শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মেছিয়ে নিজৰ মাতৃক সাৱটি ধৰা বুলি দাবী কৰা হৈছে। পোষ্টটোত দিয়া ভিডিঅ’টোত দেখা গৈছে যে আৰ্জেণ্টিনাৰ ফুটবলাৰ লিয়নেল মেছিয়ে শান্তভাৱে খোজ কাঢ়ি গৈ আছে আৰু তেতিয়া পিছফালৰ পৰা এগৰাকী মহিলা তেওঁৰ ওচৰলৈ আহে আৰু মেছিয়ে তেওঁক সাৱটি ধৰে আৰু মহিলাগৰাকী আৱেগিক হৈ পৰে।

পোষ্টটোৰ কেপচনত লিখা আছে, “মাতৃক সাবটি ধৰি আবেগিক হৈ পৰিল লিঅ'নেল মেছি।”

Facebook Link | Archived Link

মন কৰিবলগীয়া যে ফিফা বিশ্বকাপৰ চূড়ান্ত খেলখন ২০২২ চনৰ ১৮ নৱেম্বৰত সম্পূৰ্ণ হৈছিল।চূড়ান্ত খেলখন আছিল আৰ্জেণ্টিনা বনাম ফ্ৰান্স। নিৰ্ধাৰিত সময়ত খেলৰ ফলাফল নোহোৱাকৈ পেনাল্টি শ্বুট আউটৰ দ্বাৰা বিজয়ী নিৰ্ণয় কৰা হয় ৷ মেছিৰ দল আৰ্জেন্টিনাই জয়লাভ কৰে।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

এই দাবীৰ সত্যতা পৰীক্ষা কৰিবলৈ আমি প্ৰথমে গুগলৰ প্ৰাসংগিক কীৱৰ্ড চাৰ্চৰ জৰিয়তে ফুটবল বিশ্বকাপৰ ফাইনেলৰ সময়ত মেছিৰ মাতৃ ষ্টেডিয়ামত উপস্থিত আছিল নে নাই সেইটো জানিবলৈ চেষ্টা কৰোঁ। মেছিৰ মাতৃ ‘চেলিয়া মাৰিয়া কুচিটিনি’য়ে ষ্টেডিয়ামত উপস্থিত হৈ পুত্ৰৰ খেল উপভোগ কৰিছিল। মাতৃ চেলিয়া মাৰিয়া কুচিটিনিৰ ফটোত দেখা গৈছে যে তেওঁ আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় জাৰ্চি নহয়, বেঙুনীয়া ৰঙৰ জাৰ্চি পিন্ধিছে আৰু কোনো টেটু নাই। আনহাতে, ভাইৰেল ভিডিঅ’টোত দেখা পোৱা মহিলাগৰাকী, মেছিয়ে সাৱটি ধৰা মহিলাগৰাকীয়ে আৰ্জেণ্টিনাৰ অফিচিয়েল নীলা-বগা জাৰ্চি পিন্ধিছে আৰু বাহুত টেটু আছে। তলৰ তুলনা ফ্ৰেম চাওক:

ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে মেছিয়ে সাৱটি ধৰা মহিলাগৰাকী মেছিৰ মাতৃ হ’ব নোৱাৰে।

বিশ্বকাপৰ ফাইনেল মেচত জয়ী হোৱাৰ পিছত মেছিয়ে নিজৰ মাতৃ ‘চেলিয়া মাৰিয়া কুচিটিনি’ক সাৱটি ধৰা তলৰ ছবিখন চাওক।

Gettyimages Gallery | Archived Link

Reuters | Archived Link

গতিকে এই মহিলা কোন?

এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ গুগলকে ধৰি বিভিন্ন ছ’চিয়েল মিডিয়াত প্ৰাসংগিক কীৱৰ্ড চাৰ্চ কৰি আমি কিছু তথ্য পালোঁ। আৰ্জেণ্টিনাৰ সংবাদ মাধ্যম LA NACIONৰ এক প্ৰতিবেদন অনুসৰি ভাইৰেল ভিডিঅ’টোত মেছিক ধৰি ৰখা মহিলাগৰাকী হৈছে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় দলৰ চেফ এণ্টনিয়া ফাৰিয়াছ।

Archived Link

আমেৰিকাৰ সংবাদ সংস্থা Infobae য়েও মহিলাগৰাকীক আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় দলৰ চেফ এণ্টনিয়া ফাৰিয়াছ বুলি চিনাক্ত কৰিছে।

ফলাফল

তথ্যসমূহ পৰীক্ষা কৰাৰ পিছত আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সিদ্ধান্তত উপনীত হ‌ওঁ যে ওপৰৰ দাবীটো মিছা আৰু ভিত্তিহীন। মেছিয়ে সাৱটি ধৰি থকা মহিলাগৰাকী তেওঁৰ মাক নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মেছিয়ে সাৱটি ধৰা মহিলাগৰাকী তেওঁৰ মাক নহয়

Fact Check By: Debanjana Baishya

Result: False