bahrain.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ এক বিশেষ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ'টোত আমি এটা প্ৰকাণ্ড ৰবটক খোজ কাঢ়ি আহি থকা দেখিছোঁ আৰু এই ৰবটটোৰ আগে আগে এজন মানুহক খোজ কাঢ়ি আহি থকা দেখিছোঁ । আন উপস্থিত লোকসকলে তেওঁলোকৰ ফটো আৰু ভিডিঅ' ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰা দেখা গৈছে । দাবী কৰা হৈছে যে এই ৰবটটো বাহৰেইনৰ ৰজাৰ বদিগাৰ্ড হয় আৰু তেওঁলোকে এইদৰে ডুবাইত আহি উপস্থিত হৈছিল । ইয়াৰ উপৰিও দাবী কৰা হৈছে যে এই ৰবটটোত ৩৬০টা কেমেৰা আৰু বন্দুক সংলগ্ন আছে ।

সুমন সেন নামৰ এক ফেচবুক প্রফাইলৰ পৰা উক্ত ভিডিঅ'টো ১৭ আগষ্ট, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু উক্ত ফেচবুক পোষ্টটোত বিভিন্নজনে লাইক, কমেণ্ট কৰা দেখা গৈছে । উক্ত ফেচবুক পোষ্টটোত, "বাহৰেইনৰ ৰজা.... 360 CCTV কেমেৰা আৰু ইমান সংখ্যকেই পিস্তল সহ #ৰবট_বডিগাৰ্ডৰ লগত।😃😃" বুলি শিৰোনামা দিয়া হৈছে ।

সঁচাকৈ ভাইৰেল ভিডিঅ'টোত এইয়া বাহৰেইনৰ ৰজা আৰু তেওঁৰ বদিগাৰ্ড হয় নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

আমি উক্ত ভিডিঅ'টো ভালদৰে লক্ষ্য কৰিলোঁ আৰু কাৰ্পেটত ‘ETIMAD’ বুলি লিখি থোৱা দেখিলোঁ । আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি ইউটিউবত চাৰ্চ কৰিলোঁ আৰু এই ভাইৰেল ভিডিঅ'টো ইউটিউবত বিচাৰি পালোঁ । ফেব্ৰুৱাৰী ২৪, ২০২০ তাৰিখে উক্ত ভিডিঅ'টো আপলোড কৰা হৈছে য'ত শিৰোনামা দিয়া হৈছে যে, '৮ ফুট ওখ টাইটান ৰবটে আবুধাবিত অনুষ্ঠিত হোৱা ইউএই প্ৰতিৰক্ষা প্ৰদৰ্শনী আইদেক্স অতিথিক সকলক মাত লগাইছে' ।

bahrain1.png

আমি ইউটিউবত আন কিছু ভিডিঅ'ও দেখিলোঁ য'ত উক্ত ৰবটটোক দেখা গৈছে ।

bahrain2.png

ইয়াৰ পাছত আমি কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰিলোঁ আৰু আমি এই বিষয়ে খালিজ টাইমছ নামৰ ৱেবছাইটত ১৯ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখে প্ৰকাশিত এক নিউজ ৰিপৰ্ট দেখা পালোঁ । বাতৰিটোত লিখা আছে যে উক্ত ৰবটটো বিশ্বৰ প্ৰথম বাণিজ্যিক মনোৰঞ্জনৰ বাবে এটা ব্ৰিটিছ ৰবটিক কোম্পানীয়ে বনোৱা ৰবট হয় ।

bahrain3.png

ইয়াৰ উপৰিও আমি বাহৰেইনৰ ৰজা, হামাদ বিন ইছা খালিফাৰ ফটো গুগল কৰিলোঁ আৰু দেখিলোঁ যে ভিডিঅ'টোত দেখা পোৱা ব্যক্তিজন বাহৰেইনৰ ৰজা নহয় । তলত দুয়োজনৰ ফটোৰ এক তুলনা দিয়া গ'ল ।

WhatsApp Image 2020-08-19 at 10.58.40.jpeg

ফলাফল

উক্ত ফেচবুক পোষ্টটো ভুৱা হয় । ভিডিঅ'টোত সেইজন বাহৰেইনৰ ৰজা নহয় আৰু উক্ত ৰবটটো তেওঁৰ বদিগাৰ্ড নহয় ।

Avatar

Title:এইজন বাহৰেইনৰ ৰজা আৰু তেওঁৰ ৰবট বদিগাৰ্ড নহয়!

Fact Check By: Manjori Borkotoky

Result: False