
২০২০চনৰ ২৫ নৱেম্বৰত আৰ্জেন্টিনাৰ ফুটবল কিংবদন্তী ডিয়েগো মাৰাডোনাই শেষ নিশ্বাস ত্যাগ কৰে আৰু তেতিয়াৰে পৰা ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ শ্ৰদ্ধাঞ্জলীমূলক পোষ্ট উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে।
তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড জে.ট্ৰাম্পৰ নামত কৰা এটা টুইটৰ স্ক্ৰিনশ্বট টুইটাৰ আৰু ফেচবুকত ভাইৰেল হৈ পৰা দেখা গৈছে, য’ত মাৰাডোনাক এগৰাকী মহিলা আৰু গায়িকা হিচাপে লিখা দেখা গৈছে।
সেই স্ক্ৰিনশ্বটটো সৈ কৰা পোষ্ট অসমতো ফেচবুক ব্যৱহাৰকাৰীসকলে প্ৰকাশ কৰা দেখা গৈছে। তেনেকুৱা এটা পোষ্টেই নিহাৰিকা শইকীয়া নামৰ এজনে ২০২০ চনৰ ২৬ নৱেম্বৰত আবেলি ৪:৩২ বজাত দিয়া দেখা গৈছে আৰু তাত লিখিছে “ট্ৰাম্পে কি কৈছে চাওঁক!”
Original Link- Facebook | Archived Link
Shared from: Original Link- Facebook | Archived Link
ইয়াৰ উপৰিও আন বহুতেই তেনেকুৱা পোষ্ট শ্বেয়াৰ কৰিছে আৰু কৈছে যে এইটো সঁচাকৈ ট্ৰাম্প কৰা পোষ্ট, যিয়ে আনকি মেডোনা আৰু মাৰাডোনাৰ মাজৰ পাৰ্থক্যয়ে নাজানে।
এই বিষয়ে ফেক্ট ক্ৰেছেণ্ডোৱে সত্যতা নিৰুপন কৰিছিলো আৰু পালো যে সেই টুইটটো স্বাভাৱিক বা সত্য নহয়।
সত্যতা নিৰুপন পদ্ধতি
প্ৰথমে আমি সেই টুইটটো ট্ৰাম্পৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত বিচাৰি চালো, কিন্তু নাপালো। আমি পালো যে তেওঁ মাৰাডোনাৰ মৃত্যু সম্পৰ্কত একোৱেই টুইট কৰা নাই। আমি আনকি ট্ৰাম্পৰ অফিচিয়েল ফেচবুক একাউন্টটোও চালো, তাতো আমি মাৰাডোনাৰ মৃত্যু সম্পৰ্কত তেনেধৰণৰ কোনো পোষ্ট দেখা নাপালো।
Original Link- Twitter | Archived Link
তাৰ পিছত আমি ট্ৰাম্পৰ অফিচিয়েল হেণ্ডেলৰ আন বিভিন্ন টুইট পৰীক্ষা কৰিলো আৰু স্ক্ৰিণশ্বটৰ টুইটটোৰ সৈতে তাক তুলনা কৰিবলৈ যত্ন কৰিলো। আমি দেখিলো যে ভাইৰেল হোৱা স্ক্ৰিনশ্বটটোৰ টুইটটোত নামটোত আৰু আখৰবোৰৰ মাজত কিছুমান অস্বাভাৱিক ঠাই ৰৈ গৈছে, যিটো ট্ৰাম্পৰ অফিচিয়েল হেণ্ডেলৰ স্বাভাৱিক টুইটত নাই। ভাইৰেল হোৱা স্ক্ৰিণশ্বটটো এডিট কৰা বা মৰ্ফ কৰা হয় ।

লগতে আমি দেখিলো যে একেটা স্ক্ৰিনশ্বটেই টুইটাৰ আৰু ফেচবুকত বিভিন্ন সময়ত বহুবাৰ পোষ্ট কৰা হৈছে, য’ত ৰিটুইট, কমেন্ট আৰু লাইকৰ পৰিমান অস্বাভাৱিক ভাৱে একেই আছে । অৰ্থাত একে সময়তে একেটা স্ক্ৰিনশ্বট ইমান মানুহে লোৱা সম্ভৱ নহয়, যদিওবা সেই টুইটটো আচলো হলহেঁতেন।
আমি এই সম্পৰ্কে এক ৱেবছাইট খুলি চালোঁ য’ত ট্ৰাম্পৰ সকলো টুইট আৰ্কাইভ কৰা হয়, কিন্তু উক্ত ৱেবছাইটটোত আমি ট্ৰাম্পৰ মাৰাডনাৰ বিষয়ে কোনো টুইট দেখা নাপালোঁ ।
Original Link- The Trump Archive
ফলাফল
ট্ৰাম্পে মাৰাডোনা সম্পৰ্কে টুইট কৰা বুলি প্ৰকাশ কৰা স্ক্ৰিণশ্বটটো মিছা আৰু মৰ্ফ কৰা।