FACT CHECK: বটচৱানাৰ হাতী যুঁজৰ পুৰণি ভিডিঅ' অসমৰ গোৱালপাৰাৰ বুলি শ্বেয়াৰ কৰা হৈছে!
অসমৰ গোৱালপাৰাত কেমেৰাত বন্দী হোৱাৰ দাবীৰে অসমৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দুটা হাতীয়ে কিছুমান জোপোহাৰ মাজত এক স্থানত যুঁজি থকা এক ভিডিঅ' ভাইৰেল হৈ পৰিছে । ভিডিঅ'টোত মানুহৰ মাত কথা তথা শব্দৰ উপৰিও কিছু যান-বাহনৰ শব্দ আছে যেন ওচৰতে এটা ব্যস্ত ৰাস্তা আছে ।
ফেচবুকত এনে এটা পোষ্ট আছে যিটো ১ ডিচেম্বৰ, ২০২১ তাৰিখে আপলোড কৰাৰ পিছত ৭০০ বাৰতকৈও অধিক শ্বেয়াৰ কৰা হৈছে আৰু শিৰোনাম দিয়া হৈছে: "বৰপেটাৰ পৰা যোৱা হাতী দুটা কেতেকী চৰৰ পৰা আজি পঞ্চৰত্ন হৈ গোৱালপাৰা পালে।"
ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই দাবীটো মিছা বুলি বিচাৰি নিশ্চিত কৰিছে । ভিডিঅ'টোত পিছত কথোপকথনৰ অডিঅ' যোগ কৰি ৰূপান্তৰিত কৰা হৈছে বুলি জানিব পৰা গৈছে । ইয়াত তথ্য পৰীক্ষা কৰা হৈছে:
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি ভিডিঅ'টো ভালদৰে চাইছিলো আৰু দেখিছিলো যে হাতী দুটা স্থানীয় এছিয়াটিক হাতীৰ দৰে দেখাত নহয় । ভিডিঅ'টোত থকা দুয়োটা হাতীৰ কাণ এছিয়াটিক হাতীতকৈ যথেষ্ট ডাঙৰ । আপুনি তলৰ তুলনাত চাব পাৰে।
এইবোৰ হৈছে আফ্ৰিকান হাতী যিবোৰ ভাৰতৰ অসমত পোৱা এছিয়াৰ হাতীবোৰতকৈ অলপ বেলেগ হয়।
আমি এই বিষয়ে আৰু জানিবলৈ অসম বন বিভাগৰ উপ-বন সংৰক্ষক নাৰায়ণ মহন্তৰ সৈতে যোগাযোগ কৰিছিলো । তেওঁ নিশ্চিত কৰিছিল যে ভাইৰেল ভিডিঅ'টোত দেখা হাতী দুটা সঁচাকৈয়ে আফ্ৰিকাৰ হয়, এছিয়াৰ নহয়।
ইয়াৰ পিছত, আমি ভিডিঅ'টোৰ উৎস বিচাৰিবলৈ ইনভিড-উই ভেৰিফাই টুল ব্যৱহাৰ কৰি এটা কীফ্ৰেম অনুসন্ধান চলাইছিলো আৰু আমি দেখিছিলো যে এই ভিডিঅ'টো বটচৱানাৰ হয়, অসমৰ নহয়।
২০১৫ চনৰ ডিচেম্বৰত কেটাৰ্ছ নিউজ এজেন্সিৰ দ্বাৰা ইউটিউবত আপলোড কৰা ভিডিঅ'টো মেনছ জাৰ্নেল ৱেবছাইটত ডেভিদ ষ্ট্ৰেগেৰ দ্বাৰা "বটচৱানাত যুঁজি থকা হাতী এই নাটকীয় ভিডিঅ'ত বন্দী কৰা হৈছে" এটা প্ৰবন্ধত অন্তৰ্ভুক্ত কৰা হৈছে।
প্ৰবন্ধটোত একেটা ভিডিঅ' আছে কিন্তু ভাইৰেল ভিডিঅ'ত থকা অসমীয়া কথোপকথন অবিহনে আৰু ইয়াত একেই যুঁজৰ প্ৰতিচ্ছবিও আছে। ভিডিঅ'টোৰ পৰা এইটো স্পষ্ট যে ইয়াৰ ভাইৰেল প্ৰতিলিপিটো ৰূপান্তৰিত কৰা হৈছে আৰু পিছত যোগ কৰা হৈছে অসমীয়া কথোপকথন। ভিডিঅ' আৰু ছবিখন কেথৰিন বেকেনক কৃতিত্ব দিয়া হৈছে যি চাফাৰী গোটৰ অংশ আছিল যিয়ে বটচৱানাৰ ওকাভাংগো ডেল্টাৰ ডুবা প্লেইনছত দুয়োটা জাম্বোৰ মাজত কাজিয়া প্ৰত্যক্ষ কৰিছিল।
ফলাফল
উক্ত ভাইৰেল ভিডিঅ'টো অসমৰ গোৱালপাৰাৰ এক স্থানত দুটা হাতীয়ে যুঁজ দিয়াৰ সময়ৰ বুলি কৰা দাবীটো মিছা। ভাইৰেল ভিডিঅ'টোত থকা অসমীয়া কথোপকথনৰ অডিঅ' পিছত মূল ভিডিঅ'টোত যোগ কৰা হৈছে। ভিডিঅ'টো মূলতঃ বটচৱানাৰ হয় । লগতে, ভিডিঅ'টোত থকা হাতীবোৰ আফ্ৰিকান, যি আফ্ৰিকাৰ স্থানীয় হয় আৰু অসমত পোৱা নাযায়।
Title:বটচৱানাৰ হাতী যুঁজৰ পুৰণি ভিডিঅ' অসমৰ গোৱালপাৰাৰ বুলি শ্বেয়াৰ কৰা হৈছে!
Fact Check By: Manjori BorkotokyResult: False