এইটো শেহতীয়াকৈ গুৱাহাটী-শ্বিলং ৰোডত হোৱা ভূমিস্খলনৰ ভিডিঅ’ নহয়!

False International
landslide.png

ফেচবুক লিংকসংৰক্ষিত লিংক

শেহতীয়াকৈ ফেচবুকত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত এটা ব্যস্ত ৰাজপথৰ ওপৰত এক প্ৰকাণ্ড ভূমিস্খলন হৈ পাহাৰীয়া মাটি খহি পৰা দেখা গৈছে । বিভিন্নজনে দাবী কৰিছে যে ভিডিঅ’টোত দেখা পোৱা পথটো গুৱাহাটী-শ্বিলং ৰোড হয় আৰু এই ঘটনাটো শেহতীয়াকৈ হোৱা নেৰানেপেৰা বৰষুণ আৰু পাহাৰ কাটি পথ নিৰ্মাণৰ ভয়ংকৰ পৰিণতি হয় । ঘটনাটো ২১ মে’, ২০২০ তাৰিখৰ হয় বুলিও কিছুমান ফেচবুক পোষ্টটোত উল্লেখ আছে । এনে ধৰনৰ বহুতো ফেচবুক পোষ্ট ইতিমধ্যে অসমত ভাইৰেল হৈ পৰিছে । 

সুৰ মলয়া নামৰ এক ফেচবুক পে’জৰ পৰা উক্ত ভিডিঅ’টো ২১ মে’, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু ভিডিঅ’টো বৰ্তমানলৈ ১৭৪ বাৰ শ্বেয়াৰ হৈছে আৰু ৬.৩ হাজাৰবাৰ দৰ্শন কৰা হৈছে । ফেচবুক পোষ্টটোত ভিডিঅ’টোৰ সম্বলিতে, “গুৱাহাটী-শ্বিলং ৰাষ্টাত” বুলি লিখা আছে । 

উল্লেখযোগ্য যে সাগৰীয় ঘূৰ্ণি বতাহ ‘আমফান’য়ে শেহতীয়াকৈ ভাৰতৰ উৰিষ্যা, পশ্চিম বেংগলকে ধৰি অসমৰ লগতে আন চুবুৰীয়া ৰাজ্যত বহুত ক্ষতি সাধন কৰা বুলি বিভিন্ন বাতৰি আহি আছে । ইয়াৰ ফলত এই ৰাজ্যবোৰত বৰষুণ আৰু ভূমিস্খলন হোৱাৰ বাতৰিও প্ৰকাশ পাইছে । 

সঁচাকৈ ভিডিঅ’টোত দেখা পোৱা পথটো গুৱাহাটী-শ্বিলং ৰো’ড হয় নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

প্ৰথমে আমি ভাইৰেল ভিডিঅ’টো বিশেষ ছফ্টৱেৰৰ সহায়ত কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । আমি দেখিলোঁ যে ভিডিঅ’টো এতিয়াৰ নহয় বৰঞ্চ এপ্ৰিল ৯, ২০২০ তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল আৰু ঘটনাটো ইণ্ডোনেছিয়াৰ হয়, ভাৰতৰ নহয় । 

আমি ইউটিউবৰ এটা চেনেলত উক্ত ভিডিঅ’টো এপ্ৰিল ৯, ২০২০ তাৰিখে আপলোড হোৱা দেখিলোঁ আৰু ভিডিঅ’টোৰ শিৰোনামাত ‘চুকানেগেৰা’ নামৰ এটা শব্দ দেখিলোঁ । ‘চুকানেগেৰা’ বুলি আমি চাৰ্ছ কৰি দেখিলোঁ যে এই ঠাইখন পশ্চিম জাভা, ইণ্ডোনেছিয়াত অৱস্থিত । 

landslide1.png

ইউটিউব লিংকসংৰক্ষিত লিংক

আমি এই বিষয়ে কোনো আপডেট আছে নেকি জানিবলৈ মেঘালয় পুলিচৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো চালোঁ । আমি দেখিলোঁ যে এই ভূমিস্খলনটোৰ বিষয়ে মেঘালয় চৰকাৰে ইতিমধ্যে এক স্পষ্টীকৰণ দিছে । তেওঁলোকে জনাইছে যে ভূমিস্খলনৰ ভিডিঅ’টো আচলতে ইণ্ডোনেছিয়াত অৱস্থিত ‘চুকানেগেৰা’ নামৰ ঠাইখনৰ হয়, মেঘালয়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নহয় । 

landslide2.png

টুইটাৰ লিংকসংৰক্ষিত লিংক

ফলাফল

ভাইৰেল ভিডিঅ’টো গুৱাহাটী-শ্বিলং ৰোডৰ নহয় বৰঞ্চ ইণ্ডোনেছিয়াৰ ‘চুকানেগেৰা’ নামৰ এখন ঠাইৰ হয় । গুৱাহাটী-শ্বিলং ৰোডত এই ভূমিস্খলন শেহতীয়াকৈ হৈছে বুলি জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰা হৈছে ।

Avatar

Title:এইটো শেহতীয়াকৈ গুৱাহাটী-শ্বিলং ৰোডত হোৱা ভূমিস্খলনৰ ভিডিঅ’ নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *