২৯ চেপ্তেম্বৰত তাৰ দুসপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশৰ হাথৰাছত অতি নিৰ্মম অত্যাচাৰৰ বলি হৈ দিল্লীত মৃত্যুমুখত পৰা ১৯বছৰীয়া ছোৱালীজনীৰ ঘটনাটোৱে দেশজুৰি আলোড়ণৰ সৃষ্টি কৰিছে

ৰাজ্য চৰকাৰে সন্দীপ,ৰামু,লৱকুশ আৰু ৰবী নামৰ চাৰিগৰাকী অভিযুক্তক এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰিছে।সম্প্ৰতি সিঁহত আৰক্ষীৰ জিম্মাত আছে।

দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী দেশজুৰি উত্থাপিত হৈ থকাৰ সময়তে ইন্টাৰনেটত এখন ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত কেইবাগৰাকীও প্ৰসিদ্ধ বিজেপি নেতাৰ সৈতে এগৰাকী ব্যক্তিক দেখা গৈছে আৰু কোৱা হৈছে যে তেওঁ এই অভিযুক্তকেইজনৰ ভিতৰত এজনৰ পিতৃ। এইফটোবোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু যোগী আদিত্যনাথকো দেখা পোৱা গৈছে।

ফেচবুকত তেনেকুৱা এটা পোষ্টত কেপচন দিয়া হৈছে- 'মনিষা বাল্মিকীৰ ধৰ্ষণকাৰী চাৰিজনৰ এজনৰ পিতৃৰ সৈতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু মোডীজীৰ তলৰ ফটোদুখনে বহুত কিবাকিবি কৈছে।"

dwivedi FB post.png
FacebookArchived Link

ফটোবোৰ ২০৩০ চনৰ ৩ অক্টোবৰত সন্ধিয়া ৬ বাজি ১৫ মিনিটত ফেচবুকত আপলোড কৰিছিল ফেচবুক ব্যৱহাৰকাৰী প্ৰভাত দাস পানিকাই আৰু পোষ্টটো আমালৈ অভিযোগ অহালৈ ৫বাৰ শ্বেয়াৰ হৈছিল।

ফেক্ট ক্ৰেচেণ্ডোৱে গম পালে যে দাবীটো মিছা। ফটোত দেখা মানুহজন উত্তৰ প্ৰদেশৰ বিজেপি যুৱ মৰ্চাৰ কাশী বিভাগৰ উপ সভাপতি শ্যাম প্ৰকাশ দ্বিবেদী।

প্ৰণালী:

আমি গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি চাইছিলো আৰু ২০২০ চনৰ ১৬ চেপ্তেম্বৰত হিন্দী নিউজ পোৰ্টেল বোলতা হিন্দুস্থানত প্ৰকাশিত এটা বাতৰি পালো,যত একেই ফটো প্ৰকাশ কৰা হৈছিল। বাতৰিটোত হিন্দীত শীৰ্ষক দিয়া আছিল- প্ৰয়াগৰাজঃ বিজেপি নেতাই এগৰাকী যুৱতীক বন্দুক দেখুৱাই গণধৰ্ষণ কৰিলে আৰু তাইল লগতে পৰিয়ালৰ লোকক প্ৰানে মৰাৰ ভাবুকি প্ৰদান কৰিলে। তাত কোৱা হৈছে যে সেইজন শ্যাম প্ৰকাশ দ্বিবেদী।

dwivedi bolta.png

Screenshot Bolta Hindustan Article

Bolta Hindustan Link | Archived Link

ইয়াৰ পিছত আমি প্ৰাসংগিক শব্দ লৈ গুগল চাৰ্ছ কৰি চালো আৰু ২০২০ চনৰ ৪ অক্টোবৰত নেছনেল হেৰাল্ড আৰু নৱভাৰত টাইমছত প্ৰকাশিত দুটামান বাতৰি পালো যত উল্লেখ কৰা হৈছে যে এই যুৱ নেতাগৰাকীক ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। Navbharat Times Link | Archived Link

বাতৰিত ইয়াকো লিখা হৈছিল যে এগৰাকী কলেজীয়া ছাত্ৰীয়ে তেওঁক অভিযুক্ত কৰিছে আৰু আন এগৰাকীয়ে বন্দুক দেখুৱাই ধৰ্ষণ কৰা বুলি অভিযোগ কৰিছে। দুয়োটা ঘটনা এই বছৰৰ আৰম্ভনীৰেই।

dwivedi national herald.png

Screenshot National Herald Article

National Herald Link | Archived Link

বাতৰিবোৰে ইয়াকো নিশ্চিত কৰিছে যে দ্বিবেদী ভাৰতীয় যুৱ মৰ্চাৰ কাশী শাখাৰ উপ-সভাপতি।

ফেক্ট ক্ৰেচেণ্ডোৱে হাথৰাছ আৰক্ষী থানাৰ নতুন অধীক্ষক বিনিট জয়ছোৱাৰ সৈতে যোগাযোগ কৰিছিল আৰু তেওঁ স্পষ্ট কৰি কয় যে। " ঘটনাটোৰ সৈতে জৰিত চাৰিও অভিযুক্ত হাথৰাছৰ ছাত্ৰ। তেওঁলোকৰ কোনো এজনৰে পিতৃ শ্যাম প্ৰকাশ দ্বিবেদী নহয় তথা কোনো বিজেপি নেতায়ে নহয়। চোছিয়েল মিডিয়াত প্ৰচাৰ কৰা এই দাবীটো মিছা। চাৰিওগৰাকী অভিযুক্তত গ্ৰেপ্তাৰ কৰা হৈছে আৰু জেললৈ প্ৰেৰণ কৰা হৈছে।"

তেওঁ তদুপৰি আমালৈ আৰক্ষী থানাত ৰুজু হোৱা এজাহাৰৰ প্ৰতিলিপিও প্ৰেৰণ কৰিছে। তাত স্পষ্টকৈ উল্লেখ আছে যে অভিযুক্ত সন্দীপৰ পিতৃ সুনীল ওৰফে গুড্ডু।

image5.png

ফলাফল:

ফটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু যোগী আদিত্যনাথৰ সৈতে দেখা ব্যক্তিগৰাকী হাথৰাছ ধৰ্ষণ কাণ্ডত অভিযুক্তৰ পিতৃ নহয়। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ নেতা প্ৰয়াগৰাজৰ ।

Update: ফেক্ট ক্ৰেচেণ্ডোৱে শ্যাম প্ৰকাশ দ্বিবেদীৰ পিতৃ ৰাম প্ৰকাশ দ্বিবেদীৰ সৈতে যোগাযোগ কৰিছিল আৰু তেওঁৰ পিতৃয়ে নিশ্চিত কৰিছে যে ফটোত দেখা লোকজন তেওঁৰ পুত্ৰ শ্যাম প্ৰকাশ দ্বিবেদী হয় কিন্তু হাথৰাছ কাণ্ডৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই।

ফেক্ট ক্ৰেছেণ্ডোৱে এলাহাবাদৰ কোলেনগঞ্জ আৰক্ষী থানাৰ চক্ৰ বিষয়া অজয় দিক্ষিতৰ সৈতেও যোগাযোগ কৰাত তেওঁ নিশ্চিত কৰে যে ২০১৪চনৰ এটা গণধৰ্ষণ কাণ্ডৰ অভিযুক্ত শ্যাম প্ৰকাশ দ্বিবেদী ।২০২০ চনৰ ১৪চেপ্তেম্বৰত কোলেনগঞ্জ থানাত তেওঁলোকৰ বিৰুদ্ধে এক গোচৰো ৰুজু কৰা হৈছিল। তেওঁ তদুপৰি কয় যে এই ঘটনাৰ বাবে শ্যাম প্ৰকাশ দ্বিবেদীক গ্ৰেপ্তাৰ কৰি জেললৈও প্ৰেৰণ কৰা হৈছিল।

Avatar

Title:ফটোত দেখা ব্যক্তিগৰাকী হাথৰাছ ধৰ্ষণ কাণ্ডৰ কোনো এজন অভিযুক্তৰ পিতৃ নহয়।

Fact Check By: Manjori Borkotoky

Result: False