ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে দক্ষিণ আফ্ৰিকাত আগতীয়াকৈ ১৫ লাখ গণ কবৰ খন্দা নাই!

Coronavirus False International
nenow.png

ফেচবুক লিংক । সংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । অসমতো প্ৰায় ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে ৪০জনৰ মৃত্যু হৈছে । 

এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন ভুৱা বাতৰি ফেচবুকত ভাইৰেল হৈ পৰিছে । এনে এক সন্দেহজনক বাতৰি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । যি সময়ত বিশ্বৰ বিভিন্ন দেশত ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ লাখ লাখ মানুহৰ মৃত্যু হৈছে সেই সময়তে ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে দক্ষিণ আফ্ৰিকাত আগতীয়াকৈ ১৫ লাখ গণ কবৰ খন্দা হৈছে বুলি এক বাতৰি ভাইৰেল হৈ পৰিছে । 

অসমত ‘এনই নাও’ নামৰ এক নিউজ পৰ্টেলৰ ফেচবুক পে’জত এই সম্পৰ্কীয় এক বাতৰি ১০ জুলাই, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু বিভিন্নজনে ফেচবুক পোষ্টটো শ্বেয়াৰ কৰিছে । বাতৰিটোত তেওঁলোকে গণ কবৰৰ এখন ফটোও সংলগ্ন কৰিছে । 

সঁচাকৈ ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে দক্ষিণ আফ্ৰিকাত আগতীয়াকৈ ১৫ লাখ গণ কবৰ খন্দা হৈছে নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

প্ৰথমে আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি এই বিষয়ে গুগলত চাৰ্ছ কৰিলোঁ আৰু টাইমছলাইভ নামৰ দক্ষিণ আফ্ৰিকাৰ এক নিউজ গোষ্ঠীৰ ৱেবচাইটত এই সম্পৰ্কে এক বাতৰি প্ৰকাশ হোৱা দেখিলোঁ । বাতৰিটোত স্পষ্ট কৰা হৈছে যে ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে দক্ষিণ আফ্ৰিকাত আগতীয়াকৈ ১৫ লাখ গণ কবৰ খন্দা হোৱা নাই । এই সম্পৰ্কে বিতংকৈ পঢ়ক ইয়াত । 

grave time.png

এই বিষয়ে আন এক বাতৰি আমি দেখা পালোঁ য’ত স্পষ্ট কৰা হৈছে যে ১৫ লাখ অংকটো নিৰ্দিষ্ট ঠাইখনৰ কবৰৰ ক্ষমতাহে হয়, বৰ্তমান ১৫ লাখ কবৰ খন্দা হোৱা নাই বা পৰিকল্পনা নাই । এই সম্পৰ্কে পঢ়ক ইয়াত । 

grave 24.png

এই বিষয়ে আমি দক্ষিণ আফ্ৰিকা চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ টুইট দেখা পালোঁ । তেওঁ স্পষ্ট কৰিছে যে তেওঁলোকে ১০ লাখ মানুহৰ ক’ৰনাত আক্ৰান্ত হৈ মৃত্যু হব বুলি ভৱা নাই বা প্ৰস্তুতি কৰা নাই । 

grave twitter 1.png

টুইটাৰ লিংকসংৰক্ষিত লিংক

এই বিষয়ে গাওটেঙৰ স্বাস্থ্য বিভাগৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলৰ পৰা এক স্পষ্টীকৰণ দিয়া হৈছে য’ত তেওঁলোকে উল্লেখ কৰিছে যে ১৫ লাখ অংকটো নিৰ্দিষ্ট ঠাইখনৰ কবৰৰ ক্ষমতাহে হয়, বৰ্তমান ১৫ লাখ কবৰ খন্দা হোৱা নাই বা পৰিকল্পনা নাই । 

grave twitter 2.png

টুইটাৰ লিংকসংৰক্ষিত লিংক

ইয়াৰ বাদেও আমি বাতৰিটোত ব্যৱহত ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত গণ কবৰৰ ফটোখন আচলতে ব্ৰাজিলৰ হয় । এই বিষয়ে উক্ত ফটো সম্বলিত এক বাতৰি ডেইলি মেইল’ত প্ৰকাশ পাইছে । 

grave daily mail.png
grave daily mail 2.png

ফলাফল

ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে দক্ষিণ আফ্ৰিকাত আগতীয়াকৈ ১৫ লাখ গণ কবৰ খন্দা হোৱা নাই । উক্ত বাতৰিটো ভুৱা হয় আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰিছে ।

Avatar

Title:ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে দক্ষিণ আফ্ৰিকাত আগতীয়াকৈ ১৫ লাখ গণ কবৰ খন্দা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *