FACT CHECK: ‘চিএনএন’য়ে তালিবানক মাস্ক পিন্ধাৰ বাবে শলাগিছে বুলি ভাইৰেল হোৱা নিউজ ৰিপৰ্টৰ স্ক্ৰিনশ্বট দৰাচলতে এক ব্যঙ্গাত্মক লিখনিৰ ৱেবছাইটৰ হয়

International Satire

আফগানিস্তানৰ শেহতীয়া পট পৰিৱৰ্তনৰ ঘটনাবহুল পৰিস্থিতিৰ সময়ত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন পোষ্ট দেখা গৈছে । এনে ধৰণৰ এক পোষ্ট বৰ্তমান ভাইৰেল হৈ পৰিছে য’ত এক নিউজ ৰিপৰ্টৰ স্ক্ৰিনশ্বট দেখা গৈছে । উক্ত নিউজ ৰিপৰ্টটোত উল্লেখ কৰা হৈছে যে, “চিএনএন’য়ে তালিবানক আক্ৰমণৰ সময়ত মাস্ক পিন্ধাৰ বাবে শলাগিছে” । উক্ত স্ক্ৰিনশ্বটটো চিএনএন’ৰ লাইভ নিউজৰ স্ক্ৰিনগ্ৰেব যেন দেখা গৈছে আৰু চিএনএন’ৰ ল’গ’ সম্বলিতে ব্ৰেকিং নিউজৰ প্লেট দেখা গৈছে য’ত লিখা আছে যে তালিবান যুঁজাৰু সকলে অতি দায়িত্বশীল ভাৱে মাস্ক পিন্ধি আছে । 

উক্ত স্ক্ৰিনশ্বটটো বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে অসমীয়াত এনে ধৰণৰ কেপচনৰ সহিতে শ্বেয়াৰ হৈছে, “সাংবাদিকতাৰ নতুন সংজ্ঞা চি এন এন ৰ। মাস্ক পিন্ধা তালিবানীক শলাগ। ভাৰতৰ বহু বাতৰি এওলোকে নেতিবাচক ভাবেই প্ৰচাৰ কৰে🤔

Original Link- Facebook | Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই অনুসন্ধানৰ পাছত জানিব পাৰিলে যে ভাইৰেল হোৱা নিউজ ৰিপৰ্টৰ স্ক্ৰিনশ্বট দৰাচলতে এক ব্যঙ্গাত্মক লিখনিৰ ৱেবছাইটৰ হয় । 

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে আমি বিষয়টোৰ লগত সম্পৰ্ক থকা কিছু কীবৰ্ডছ ব্যৱহাৰ কৰি চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে এনে কোনো বাতৰি ‘চিএনএন’ৰ দ্বাৰা কোনো সামাজিক মাধ্যমত প্ৰকাশ কৰা হোৱা নাই । 

আমি দেখিলোঁ যে স্ক্ৰিনশ্বটটোত BabylonBee.com বুলি লিখা আছে আৰু আগষ্ট ১৪, ২০২১ বুলি প্ৰকাশৰ তাৰিখ উল্লেখ আছে । আমি BabylonBee.com কি হয় সেইয়া অনুসন্ধান কৰিবলৈ সিদ্ধান্ত ললোঁ আৰু দেখিলোঁ যে উক্ত লিখনিটো BabylonBee.com নামৰ ৱেবছাইটটোত সম্পূৰ্ণৰূপে প্ৰকাশ কৰা হৈছে । আমি উক্ত লিখনিটো ভালদৰে পঢ়ি দেখিলোঁ যে উক্ত লিখনিটো প্ৰকৃততে এক ব্যঙ্গাত্মক লিখনি হয় আৰু “Inspired by their example, the Biden Administration has invited the Taliban to the White House to record TikTok videos in hopes of convincing Trump supporters to get vaccinated.” দৰে বাক্যৰ দ্বাৰা সেইয়া স্পষ্ট হৈ পৰিছে । 

The Babylon Bee

আমি ইয়াৰ পাছত ৱেবছাইটৰ About Us চেক্সনটো চালোঁ আৰু দেখিলোঁ যে উক্ত ৱেবছাইটটো সঁচাকৈ এক ব্যঙ্গাত্মক লিখনিৰ ৱেবছাইট হয় । ৱেবছাইটটোৰ সম্পৰ্কে, “The Babylon Bee is the world’s best satire site, totally inerrant in all its truth claims. We write satire about Christian stuff, political stuff, and everyday life” বুলি তাত লিখা আছে । 

ইয়াৰ পৰা স্পষ্ট হৈছে যে উক্ত ৱেবছাইটয়ে অকল ব্যঙ্গাত্মক লিখনি প্ৰকাশ কৰে । 

ফলাফল

উক্ত ফেক্টচেকটোৰ পৰা স্পষ্ট হৈছে যে ভাইৰেল হোৱা নিউজ ৰিপৰ্টৰ স্ক্ৰিনশ্বট দৰাচলতে এক ব্যঙ্গাত্মক লিখনিৰ ৱেবছাইটৰ হয়, এনে কোনো বাতৰি ‘চিএনএন’ৰ দ্বাৰা প্ৰকাশ কৰা হোৱা নাই । ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে উক্ত স্ক্ৰিনশ্বটটো প্ৰসংগ সংগতিহীন ভাৱে প্ৰচাৰ কৰি ভাইৰেল কৰি তুলিছে ।

Avatar

Title:‘চিএনএন’য়ে তালিবানক মাস্ক পিন্ধাৰ বাবে শলাগিছে বুলি ভাইৰেল হোৱা নিউজ ৰিপৰ্টৰ স্ক্ৰিনশ্বট দৰাচলতে এক ব্যঙ্গাত্মক লিখনিৰ ৱেবছাইটৰ হয়

Fact Check By: Manjori Borkotoky 

Result: Satire

Leave a Reply

Your email address will not be published. Required fields are marked *