FACT CHECK: ব্ৰাজিলৰ ভিডিঅ’ জন্মু-কাশ্মীৰত পুলিচে এটা উগ্ৰপন্থীক ধৰাসায়ী কৰা বুলি প্ৰচাৰ কৰা হৈছে

এগৰাকী পুলিচে এজন মটৰ চাইকেল আৰোহীক ট্ৰাফিক ইন্টাৰচেকছনত ধৰাসায়ী কৰি পেলোৱা এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল হৈ পৰিছে যে সেয়া জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে পুলিচৰ গাড়ী এখনে মটৰচাইকেলখনক প্ৰায় খুন্দিয়াব ধৰিছে আৰু আৰোহীজনে পৰি গৈছে, সেই সময়তে পুলিচে কৰায়ত্ব কৰিছে। আৰোহীজনে পলাবলৈ চেষ্টা কৰে আৰু সেই সময়তে পুলিচে তাক বগৰাই ধৰে। তেনেকুৱা […]

Continue Reading

FACT CHECK: ২০১৪চনৰে এটা জাপানী ভিডিঅ’ টকিঅ’ অলিম্পিক ২০২০ৰ সামৰণি অনুষ্ঠানৰ দৃশ্য বুলি ভাইৰেল হৈছে

টকিঅ’ অলিম্পিক 2020ৰ সম্পৰ্কত বিভিন্ন ভুল তথ্য ফেক্ট চেকাৰ্ছ অৰ্থাত সত্যতা নিৰূপনকাৰীসকলৰ নজৰত পৰিছে। ক্ৰীড়া মহোত্সৱখনৰ আৰম্ভনীতে আমি আৰম্ভণী অনুষ্ঠান বুলি দাবী কৰি প্ৰচাৰ কৰা এটা সংগতিহীন ভিডিঅ’ লাভ কৰিছিলো।  এইবোৰৰ মাজতে, আমি এক সমতুল পদ সঞ্চালনৰ ভিডিঅ’ ছোচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা পালো, যত দাবী কৰা হৈছে যে সেয়া ২০২০ টকিঅ’ অলিম্পিকৰ সামৰণী অনুষ্ঠান। […]

Continue Reading

FACT CHECK: চকুত কৃমিসদৃশ কীটৰ ভিডিঅ’ এটা মিছা দাবীৰে ভাইৰেল কৰা হৈছে

এজন মানুহৰ চকুৰ পৰা কৃমিৰ দৰে কীট এটা অস্ত্ৰোপচাৰ কৰি আঁতৰ কৰা চিকিত্সাজনিত এটা বৰ আমনিদায়ক ভিডিঅ’ ছোচিয়েল মিডিয়াত বহুলভাৱে প্ৰসাৰ কৰি থকা হৈছে। ভিডিঅ’টোৰ সৈতে সন্নিৱিষ্ট কথাথিনিত উল্লেখ কৰা হৈছে দীৰ্ঘদিনে মাত্ৰাধিক স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ ফলত লোকজনৰ চকুৰ ভিতৰত এই কীটটোৱে বাহ লৈছিল।  দাবী কৰা হৈছে যে অত্যধিক স্মাৰ্টফোন ব্যৱহাৰৰ ফলতেই আঁতৰ কৰোৱা সেই […]

Continue Reading

FACT CHECK: ভাইৰেল হোৱা ফটোখনত থকা ছোৱালীজনী অলিম্পিক পদক প্ৰাপক লাভলীনা বৰগোহাঁই নহয়!

অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইয়ে ট’কিঅ’ অলিম্পিকত পদক লাভ কৰি পদকপ্ৰাপক প্ৰথমগৰাকী খেলূৱৈ হিচাপে ৰাজ্যখনৰ লগতে দেশলৈও গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু অত্যুৎসাহী হৈ কিছুমান লোকে ছোচিয়েল মিডিয়াত বিভিন্ন ভুৱা বাতৰি প্ৰচাৰ কৰি আছে।  তেনেকুৱা এখন সন্দেহজনক ভাইৰেল ফটো হৈছে এগৰাকী যুৱতীয়ে অসমৰ পথাৰত কাম কৰি থকা এখন ফটো। এই ফটোখন প্ৰথম প্ৰকাশ হৈছিল অসমৰ এখন আগশাৰীৰ […]

Continue Reading

FACT CHECK: কাৰাগাৰত বন্দী হৈ থকা অং সান সু চিৰ ভাইৰেল ফটোখন আচলতে সম্পাদিত!

ছোচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ম্যানমাৰৰ নবেল বিজয়ী ৰাজনীতিবিদ আং সান সু চিক এটা সৰু কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। পোষ্টটোত সংলগ্ন ফটোত দেখা গৈছে যে আং সান সু চিয়ে কয়দীৰ পোচাক পিন্ধি এটা সৰু কাৰাগাৰত বহি আছে। Original Link- Facebook | Archived Link পোষ্টটোৰ কেপচনত লিখা হৈছে,  “এইজনী এসময়ত […]

Continue Reading

FACT CHECK: এই ভাইৰেল ফটোখনত ৰাষ্টাটোত আঁকি থোৱা বেঁকা ৰেখাডালৰ আঁৰৰ কাহিনী বেলেগ হয়

এটা ৰাষ্টাত গছৰ পাতৰে সৈতে পৰি থকা ডাল এটাৰ কাষত এটা বেঁকা ৰেঁখা অঁকা এখন ফটো বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত বিভিন্ন দাবীৰে আপলোড কৰা হৈছে। তাৰ মাজতে কিছুমানে শিক্ষা ব্যৱস্থাক ঠাট্টা কৰি মন্তব্য কৰিছে আৰু কিছুমানে বিভিন্ন কেপছন দি মীম শ্বেয়াৰ কৰিছে। কিছুমানে দাবী কৰিছে যে এয়া তামিলনাডুৰ এক বিশেষ স্থান আৰু এয়া অদক্ষ কৰ্মচাৰীৰ […]

Continue Reading

FACT CHECK: ভাইৰেল হোৱা স্ক্ৰিনশ্বটত দেখা গো-মাংসৰ পৰা প্ৰাপ্ত উপাদনাসমুহ কেডবেৰী ইণ্ডিয়া ৱেবচাইটৰ নহয়

বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত এটা স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে এই দাবীৰে যে ভাৰতৰ এক মিস্তান্ন উত্পাদক কেডবেৰী ইণ্ডিয়াই তেওঁলোকৰ খাদ্যসমগ্ৰীসমুহত গো-মাংস ব্যৱহাৰ কৰে।  স্ক্ৰিনশ্বটটো কেডবেৰী ৱেবচাইটৰ আৰু তাত লিখা আছেঃ  “অনুগ্ৰহ কৰি মন কৰিব, যদি আমাৰ যিকোনো এটা সামগ্ৰীকে জিলেটিন ব্যৱহাৰ কৰা হয়, আমি ব্যৱহাৰ কৰা সেই জিলেটিন হালাল স্বীকৃতপ্ৰাপ্ত আৰু গো-মাংসৰ পৰা প্ৰাপ্ত।  তালিকাত […]

Continue Reading

FACT CHECK: ভাইৰেল হোৱা ফটোখনত জয়াললিতাৰ কাষত দেখা মহিলাগৰাকী নিৰ্মলা সীতাৰমণ নহয়!

দুগৰাকী যুৱতীৰ এখন ফটো বিভিন্ন ছ’চিয়েল মিডিয়াত এই কথাৰে ভাইৰেল হৈ পৰিছে যে, ”এয়া জয়াললিতা আৰু আমাৰ বৰ্তমানৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এখন দুৰ্লভ আলোকচিত্ৰ”।  আমাৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ একেখন ফটোৱে সত্যতা নিৰুপনৰ বাবে এগৰাকী ব্যক্তিয়ে প্ৰেৰণ কৰিছিল। Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে এই তথ্যটো ভুল। কেনেকৈ চাওক। সত্যতা নিৰূপন পদ্ধতি […]

Continue Reading

FACT CHECK: ৰোহিংগীয়া পৰিয়াল এটাৰ ফটো ভাৰতীয় পৰিয়ালৰ ফটো বুলি ভুলকৈ শ্বেয়াৰ কৰি থকা হৈছে!

যেতিয়াৰে পৰা অসম আৰু উত্তৰ প্ৰদেশ চৰকাৰে দুটি সন্তানেৰে জনসংখ্যা নিয়ন্ত্ৰন বিধেয়কৰ খচৰা প্ৰস্তুত কৰিছে তেতিয়াৰে পৰা ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক দিশত বিভিন্ন ধৰণৰ পোষ্টেৰে জনসংখ্যা বৃদ্ধিৰ বিষয়টোৱে উত্তাল কৰি ৰাখিছে। এই যুক্তি তৰ্কৰ মাজতেই ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ পৰিছে যত এখন হুইলচেয়াৰত বহি থকা এজন লোকৰ তেওঁ চাৰিওফালে কেইবাগৰাকীয়ো শিশু আৰু এগৰকাী মহিলাৰে […]

Continue Reading

FACT CHECK: ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈ থকা ‘ব্লেক মেন’ৰ ভিডিঅ’টো অসমৰ নহয়!

ফেচবুকত এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল হৈ পৰিছে যে নামনি অসমখন ‘ব্লেক মেন’ নামৰ এক বিশেষ জীৱৰ আতংকৰ মাজত সোমাই পৰিছে বুলি স্থানীয় লোকসকলে কৈছে। এই ভিডিঅ’টো ঈশান নিউজ নামৰ ফেচবুক পেজটোত আপলোড হোৱাৰ পিছত ভাইৰেল হৈ পৰে। পোষ্টটোত কেপচন লিখা হৈছিল:  “’ব্লেক মেন’ আতংক। কেমেৰাত বন্দী ভয়াৱহ দৃশ্য। মানুহ নে ভূত? ঈশান Exclusive” Original […]

Continue Reading