
সম্প্ৰতি অসমৰ বিভিন্ন সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়া যেনে ফেচবুক আৰু হোৱাটচ এপ্পত এক বিশেষ বাতৰিয়ে তোলপাৰ লগাইছে । বাতৰিটোত কোৱা হৈছে যে অসমৰ এজন সেনা যোৱানে পাকিস্তানী স্পাই সুন্দৰীৰ জালত পৰি সেনাৰ বহুতো গোপনীয় তথ্য পাকিস্তানী যুৱতী গৰাকীক প্ৰদান কৰিলে ।

বাতৰিটোত আৰু কোৱা হৈছে যে বিচিত্ৰ বৰা নামৰ অসমৰ সেনা যোৱাজনে এই নিকৃষ্ট কামটো কৰিছিল । তাৰ পাছতেই তেওঁ আৰু তেওঁৰ আন এজন সংগী চিবিআইৰ জালত পৰিছে আৰু তেওঁলোকক ৰাজস্থানৰ যোধপুৰৰ পৰা এৰেষ্ট কৰা হয় ।
এই বাতৰিটো টাইম এ’ত আৰু ঈশান নিউজ নামৰ অসমৰ দুটা ৱেব পৰ্টেলে ফেচবুকত আপলোড কৰিছে আৰু এই ভিডিঅ’ দুটা হাজাৰতকৈ বেছি বাৰ শ্বেয়াৰ হৈছে আৰু লাখতকৈ অধিক বাৰ দৰ্শন কৰা হৈছে । বাতৰিটোৰ শিৰোনামা দিয়া হৈছে “পাকিস্তানী স্পাই সুন্দৰীৰ জালত পৰি গোপনীয় তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ অসমৰ সেনা যোৱান” । ইয়াৰ উপৰিও অসমৰ বিভিন্ন বাতৰি কাকতবোৰতও এই বাতৰিটো প্ৰকাশ পোৱা দেখা গ’ল । ছচিয়েল মিডিয়াতও এই বিষয়ে বহুতো পোষ্ট দেখিবলৈ পোৱা গৈছে ।
সঁচাকৈয়ে অসমৰ সেনা যোৱানে এনে কাম কৰিছিল নেকি? ইয়াৰ সত্যতা জানোঁ আহক ।
প্ৰণালী
আমি ঘটনাটোৰ লগত জৰিত কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ ফলত আমি পালোঁ যে ঘটনাটো সঁচা কিন্তু বিচিত্ৰ বৰা নামৰ কোনো অসমৰ যোৱান এই ঘটনাটোৰ লগত জৰিত নহয় বৰঞ্চ বিচিত্ৰ বেহৰা নামত উৰিষ্যাৰ সেনা যোৱান এজনহে এই ঘটনাটোৰ লগত জৰিত আৰু তেওঁ ইতিমধ্যে এৰেষ্ট হৈছে । এই বিষয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেত বিস্তাৰে বাতৰি প্ৰকাশ পাইছে । বাতৰিটো পঢ়ক ইয়াত ।

আচলতে ‘বেহৰা’ উপাধিটো ভুলকৈ অসমৰ কোনোবাই ‘বৰা’ উপাধি বুলি ভাবি এই মিছা নিউজটোৰ সৃষ্টি কৰিলে আৰু ই ক্ৰমাত ভাইৰেল হৈ পৰিল । আমি আৰু অনুসন্ধান কৰি নিশ্চিত হলোঁ যে ‘বেহৰা’ উপাধিটো উৰিষ্যাৰ হয় ।

ৰাষ্ট্ৰীয় নিউজ চেনেল এনডিটিভিটো এই বিষয়ে বাতৰি প্ৰকাশ পাইছে যে আটক কৰা সেনা যোৱানজন উৰিষ্যাৰ বিচিত্ৰ বেহৰা হয় । বাতৰিটো ইয়াত পঢ়ক।

ফলাফল
বিচিত্ৰ বৰা নামৰ অসমৰ কোনো সেনা যোৱান আটক হোৱা নাই আৰু পাকিস্তানী স্পাই সুন্দৰীৰ জালতও পৰা নাই । উক্ত বাতৰিটো মিছা আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰিছে ।

Title:পাকিস্তানী স্পাই সুন্দৰীৰ জালত পৰা সেনা যোৱানজন অসমৰ নহয়!
Fact Check By: Manjori BorkotokyResult: Partly False