰীত থকা ৬১.৫ শতাংশ সম্পূৰ্ণ অংশিদাৰীত্ব অইল ইণ্ডিয়া লিমিটেড আৰু ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়াৰ এক কনছোৰ্টিয়াম আৰু অসম চৰকাৰক ৯,৮৭৬ কোটি টকাত বিক্ৰী কৰি দিছে।

Toi NRL.png

Screenshot, The Times of India article

Original Link- The Times of India | Archived Link

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰিটো প্ৰকাশ কৰা হৈছে যে অসম চুক্তি অনুসৰিয়ে চৰকাৰে নুমলীগড় ৰিফাইনাৰীক ৰাজহুৱা খণ্ডৰ অধিনতে ৰখাৰ সিদ্ধান্ত গ্ৰহন কৰিছে। সেইমৰ্মে বিপিচিএল এ তেওঁলোকৰ ৬১.৬৫শতাংশ অংশীদাৰীত্ব ৰাজ্যাধিন প্ৰকল্পলৈ বিক্ৰী কৰিবলগীয়া হৈছে।

আমি আনকি বিস্তাৰিত কিছু বাতৰিও পালো য'ত উল্লেখ আছে যে এনআৰএলৰ বিক্ৰী হৈছে বিপিচিএলৰ নিৰ্বিনিয়োজনৰ প্ৰথম পদক্ষেপ। চৰকাৰে ইয়াকো প্ৰকাশ কৰিছে যে বিত্তীয় বৰ্ষৰ আৰম্ভনীতেই(২০২১-২২)বিপিচিএলৰ ব্যক্তিগতকৰণৰ কাম সম্পূৰ্ণ কৰা হ'ব। এই কৰ্মৰ লক্ষ্য হৈছে ২০২১-২২ বৰ্ষৰ বাবে ১.৭৫ লাখ কোটি টকাৰ নিৰ্বিনিয়োজনৰ লক্ষ্য সম্পূৰ্ণ কৰা।

ফলাফল:

এনআৰএল বিক্ৰী বা ব্যক্তিগতকৰণ হ'বলৈ যোৱা নাই। ইয়াৰ সিংহভাগ অংশীদাৰীত্ব থকা বিপিচিএলহে ব্যক্তিগতকৰণ হ'বলৈ গৈ আছে আৰু এনআৰএলক ৰাজহুৱা খণ্ডতেই ৰখাৰ বাবে ইয়াৰ ৬১.৬৫শতাংশ অংশীদাৰীত্ব ৰাজ্যৰ অধিন ফাৰ্মলৈ বিক্ৰী কৰা হৈছে।

Avatar

Title:FACT CHECK: অসমৰ নুমলীগড় ৰিফাইনাৰী ব্যক্তিগতকৰণ কৰা হোৱা নাই!

Fact Check By: Manjori Borkotoky

Result: False