FACT CHECK: ৰতন টাটা আৰু টিচিএছে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৩০০০ কোটি টকা দানৰ আশ্বাস দিছে নেকি?

False Social

শেহতীয়াকৈ উদ্যোগপতি ৰতন টাটাই অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৃহৎ পৰিমাণৰ ধন ৰাশিৰে সহায়ৰ আশ্বাস দিছে বুলি দাবী কৰা একাধিক ফেচবুক পোষ্ট অসমত ভাইৰেল হৈ পৰিছে। ভাইৰেল পোষ্টবোৰত আৰু দাবী কৰা হৈছে যে ৩০০০ কোটি টকা হৈছে এই আশ্বাস কৰা ধন ৰাশিৰ পৰিমাণ। টাটা পৰিয়ালৰ দ্বাৰা প্ৰতিষ্ঠা কৰা টিচিএছ (টাটা কনচাল্টেন্সি চাৰ্ভিচেছ)ৰ নামও পোষ্ট সমূহত উল্লেখ কৰা হৈছে আৰু দাবী কৰা হৈছে যে টিচিএছে’ও এই বৃহৎ ধন ৰাশিৰ পৰিমাণত অৰিহণা যোগাব। 

এয়া সকলোৱে জানে যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ দেশৰ আটাইতকৈ বিতৰ্কিত আৰু চৰ্চিত ঘটনাসমূহৰ ভিতৰত এটা আৰু ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো ঘটনা ভাইৰেল হ’বলৈ বাধ্য। একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে ওপৰোক্ত দাবীটো পোষ্ট কৰিছে যি ইয়াত, ইয়াত আৰু ইয়াত দৰ্শন কৰিব পাৰি । ইয়াৰে ভিতৰত এটা বিশেষ পোষ্ট অতিকৈ ভাইৰেল হৈ পৰিছে আৰু এতিয়ালৈকে ১২০ বাৰতকৈও অধিক শ্বেয়াৰ কৰা হৈছে। 

Facebook Link | Archived Link

আমি, ফেক্টক্ৰেচেণ্ডো অসমীয়াই, দাবীটোৰ বিষয়ে এটা তথ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছিলো আৰু পুংখানুপুংখ অনুসন্ধানৰ পিছত, আমি গম পাইছিলো যে নিৰ্দিষ্ট দাবীটো মিছা কিয়নো ৰতন টাটা বা তেওঁৰ পৰিয়ালৰ দ্বাৰা প্ৰতিষ্ঠা কৰা যিকোনো কোম্পানীয়ে ৩০০০ কোটি টকাৰ সহায়ৰ আশ্বাসৰ এনে কোনো বিবৃতি বা বাতৰি আমাৰ চকুত নপৰিল। দৰাচলতে, ৩০০০ কোটি টকা অতিক্ৰম কৰা মূল পুঁজি পৰিচালনাৰ বাবেহে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ট্ৰাষ্টৰ দ্বাৰা ‘টিচিএছ’ক নিয়োজিত কৰা হৈছে। টিচিএছে এই উদ্দেশ্যৰ বাবে এটা একাউণ্টিং ছফ্টৱেৰ বিকশিত কৰি আছে। 

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে, আমি দাবীটোৰ সৈতে সম্পৰ্কিত কিছুমান সৰল কীৱৰ্ড ব্যৱহাৰ কৰিছিলো আৰু গুগল অনুসন্ধান কৰিছিলো। আমি একাধিক বাতৰি প্ৰতিবেদন পাইছিলো যিয়ে স্পষ্ট কৰিছিল যে ৰতন টাটা বা তেওঁৰ পৰিয়ালৰ দ্বাৰা প্ৰতিষ্ঠা কৰা যিকোনো কোম্পানীয়ে ৩০ কোটি টকাৰ সহায়ৰ আশ্বাসৰ এনে কোনো বিবৃতি বা বাতৰি নাই। নিউ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি প্ৰতিবেদনত শিৰোনাম দিয়া হৈছে – ‘৩০ কোটি টকা অতিক্ৰম কৰাৰ বাবে একাউণ্ট পৰিচালনা কৰিবলৈ টিচিএছক দায়িত্ব ৰাম মন্দিৰৰ ন্যাসৰ’ য’ত স্পষ্টকৈ কোৱা হৈছে যে ৩০ কোটি টকা অতিক্ৰম কৰা পুঁজি পৰিচালনা কৰিবলৈ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ট্ৰাষ্টৰ দ্বাৰা ‘টিচিএছ’ক দায়িত্ব দিয়া হৈছে। টিচিএছে এই বাবে এক একাউণ্টিং ছফ্টৱেৰ বিকশিত কৰি আছে, প্ৰতিবেদনত কোৱা হৈছে।

Screenshot, New Indian Express

New Indian Express link

‘ইটিভি ভাৰত’ৰ দ্বাৰা প্ৰকাশিত আন এটা বাতৰি প্ৰবন্ধত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে টাটা পৰিয়ালৰ দ্বাৰা দানৰ পৰিমাণৰ বিষয়ে উল্লেখ কৰিছে। বাতৰিটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত ‘টাটা চন্ছে’ ৫ কোটি টকাৰ বৰঙণি আগবঢ়াইছিল। বাতৰি প্ৰতিবেদনত সংগ্ৰহ কৰা মুঠ পৰিমাণ প্ৰায় ৩০০০ কোটি টকা বুলিও উল্লেখ কৰা হৈছে। 

Screenshot, ETV Bharat News Report

ETV Bharat Link

‘নিউজ ১৮’ৰ ৱেবছাইটত প্ৰকাশিত এটা প্ৰবন্ধত কোৱা হৈছে যে টিচিএছে বিদেশী অনুদানৰ তাৎক্ষণিক প্ৰাপ্তিৰ বাবে এটা প্ৰণালী স্থাপন কৰিছে যাৰ উপৰিও টিচিএছ পৰ্যটকৰ বাবে নতুন মন্দিৰ মুকলি হ’লে মন্দিৰৰ স্থানত তীৰ্থযাত্ৰীৰ কুপন বনোৱাৰ দায়িত্বত আছে। News 18 Link

আমি এনে কোনো প্ৰবন্ধ বা বাতৰি প্ৰতিবেদন এটা বিশ্বস্ত ৱেবচাইটত প্ৰকাশিত পোৱা নাছিলোঁ য’ত কোৱা হৈছে যে ৰতন টাটা বা টাটা পৰিয়ালৰ দ্বাৰা প্ৰতিষ্ঠা কৰা যিকোনো কোম্পানীয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অৱদান হিচাপে ৩০০০ কোটি টকাৰ আশ্বাস দিছে। দৰাচলতে, বিশ্বজুৰি দান আৰু বৰঙণিৰ পিছত সংগ্ৰহ কৰা মুঠ পৰিমাণ হৈছে ৩০০০ কোটি টকা। 

ফলাফল

বিশেষ দাবীটো মিছা কিয়নো ৰতন টাটা বা টাটা পৰিয়ালৰ দ্বাৰা প্ৰতিষ্ঠা কৰা যিকোনো কোম্পানীয়ে ৩০০০ কোটি টকাৰ সহায়ৰ নিশ্চয়তাৰ এনে কোনো বিবৃতি দিয়া নাই বা তেনে কোনো বাতৰি প্ৰকাশ হোৱা নাই । দৰাচলতে, ৩০০০ কোটি টকা অতিক্ৰম কৰা পুঁজি পৰিচালনাৰ বাবে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ট্ৰাষ্টৰ দ্বাৰা ‘টিচিএছ’ক নিয়োজিত কৰা হৈছে। টিচিএছে এই উদ্দেশ্যৰ বাবে এটা একাউণ্টিং ছফ্টৱেৰ বিকশিত কৰি আছে। 

Avatar

Title:ৰতন টাটা আৰু টিচিএছে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৩০০০ কোটি টকা দানৰ আশ্বাস দিছে নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *