
মজুৰি বৃদ্ধিৰ দাবীত নয়ডাত কৰ্মচাৰীৰ বিক্ষোভ প্ৰদৰ্শনৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত এদল লোকে “উত্তৰ প্ৰদেশ পুলিচ”ৰ এখন বাহন লাঠি, শিল আদিৰে আক্ৰমণ কৰা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া শেহতীয়াকৈ নয়ডাত প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাহন আক্ৰমণ কৰাৰ দৃশ্য।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া এন ডি টিভিৰ ৱেবছাইটত ২০২৫ চনৰ ২১ অক্টোবৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি কোনো এক হত্যাকাৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন নকৰাৰ অভিযোগত গাঁৱবাসীয়ে উত্তৰ প্ৰদেশৰ গোৰখপুৰত এইদৰে আৰক্ষীৰ বাহন আক্ৰমণ কৰিছিল।
প্ৰতিবেদন অনুসৰি দূৰ্গা পূজাৰ পেণ্ডেলক কেন্দ্ৰ কৰি জৱাহৰ চক নামৰ গাঁৱৰ বাসিন্দা হনুমান চৌহান নামৰ ৩৫ বছৰীয়া লোকজনৰ ৰোশন চৌহান আৰু আন কেইজনমান গাঁৱবাসীৰ লগত তৰ্কাতৰ্কি হৈছিল। ৰোশন আৰু আন লোককেইজনে হনুমানক আক্ৰমণ কৰে আৰু তেওঁ মূৰত গুৰুতৰভাৱে আঘাত পায় আৰু পাছত তেওঁৰ মৃত্যু হয়। ইয়াৰ পাছত গাঁওবাসীয়ে হনুমান চৌহানৰ মৃতদেহ লৈ গোৰখপুৰ-বাৰানসী আৰু গোৰখপুৰ- লক্ষ্ণৌ পথ অৱৰোধ কৰি ৰোশনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে হনুমানৰ পৰিয়ালৰ এজন সদস্যক চাকৰি দিয়াৰ দাবী জনায়।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
এই সম্পৰ্কে আন এক প্ৰতিবেদন তলত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। উত্তৰ প্ৰদেশ আৰক্ষীৰ বাহন আক্ৰমণ কৰা এই ভিডিঅ’টো নয়ডাৰ শেহতীয়া কৰ্মচাৰী-প্ৰতিবাদৰ নহয়। এয়া গোৰখপুৰৰ এক পুৰণি ঘটনাৰহে দৃশ্য।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


