শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা টি-২০ ক্ৰিকেট বিশ্বকাপত পাকিস্তানে ভাৰত-পাকিস্তানৰ মেচখন জিকিছিল। তাৰ পিছত কাশ্মীৰৰ কিছুমান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পাকিস্তানৰ বিজয় উদযাপন কৰা কিছু ভিডিঅ' ভাইৰেল হৈ পৰিছিল। এই সন্দৰ্ভত এটা বাৰ্তা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

ই দাবী কৰে যে "শ্ৰীনগৰ চিকিৎসা মহাবিদ্যালয়ত পাকিস্তান জিন্দাবাদৰ শ্ল'গান দিয়া ১০০ জন শিক্ষাৰ্থীৰ ডিগ্ৰী বাতিল কৰা হৈছে আৰু তেওঁলোকে আৰু চিকিৎসক হ'ব নোৱাৰে।"

ভাইৰেল দাবীটো আমাৰ ২৪x৭ হোৱাটছএপ হেল্পলাইন নম্বৰত সত্যতা নিৰ্ধাৰণৰ বাবে অনুৰোধ কৰি প্ৰেৰণ কৰা হৈছিল। Archived Link

উক্ত দাবীটো ফেক্ট ক্ৰেচেণ্ডোৰ অনুসন্ধানৰ পাছত মিছা প্ৰমাণিত হৈছে। কাৰণ আমি জানিব পাৰিছোঁ যে ভাইৰেল হৈ থকা দাবীটো সম্পূৰ্ণৰূপে মিছা। শ্ৰীনগৰৰ চিকিৎসা মহাবিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থীৰ ডিগ্ৰী বাতিল কৰা হোৱা নাই ।

৩০ অক্টোবৰ, ২০২১ তাৰিখে এনে ধৰণৰ এটা পোষ্ট শশাংক কাশ্যপ নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে আপলোড কৰিছিল। "পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া,,শ্ৰী নগৰ মেডিকেল কলেজৰ ১০০ গৰাকী সুন্দৰী এতিয়া ডাক্তৰ হ'ব নোৱাৰে,, চৰকাৰে তেওঁলোকৰ ডিগ্ৰী বাতিল কৰিলে ....😁😂😂," বুলি পোষ্টটোত দাবী কৰা হৈছে।

Facebook Link | Archived Link

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে আমি কিছু কীৱৰ্ড ব্যৱহাৰ কৰি গুগলত অনুসন্ধান কৰিছিলো আৰু আমি তেনে কোনো নিৰ্ভৰযোগ্য বাতৰি বা প্ৰবন্ধ বিচাৰি পোৱা নাছিলো য'ত শ্ৰীনগৰ চিকিৎসা মহাবিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থীৰ ডিগ্ৰী বাতিল কৰা হৈছে বুলি নিশ্চিত কৰা হৈছে।

আমি তেতিয়া শ্ৰীনগৰৰ কোন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী জড়িত বুলি জানিবলৈ চেষ্টা কৰি আছিলো। চলিত বৰ্ষৰ ২৬ অক্টোবৰত জনসত্তাই প্ৰকাশ কৰা এক বাতৰি অনুসৰি শ্ৰীনগৰৰ দুখন চিকিৎসা মহাবিদ্যালয়, চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু শ্বেৰ-ই-কাশ্মীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান শ্ৰীনগৰ (এছকেআইএমএছ)ৰ ছাত্ৰ-ছাত্ৰীসকলে পাকিস্তানৰ বিজয় উদযাপন কৰাৰ অভিযোগ উত্থাপিত হৈছে।

এইটো মনত ৰাখি ফেক্ট ক্ৰেচেণ্ডোৱে প্ৰথমে এছ.কে.আই.এম.এছ. মহাবিদ্যালয়ৰ কাষ চাপিছিল। 'এছকেআইএমএস কলেজে এনে কোনো ঘটনা ঘটা নাই,' বুলি তেওঁলোকে আমাক জনালে । "পাকিস্তানৰ বিজয়ৰ পিছত, পাকিস্তান জিন্দাবাদৰ কোনো শ্ল'গান নাছিল। আমাৰ কলেজৰ শিক্ষার্থী ইণ্টাৰনেটত ভাইৰেল হোৱা কোনো ভিডিঅ'ত নাই," বুলি তেওঁলোকে লগতে ক'লে ।

আমি ইয়াৰ পাছত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, ডাঃ চৈয়দ সাঝাদ নাজিৰৰ, কাষ চাপিছিলো যিয়ে দাবীটো নাকচ কৰিছিল। "এইটো ভুৱা বাতৰি," তেওঁ কৈছিল, "চৰকাৰে কাৰো ডিগ্ৰী বাতিল কৰিব নোৱাৰে।"

আমি এজন স্থানীয় সাংবাদিকৰ সৈতেও যোগাযোগ কৰিছিলো। শ্ৰীনগৰস্থিত সাংবাদিক বাসিত জাৰ্গাৰে কয়, "ভাইৰেল দাবীটো সম্পূৰ্ণৰূপে মিছা আৰু ভুৱা। মেডিকেল কলেজৰ শিক্ষার্থীৰ ডিগ্রী বাতিল কৰা হব বুলি কোনো তথ্য নাই ।

ফেক্ট ক্ৰেচেণ্ডো জম্মু আৰু কাশ্মীৰ ছাত্ৰ সন্থাৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নাছিৰ খুহমীৰ সংস্পৰ্শলৈ আহিছিল। তেওঁ আমাক কৈছিল যে 'ভাইৰেল দাবীটো মিছা। বিষয়টো এতিয়াও তদন্তৰ অধীনত আছে আৰু চৰকাৰে তেনে কোনো সিদ্ধান্তত উপনীত হোৱা নাই। এতিয়া পৰ্যন্ত তেনে কোনো আদেশ জাৰি কৰা হোৱা নাই যাৰ ভিত্তিত শিক্ষার্থী সকলৰ ডিগ্রী বাতিল কৰা হব পাৰে ।

বাৰ্তালাপৰ সময়ত তেওঁ আমাক এইটোও কৈছিল যে "গোচৰটোৰ তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছে যে এছকেআইএমএছ মহাবিদ্যালয়ত পাকিস্তানৰ বিজয় উদযাপন কৰা আৰু ইয়াৰ বাবে শ্ল'গান দিয়াৰ কোনো প্ৰতিবেদন পোৱা হোৱা নাই। আৰক্ষীয়ে জানিব পাৰিছে যে ভাইৰেল হোৱা ভিডিঅ'টো এছকেআইএমএছ মহাবিদ্যালয়ৰ নহয়।

ইয়াৰ পিছত আমি ছবিখন ভাইৰেল হোৱাৰ বিষয়ে গৱেষণা কৰিছিলো। গুগল ৰিভাৰ্চ ইমেজ চাৰ্চে প্ৰকাশ কৰিছিল যে ছবিখন ২০১৭ চনত তোলা হৈছিল।

ছবি ১: Kashmir Global

ছবি ২: News 18

এই বাতৰি ২০১৭ চনৰ নৱেম্বৰত প্ৰকাশ হৈছিল।

আমি তেতিয়া শ্ৰীনগৰৰ এছএছপি সন্দীপ চৌধুৰীৰ সৈতেও যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু তেওঁ এতিয়ালৈকে আমাক কোনো সঁহাৰি দিয়া নাই। উত্তৰ অহাৰ লগে লগে আমি ইয়াত আপডেট কৰিম।

ফলাফল

সেয়েহে, আমাৰ অনুসন্ধানৰ ফলত ওপৰোক্ত পোষ্টটো মিছা বুলি প্ৰমাণিত হয় কিয়নো আমি দেখিছিলো যে ভাইৰেল হৈ থকা দাবীটো সম্পূৰ্ণ মিছা আছিল। শ্ৰীনগৰৰ চিকিৎসা মহাবিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থীৰ ডিগ্ৰী বাতিল কৰা হোৱা নাই।

Avatar

Title:শ্ৰীনগৰ চিকিৎসা মহাবিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থীয়ে পাকিস্তান জিন্দাবাদৰ শ্ল'গান দিয়াৰ বাবে ডিগ্ৰী নাপাব নেকি? সত্যটো কি জানক!

Fact Check By: Manjori Borkotoky

Result: False