FACT CHECK: উত্তৰ মেৰুত প্ৰকাণ্ড চন্দ্ৰটোৱে সূৰ্যক গ্ৰহন লগোৱা দৃশ্যৰ ভিডিঅ'টো মিছা
এটা ভিডিঅ'ত দেখা গৈছে এক খালি পৰিবেশ য'ত প্ৰকাণ্ড চন্দ্ৰই সূৰ্যক গ্ৰহণ লগাইছে। ভিডিঅ'টোত সূৰ্যক গ্ৰহণ লগোৱাৰ পূৰ্বে চন্দ্ৰটো ভূ-পৃষ্ঠৰ একেবাৰে সমীপত দেখা গৈছে আৰু এটা অন্ধকাৰময় পৰিবেশৰ সূচনা কৰি দিগন্তত বিলিন হৈ গৈছে।
ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি আছে আৰু দাবী কৰি আছে যে এই ভিডিঅ'টো ৰাছিয়া আৰু কানাডাৰ মাজৰ উত্তৰ মেৰুৰ।
Original Link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ড অসমীয়াই আমাৰ হোৱাটছএপ ফেক্টলাইন নম্বৰ()ত ইয়াৰ সত্যতা নিৰূপনৰ অনুৰোধ লাভ কৰিলো।
ভাইৰেল হোৱা পোষ্টটোৰ কেপছন হৈছে, "এয়া আৰ্কটিক। ৰাছিয়া আৰু কানাডাৰ মাজৰ। চন্দ্ৰটো এইহেন বৃহদাকাৰ দেখা গৈছে আৰু প্ৰায় ৩০ চেকেণ্ডৰ ভিতৰত অন্তৰ্ধান হৈছে"
এই ভিডিঅ'টোও ফেচবুকত বহুলভাৱে শ্বেয়াৰ কৰা হৈছে।
সত্যতা নিৰূপন পদ্ধতি
আমি গুগল আৰু আন ছোচিয়েল মিডিয়াত কী-ৱৰ্ড ছাৰ্চ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলো, যিয়ে আমাক হোশেয়েই কৰা এটা টুইট ৰিপ্লাই দেখুৱালে য'ত উল্লিখিত হৈছে, "এই চিজি/ভিএএক্স এনিমেছনটোক লৈ বহুতো প্ৰশ্ন। মোৰ একমাত্ৰ সমস্যাটো হৈ মই এতিয়ালৈ শিল্পীগৰাকীৰ সন্ধান পোৱা নাই। কোনোবাই ইয়াৰ উৎসটো জানে নেকি? এই ক্লিপটোৱে ২০১৩চনৰ এই এনিমেছনটোৰ কথা মনত পেলায়: https://t.co/OCbZaPcIVU?amp=1
ইয়াৰে আঁত ধৰি কৰা আন এক কী-ৱৰ্ড ছাৰ্চে 'এলেক্সী' নামৰ টিকটক একাউন্ট ইউজাৰ এজনৰ সম্ভেদ দিলে, যিয়ে দাবী কৰিছে যে সেইটো তেওঁ ডিজিটেল মাধ্যমেৰে সৃষ্টি কৰিছে। ভিডিঅ'টো ২০২১ৰ ১৭মে'ত পোষ্ট কৰা হৈছিল।
টিকটক ইউজাৰজনে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰোফাইল লিংকটো উল্লেখ কৰিছে। তেওঁৰ প্ৰোফাইলমতে তেওঁ এজন চিজিআই এনিমেছন আৰ্টিষ্ট,যিয়ে থ্ৰিডি ভিজুৱেলাইজেছন,ইন্টেৰিয়ৰ।এক্সটেৰিয়ৰ আৰু পোৰ্টফোলিওৰ কাম কৰে।
ফেক্ট ক্ৰেছেণ্ডোৱে ইনষ্টাগ্ৰামৰ জৰিয়তে এলেক্সীৰ সৈতে যোগাযোগ কৰিলো,যিয়ে স্পষ্ট কৰি দিলে যে সেই দৃশ্যটো প্ৰকৃত দৃশ্য নহয়,বৰং তেওঁৰদ্বাৰা ডিজিটেলী এডিট কৰা হে। তেওঁ আমাক কয়,"মই ইউক্ৰেইস্থিত এজন চিজি আৰ্টিষ্ট আৰু প্ৰচাৰ হৈ থকা দৃশ্যটো মই ডিজিটেলী সৃষ্টি কৰিছো। এই ভিডিঅ'টো উত্তৰ মেৰুত লোৱা নহয়।"
ফলাফল
ফেক্ট ক্ৰেছেণ্ডোৱে এই ভাইৰেল ভিডিঅ'টো মিছা বুলি জানিব পাৰিলো। এই ভিডিঅ'টো ৰাছিয়া আৰু কানাডাৰ মাজৰ উত্তৰ মেৰুত দেখা চন্দ্ৰ গ্ৰহনৰ সময়ত সংগ্ৰহ কৰা দৃশ্য নহয়। এয়া ইউক্ৰেইনৰ এজন চিজি আৰ্টিষ্টে ডিজিটেলী সৃষ্টি কৰা এটা দৃশ্য।
Title:উত্তৰ মেৰুত প্ৰকাণ্ড চন্দ্ৰটোৱে সূৰ্যক গ্ৰহন লগোৱা দৃশ্যৰ ভিডিঅ'টো মিছা
Fact Check By: Manjori BorkotokyResult: False