krishna.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফটোখনত ভগৱান শ্ৰীকৃষ্ণ আৰু গোপীসকলক আপত্তিজনক ভাৱে উপস্থাপন কৰা দেখা গৈছে । উক্ত ফটোখন ফেচবুকত ভাইৰেল হৈ পৰিছে আৰু টুইটাৰত ট্ৰেণ্ডিং হৈ থকা দেখা গৈছে । কিছু লোকে দাবী কৰিছে যে এই পেইণ্টিংখন বৰ্তমান গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত এক প্ৰদৰ্শনীৰ অংশ হিচাবে বৰ্তমান আছে । ইয়াকে লৈ ছচিয়েল মিডিয়াত বিভিন্ন সাম্প্ৰদায়িক মন্তব্য কৰা দেখা গৈছে । বিভিন্ন জনে আক্ৰাম হুছেইন নামৰ বিতৰ্কিত ছবিখনৰ চিত্ৰকৰজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ।

মানস জ্যোতি শৰ্মা নামৰ এক ফেচবুক প্রফাইলৰ পৰা উক্ত ফটোখন ১৭ আগষ্ট, ২০২০ তাৰিখে আপলোড কৰা হৈছে । তেওঁ দাবী কৰিছে যে উক্ত ফটোখন বৰ্তমান ৰবীন্দ্ৰ ভৱনত আছে আৰু তেওঁ লগতে ৰবীন্দ্ৰ ভৱন কৰ্তৃপক্ষক এই ফটোখন আঁতৰাবলৈ দাবী জনাইছে ।

কিছু লোকে কিন্তু এই পেইণ্টিংখন পুৰণি বুলিও মত প্ৰকাশ কৰিছে । গতিকে আমি ইয়াৰ সত্যতা জানিবলৈ নিৰূপণ কৰিবলৈ ঠিৰাং কৰিলোঁ । সত্য কি? জানো আহক ।

প্ৰণালী

প্ৰথমে আমি উক্ত ভাইৰেল ফটোখন গুগলত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু উক্ত ফটোখন স্কুপহুপ নামৰ নিউজ ৱেবছাইটত ২০১৫ চনত এক বাতৰিৰ অংশ হিচাবে প্ৰকাশ হোৱা দেখিলোঁ । বাতৰিটোত কোৱা হৈছে যে এই পেইণ্টিংখনত ভগৱান শ্ৰীকৃষ্ণ আৰু গোপীসকলক আপত্তিজনক ভাৱে উপস্থাপন কৰা বাবে চিত্ৰকৰ আক্ৰাম হুছেইনৰ বিৰুদ্ধে এক এজাহৰ দাখিল কৰা হৈছিল । গতিকে আমি জানিব পৰিলোঁ যে ঘটনাটো পুৰণি হয় ।

krishna1.png/

ইয়াৰ উপৰিও আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰিলোঁ আৰু এই বিষয়ে ইণ্ডিয়ান এক্সপ্ৰেছত ২০১৫ চনতে প্ৰকাশিত এক বাতৰি দেখা পালোঁ । বাতৰিটোত স্পষ্ট কৰা হৈছে যে এজাহাৰ দাখিল কৰাৰ পাছত চিত্ৰকৰজনে ক্ষমা খুজিছিল আৰু উক্ত পেইণ্টিংখন আঁতৰাই পেলোৱা হৈছিল । তেওঁক অৱশ্য আৰক্ষীয়ে বিচাৰি থকাৰ কথা ৰিপৰ্টটোত উল্লেখ আছে ।

krishna2.png

আমি এই বিষয়ে আৰু নিশ্চিত হবলৈ গুৱাহাটী পুলিচ কমিছনাৰ মুন্না প্ৰসাদ গুপ্তাৰ সৈতে যোগাযোগ কৰিলোঁ । তেওঁ আমাক জনালে যে এই পেইণ্টিংখন বা ঘটনাটো আচলতে পুৰণি হয় আৰু সেই সময়তে উক্ত ফটোখন জব্দ কৰা হৈছিল আৰু উক্ত ছবিখনৰ চিত্ৰকৰজনক গ্ৰেপ্তাৰ কৰা হৈছিল ।

এই বিষয়ে গুৱাহাটী পুলিচৰ ফালৰ পৰাও টুইটাৰত জনোৱা হৈছে যে উক্ত ঘটনাটো পুৰণি হয় আৰু দোষী ব্যক্তিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ।

krishna3.png

টুইটাৰ লিংক | সংৰক্ষিত লিংক

ফলাফল

উক্ত ফটোখন বা ঘটনাটো পুৰণি হয় আৰু সেই সময়তে উক্ত পেইণ্টিংখন জব্দ কৰা হৈছিল আৰু চিত্ৰকৰজনক গ্ৰেপ্তাৰ কৰা হৈছিল । এই ঘটনাটো বৰ্তমানৰ হয় বুলি ভুল বুজা গৈছে আৰু আন কিছু লোকে এই ধৰণে প্ৰচাৰ কৰি সাম্প্ৰদায়িক বিস্প-বাপ বিয়পাবলৈ চেষ্টা কৰা দেখা গৈছে । আমাৰ ফালৰ পৰা সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ অনুৰোধ কৰা হ'ল ।

Avatar

Title:ভগৱান শ্ৰীকৃষ্ণৰ বিতৰ্কিত পেইণ্টিং' ২০১৫ চনৰ ঘটনা হয়, দোষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে!

Fact Check By: Manjori Borkotoky

Result: Misleading