FACT CHECK: পাকিস্তানী মৌলানা তাৰিক জামিল পথ দুৰ্ঘটনাত আহত হোৱাৰ বাতৰি মিছা

Uncategorized

শেহতীয়াকৈ, ছ’চিয়েল মিডিয়া ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছিল য’ত দাবী কৰা হৈছিল যে বিখ্যাত পাকিস্তানী মৌলানা তাৰিক জামিল এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে। পোষ্টটোত দুখন ফটোৰ এটা ক’লাজ আছে য’ত বগা পোছাক পিন্ধা এজন মানুহ বাওঁফালে ৰক্তক্ষয়ী অৱস্থাত বিচনাত পৰি আছে আৰু সোঁফালে তাৰিক জামিলৰ এখন ছবি আছে। পোষ্টটোৰ শিৰোনামটোত লিখা আছে, “উপমহাদেশৰ বিশিষ্ট আলেমদিন মৌলানা তাৰিক জামিল এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে। আল্লাহ সৰ্বশক্তিমানৰ আশীৰ্বাদত দ্ৰুত পুনৰুদ্ধাৰ হওঁক। আমেন। “

Facebook link | Archived Link

তথ্যবোৰ পৰীক্ষা কৰি, আমি দেখিছোঁ যে এই দাবী ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ। তাৰিক জামিলে নিজেই নিশ্চিত কৰিছে যে তেওঁৰ স্বাস্থ্য ঠিকেই আছে আৰু তেওঁৰ কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাছিল। 

লক্ষণীয় যে ইছলাম ধৰ্মৰ প্ৰচাৰক মৌলানা তাৰিক জামিল ভাৰত, বাংলাদেশ আৰু পাকিস্তানৰ মুছলমান ধৰ্মৰ অনুগামীসকলৰ মাজত অতি জনপ্ৰিয়। তেওঁৰ দুৰ্ঘটনাৰ ভুৱা বাতৰি বাংলাদেশৰ লগতে ভাৰততো ভাইৰেল হৈ পৰিছে। 

সত্যতা নিৰূপন পদ্ধতি

এই দাবীটো প্ৰমাণিত কৰিবলৈ, আমি প্ৰথমে প্ৰাসঙ্গিক কীৱৰ্ডৰ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰোঁ। ফলস্বৰূপে, দৈনিক পাকিস্তানৰ এক প্ৰতিবেদন বিচাৰি পাওঁ যাৰ অনুসৰি, মৌলানা তাৰিক জামিলে এক দুৰ্ঘটনাত তেওঁ আঘাতপ্ৰাপ্ত হোৱাৰ খবৰটো মিছা বুলি নিশ্চিত কৰিছে আৰু তেওঁ লগতে নিশ্চিত কৰে যে তেওঁৰ স্বাস্থ্য ভালে আছে।

Screenshot, Daily Pakistan news report

Daily Pakistan Link | Archived Link

ইয়াৰ উপৰিও তাৰিক জামিলৰ অফিচিয়েল ফেচবুক একাউণ্টৰ পৰা ১৪ নৱেম্বৰত এটা পোষ্ট আপলোড কৰি বাতৰিটো ভুৱা বুলি স্পষ্ট কৰা হৈছিল। পোষ্টটোত উৰ্দুত লিখা হৈছে, “মৌলানা তাৰিক জামিলৰ দুৰ্ঘটনাৰ বাতৰি যোৱা নিশাৰ পৰা শ্বেয়াৰ কৰা হৈছে যিটো সম্পূৰ্ণ ভিত্তিহীন। আলহামদুলিল্লাহ মৌলানা চাহিব সুস্থ আৰু স্বাস্থ্যৱান।” 

তাৰ পিছত ভাইৰেল ছবিখনৰ উৎস বিচাৰিবলৈ আমি গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ কৰোঁ। ফলাফলবোৰে দেখুৱাইছে যে ছবিখন ২০১৯ চনত ভাইৰেল হৈছিল আৰু আঘাতপ্ৰাপ্ত ব্যক্তিজন আজম জামিল বুলি এজন ব্যক্তি আছিল । ৩১ মে, ২০১৯ তাৰিখে শ্বেয়াৰ কৰা এটা পোষ্টত শিৰোনামটোত লিখা আছে, “বিশিষ্ট যুৱ ধৰ্মীয় পণ্ডিত আজম জামিল চাহেব এটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল।” 

Facebook Link

আমি আৰু দেখিলোঁ যে আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ আন ফালৰ পৰা তোলা কিছুমান ছবিও ৩১ মে, ২০১৯ তাৰিখে ফেচবুকত শ্বেয়াৰ কৰা হৈছিল। ইয়াত আৰু ইয়াত ছবি বোৰ চাওঁক । এই ছবিবোৰৰ পৰা এইয়া স্পষ্ট যে এই ব্যক্তিজন মৌলানা তাৰিক জামিল নহয়। 

ফলাফল 

তথ্যবোৰ পৰীক্ষা কৰাৰ পিছত, ফেক্ট ক্ৰেচেণ্ডোই এই সিদ্ধান্তত উপনীত হৈছে যে ওপৰোক্ত দাবীটো ভুল আৰু ভিত্তিহীন। তাৰিক জামিলে নিজেই স্পষ্ট কৰিছে যে তেওঁৰ স্বাস্থ্য ঠিকেই আছে আৰু তেওঁৰ সৈতে কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাই ।

Avatar

Title:পাকিস্তানী মৌলানা তাৰিক জামিল পথ দুৰ্ঘটনাত আহত হোৱাৰ বাতৰি মিছা

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *