ফিফা ৱৰ্ল্ডকাপৰ পৰা বাহিৰ হোৱাৰ পাছত ব্ৰাজিল দলৰ অনুৰাগীয়ে দলটোৰ ওপৰত কণী নিক্ষেপ কৰা বুলি পুৰণি আৰু অপ্ৰাসংগিক ভিডিঅ’শ্বেয়াৰ কৰা হৈছে

False International

ফিফা বিশ্বকাপ ২০২২ত ব্ৰাজিলে কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ পিছত ক্ষুব্ধ অনুৰাগীৰ দল এটাই বাছত কণী নিক্ষেপ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে।

এনেধৰণৰ ভিডিঅ’ ইউটিউবত আপলোড হোৱা দেখা গৈছে। Capital TV নামৰ এটা ইউটিউব চেনেলে আপলোড কৰা এটা ভিডিঅ’ত কোৱা হৈছে যে ব্ৰাজিল দল ফিফা ৱৰ্ল্ডকাপৰ পৰা বাহিৰ হোৱাৰ ফলত অনুৰাগীসকলে ব্ৰাজিল দলৰ বাছত কণী, বিলাহী আদিৰে আক্ৰমণ কৰে।

YouTube Link | Archived Link

এনেধৰণৰ ভিডিঅ’ ইয়াত আৰু ইয়াতো দেখিবলৈ পাব।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ইউটিউবত ২০১৮ চনৰ ২৭ মাৰ্চত প্ৰকাশিত এটা ভিডিঅ’ পালোঁ । ভিডিঅ’টোৰ কেপচন অনুসৰি পৰনাৰ নাগৰিকে  ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি লুলাক কঢ়িয়াই নিয়া বাছত কণী নিক্ষেপ কৰিছিল।

YouTube Link | Archived Link

ইয়াৰ পিছত আমি এই ঘটনাৰ সৈতে জড়িত প্ৰাসংগিক বাতৰিৰ প্ৰতিবেদন বিচাৰিলোঁ, বাতৰিৰ প্ৰতিবেদন অনুসৰি এই ভিডিঅ’টোত ব্ৰাজিলৰ পাৰানাৰ ফজ ড’ ইগুয়াচুত প্ৰতিবাদকাৰীৰ এটা দল দেখা গৈছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত বাছখনক লুলাৰ কনভয়ৰ অংশ বুলি ভুল কৰি আক্ৰমণ কৰিছিল প্ৰতিবাদকাৰীয়ে।

লুইজ ইনাছিঅ’ লুলা দা ছিলভা ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিল। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে আৰু সপক্ষে প্ৰতিবাদকাৰীয়ে নতুন প্ৰতিবাদৰ আয়োজন কৰে। এই দুয়োটা প্ৰতিবেদন ২০১৮ চনত প্ৰকাশ পাইছিল।

ব্ৰাজিলৰ ফুটবল দলটোৰ ওপৰত অনুৰাগীয়ে কণী নিক্ষেপ কৰা ঘটনাৰ প্ৰাসংগিক প্ৰতিবেদন বিচাৰিবলৈ আমি কীৱৰ্ড চাৰ্চ কৰিলোঁ, অৱশ্যে ফিফা বিশ্বকাপ ২০২২ৰ পৰা ব্ৰাজিল দলটো বাহিৰ হোৱাৰ পিছত আমি কোনো প্ৰতিবেদন বিচাৰি নাপালোঁ।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোত দাবী কৰাৰ দৰে ব্ৰাজিল দলটো ফিফা বিশ্বকাপ ২০২২ৰ পৰা বাহিৰ হোৱাৰ পিছত ব্ৰাজিল দলৰ অনুৰাগীয়ে দলটোৰ ওপৰত আক্ৰমণ কৰা নাই। এই ভিডিঅ’টো ২০১৮ চনৰ আৰু পাৰানাৰ নাগৰিকে ব্ৰাজিলৰ পূৰ্বৰ ৰাষ্ট্ৰপতি লুলাক কঢ়িয়াই অনা বাছতহে কণী দলিয়াই আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ফিফা ৱৰ্ল্ডকাপৰ পৰা বাহিৰ হোৱাৰ পাছত ব্ৰাজিল দলৰ অনুৰাগীয়ে দলটোৰ ওপৰত কণী নিক্ষেপ কৰা বুলি পুৰণি আৰু অপ্ৰাসংগিক ভিডিঅ’শ্বেয়াৰ কৰা হৈছে

Fact Check By: Debanjana Baishya  

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *