ইণ্ডিয়ান অইলে ইন্ধন টেংক সম্পূৰ্ণকৈ ভৰ্তি কৰিবলৈ মানা কৰা নাই

False Social

যোৱা কিছুদিন ধৰি হোৱাটচ‌এপ যোগে এটা বিশেষ বাৰ্তা প্ৰচাৰ হোৱা দেখা গৈছে। সেই বাৰ্তাটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছে। বাৰ্তাটোত ইণ্ডিয়ান অইলৰ পৰা অহা এটি সতৰ্কবাণীৰ এখন ফটো শ্বেয়াৰ কৰা হৈছে। Archived Link

ফটোখনত ইণ্ডিয়ান অইলৰ ল’গ’সহ লিখা বাৰ্তাটো এনেধৰণৰ :

“অনাগত দিনবোৰত তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা আছে, সেয়ে আপোনাৰ বাহনত পেট্ৰ’ল সম্পূৰ্ণৰূপে উচ্চ সীমালৈ নভৰাব। অন্যথা ইন্ধন টেংকত বিষ্ফোৰণ হ’ব পাৰে। অনুগ্ৰহ কৰি টেংকত আধালৈকেহে ইন্ধন ভৰাব যাতে বায়ুৰ বাবে ঠাই খালী থাকে। এইটো সপ্তাহত সম্পূৰ্ণকৈ পেট্ৰ’ল ভৰোৱাৰ ফলত ৫ টা বিষ্ফোৰণৰ দূৰ্ঘটনা সংঘটিত হৈছে।

অনুগ্ৰহ কৰি দিনত এবাৰকৈ পেট্ৰ’ল টেংক খুলিব যাতে ভিতৰত উৎপন্ন হোৱা গেছ বাহিৰলৈ ওলাই যাব পাৰে।

বি:দ্ৰ: এই বাৰ্তাটো আপোনাৰ পৰিয়াল আৰু সকলোলৈকে পঠিয়াওক, যাতে এই দূৰ্ঘটনাৰ পৰা হাত সাৰিব পৰা যায়।“

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই তদন্ত কৰি গম পালোঁ যে এই বাৰ্তাটো ইণ্ডিয়ান অইলৰ ফালৰ পৰা ফ’ৰৱাৰ্ড কৰা হোৱা নাছিল।

সত্যতা নিৰূপণ পদ্ধতি:

বাৰ্তাটোত থকা কথাখিনি সন্দেহজনক যেন লগাত আমি কীৱৰ্ড ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ, কিন্তু একো বিচাৰি নাপালোঁ ।

আমি লগতে ইণ্ডিয়ান অইলৰ টুইটাৰ একাউণ্টত এটা পুৰণি টুইট পালোঁ য’ত ইণ্ডিয়ান অইলৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যে ইন্ধন টেংক সম্পূৰ্ণকৈ ভৰ্তি কৰাতো সম্পূৰ্ণ সুৰক্ষিত, গৰমৰ দিনতেই হ‌ওক অথবা ঠাণ্ডাৰ দিনতে হ‌ওক। লগতে কোৱা হৈছিল যে ভাইৰেল হোৱা বাৰ্তাটো উৰাবাতৰিহে মাত্ৰ।

ইণ্ডিয়ান অইলৰ অফিচিয়েল ফেচবুক পেজতো এই একেটা ঘোষণা বিভিন্ন সময়ত পোষ্ট কৰা দেখা গ’ল।

ইয়াৰদ্বাৰা বুজিব পৰা হ’ল যে ভাইৰেল হোৱা বাৰ্তাটো সত্যতো নহয়ে, বৰং পুৰণিও। একেটা বাৰ্তা বহু বছৰ ধৰি বিভিন্ন সময়ত ভাইৰেল হৈ আহিছে, আৰু সেয়ে ইণ্ডিয়ান অইলে সময়ে সময়ে বিভিন্ন পোষ্টৰ জৰিয়তে ৰাইজক এইদৰে উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান জনাই আহিছে।

Facebook Link

ফলাফল:

ইণ্ডিয়ান অইলৰ পৰা অহা বুলি ভাইৰেল হোৱা বাৰ্তাটো সত্য নহয়, বৰং উৰাবাতৰিহে আৰু কেইবা বছৰ ধৰি এই বাৰ্তাটো প্ৰচাৰ হৈ আহিছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইণ্ডিয়ান অইলে ইন্ধন টেংক সম্পূৰ্ণকৈ ভৰ্তি কৰিবলৈ মানা কৰা নাই

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *