প্ৰায় এবছৰ পুৰণি ভিডিঅ’ আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ শেহতীয়া হিংসাত্মক ঘটনাৰ দৃশ্য বুলি ভাইৰেল।

International Misleading

যোৱা ১৪ এপ্ৰিলৰ পুৱা মুখা পৰিহিত পেলেষ্টাইন সমৰ্থক বিক্ষোভকাৰীয়ে আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ মাগডেনহুইছ দখল কৰে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে মুখত কাপোৰ বান্ধি হাতত লাঠী লৈ এদল লোকে আন কিছুমানক আক্ৰমণ কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে সেয়া শেহতীয়াকৈ আমষ্টাৰডাম বিশ্ববিদ্যালয়ত ঘটা হিংসাত্মক ঘটনাৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “এয়া #আমষ্টাৰডাম বিশ্ববিদ্যালয়ত অমুছলমান ছাত্ৰক #মুছলমান_ছাত্ৰই আক্ৰমণ কৰাৰ দৃশ্য…

বহু অমুছলমান ছাত্ৰ বেয়াকৈ আহত হোৱাৰ লগতে বিশ্ববিদ্যালয়খন অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া এটা ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো ২০২৪ চনৰ ৮ মে’ত আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ কেপশ্বন অনুসৰি ২০২৪ চনৰ ৭ মে’ত হামাছ সমৰ্থকে আমাষ্টাৰডামত বিক্ষোভ প্ৰদৰ্শন কৰি ইহুদী যুৱক-যুৱতীক আক্ৰমণ কৰিছিল।

https://www.instagram.com/reel/C6rdX2Mt-YS/?utm_source=ig_web_copy_link

এইবাৰ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি এটা ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সম্পৰ্কে এগৰাকী ইহুদী যুৱকে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়া দেখা গৈছিল। এই ভিডিঅ’টো আপলোড কৰা হৈছিল ২০২৪ চনৰ ৯ মে’ত।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

Maccabee Task Force (যি ২০১৫ চনত গঠন কৰা হৈছিল ইহুদী আৰু ইজৰাইলৰ সমৰ্থক ছাত্ৰ-ছাত্ৰীক সুৰক্ষা প্ৰদান তথা যুঁজ দিয়াৰ বাবে)ৰ ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো ২০২৪ চনৰ ৭ মে’ত আপলোড কৰা হৈছিল।

https://www.instagram.com/reel/C6qvA9UNdue/?utm_source=ig_web_copy_link

এই সম্পৰ্কে এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো এবছৰ পুৰণি।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’ টো আমাষ্টাৰডাম বিশ্ববিদ্যালয়ৰ শেহতীয়া ঘটনাৰ নহয়। ‌এই ভিডিঅ’টো ২০২৪ চনৰ ৭ মে’ৰ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰায় এবছৰ পুৰণি ভিডিঅ’ আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ শেহতীয়া হিংসাত্মক ঘটনাৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *