প্ৰফেট মহম্মদৰ এটা বিতৰ্কিত স্কেটছ প্ৰকাশ কৰাৰ বাবে পেৰিছত এগৰাকী শিক্ষকৰ শিৰচ্ছেদ কৰাৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্সত হোৱা শেহতীয়া হিংসাৰ পিছত, ফ্ৰান্সৰ প্ৰতিবাদ সম্পৰ্কত ভূৱা তথ্যৰে ভৰা প্ৰচাৰে ছোচিয়েল মিডিয়াত জোৱাৰ তুলিছে। এইবোৰৰ মাজতেই শত সহস্ৰ জনতাৰ উপস্থিতি থকা এটা ভিডিঅ' বহু লোকে আপলোড কৰিছে আৰু দাবী কৰিছে যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেকৰণৰ মন্তব্যৰ পিছত এনেকৈ হাজাৰ হাজাৰ লোকে ফ্ৰান্সত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে।

তেনেকুৱা এটা পোষ্ট ২০২০ চনত ২৮ অক্টোবৰৰ সন্ধিয়া ৬ বাজি ২১ মিনিটত গাওঁলিয়া-এক্সপ্ৰেছ নামৰ এটা ফেচবুক পেজৰ পৰা ৮বাৰলৈ শ্বেয়াৰ হৈছিল আৰু তাত লিখিছিল"এয়া হ'ল ফ্ৰান্সৰ দৃশ্য 👇👇👇”

WhatsApp Image 2020-10-30 at 17.24.21.jpeg

Original Link- Facebook | Archived Link

আমি একেই প্ৰতিবাদৰ বহুকেইটা পোষ্ট দেখিলো য'ত একেটা ভিডিঅ' ব্যৱহাৰ কৰা হৈছে।

Original Link- Facebook | Archived Link

ফেক্ট ক্ৰেছেণ্ডোৱে ফেক্ট ছেক কৰি পালো যে এই দাবী মিছা। এই ভিডিঅ'টো ফ্ৰান্সৰ প্ৰতিবাদৰ ভিডিঅ' নহয়।

সত্যতা নিৰূপন-

আমি তদন্ত আৰম্ভ কৰিলো এটা বিশেষ ছফ্টৱেৰৰ সহায়ত কী-ফ্ৰেম লৈ গুগল ৰীভাৰ্ছ ইমেজ ছাৰ্চ কৰি। য'ত আমি কেইবাটাও বাতৰি পালো যে সেই ভিডিঅ'টো ২০১৯ চনত য়েমনত প্ৰফেট মহম্মদৰ জন্মবাৰ্ষিকীত শ্বুট কৰা হৈছিল। তেনেকুৱা এটা বাতৰি প্ৰকাশ কৰিছিল ইৰাণৰ নিউজ এগ্ৰিগেটৰ আহলুলবেইট নিউজ এজেন্সীয়ে। নিউজ এজেন্সীটোৱে এজেটা ভিডিঅ'কে বাতৰিটোৰ লগত লগাইছে। বাতৰিটোত অনুষ্ঠানটোৰ আন কেইবাখনো ফটো লগোৱা হৈছে। Original Link- Ahlulbayt News Agency | Archived Link

আমি ধমৰ নিউজৰ আন এটা প্ৰৱন্ধ পালো য'তে ভাইৰেল ভিডিঅ'টোত থকা একেটা ল'গ' প্ৰকাশ কৰা হৈছে। ল'গ'টোত প্ৰকাশ হৈছে আনছাৰ আল্লাহ মিডিয়া চেন্টাৰ বুলি। আমি তাকে লৈ কীৱৰ্ড ছাৰ্চ কৰি চালো, যাৰ পৰিনতিত আমি একে নামেৰে য়েমেনৰ হাউথী আন্দোলনৰ সৈতে সম্পৰ্ক কথা কেইবাটাও বাতৰি পালো।

Dhamar News.png

Original Link- Dhamar News | Archived Link

গুগল কী-ৱৰ্ড ছাৰ্চৰ ফলত আমি AFPTVৰ দ্বাৰা গেটী ইমেজত আপলোড কৰা এটা ভিডিঅ' দেখিলো,যিটো ২০২৯ চনৰ ৯নৱেম্বৰৰ য়েমেনৰ চানা'ৰ,য'ত লিখা আছিল য়েমেনবাসীয়ে প্ৰফেট মহম্মদৰ জন্মদিন উদযাপন কৰি থকা বুলি।

আমি ভাইৰেল ভিডিঅ'টোৰ সৈতে একেই দৃশ্য এই ভিডিঅ'টোতো দেখিলো,যিটোৱে নিশ্চিত কৰিলে যে ভাইৰেল হোৱা ভিডিঅ'টো য়েমেনৰ হে।

Dhamar Newsrrr.png

Original Link- Getty Images | Archived Link

ফলাফল

ফেক্ট ক্ৰেছেণ্ডোৱে পালো যে ভাইৰেল হোৱা ভিডিঅ'টো ভূৱা। প্ৰফেট মহম্মদৰ জন্মদিন উদযাপনৰ য়েমেনৰ এটা পুৰণি ভিডিঅ'ক ফ্ৰান্সৰ প্ৰতিবাদ বুলি দাবী কৰি প্ৰচাৰ কৰি থকা হৈছে।

Avatar

Title:প্ৰফেট মহম্মদৰ জন্মদিন উদযাপনৰ ভিডিঅ' ফ্ৰান্সত চলি থকা প্ৰতিবাদৰ ভিডিঅ' বুলি ভাইৰেল।

Fact Check By: Manjori Borkotoky

Result: False