FACT CHECK: নষ্ট্ৰাডামূৰ বিষয়ত অস্পষ্ট লিখনি এটা জম্বিৰ আক্ৰমনৰ ভৱিষ্যদ্বানী বুলি শ্বেয়াৰ কৰি থকা হৈছে!

False Social

কৰ’ণাভাইৰাছ মহামাৰীৰ আতংক অব্যাহত থকা সময়তে ছোছিয়েল মিডিয়াত কিছুমান পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে ২০২১চনত জম্বীৰ আৱিৰ্ভাৱ ঘটিব বুলি নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰি থৈ গৈছে। 

ভিডিঅ’ ৰূপত পোষ্টবোৰ অসমত বহুলভাৱে শ্বেয়াৰ কৰা হৈছে ফেচবুক ব্যৱহাৰকাৰীৰ মাজত। ভিডিঅ’ৰ ধাৰাভাষ্যত কোৱা হৈছে,” ১৬শতিকাতেই ফৰাছী জ্যোতিষী নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰিছিল যে ২০২১চনত জম্বীৰ আৱিৰ্ভাৱ ঘটিব।” ধাৰাভাষ্যকাৰে সকলোকে তাৰ বাবে সাজু হ’বলৈ আহ্বান কৰিছে যিহেতু এই মহামাৰীৰ কথাও নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰিছিল আৰু সেয়া সত্য প্ৰমানিত হৈছে। 

ভিডিঅ’ত বিভিন্ন চিনেমা আৰু অন্য উৎসৰ জম্বীৰ দৃশ্য দেখুওৱা হৈছে।  পোষ্টবোৰৰ অধিক লাইক আৰু শ্বেয়াৰ হৈছে ফেচবুকত। 

Original post- Facebook | Archived Link

Original post- Facebook | Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে দাবী কৰা নষ্ট্ৰাডামুৰ ভৱিষ্যতবাণী জম্বীৰ আৱিৰ্ভাৱৰ প্ৰমাণ নহয় ।  

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে আমি তেনেকুৱা কোনো তথ্য ইন্টাৰনেটত পাও নেকি চালো।  আমি YearlyHoroscope.org নামৰ চাইটটোত পোষ্ট এটা পালো যিটোত নষ্ট্ৰাডামুৰ সাম্ভাব্য ভৱিষ্যতবাণীৰ এখন তালিকা দিয়া হৈছে, যেনে বিটকইন,সৌৰ ধুমুহা আৰু উল্কাপিণ্ডৰ পৃথিৱীত খুন্দা আদি। 

Original Link- Yearly Horoscope | Archived Link

লিখাটোৱে দাবী কৰিছে যে নষ্ট্ৰাডামু বা মাইকেল দে নষ্ট্ৰাডামুৱে ভৱিষ্যতবানী কৰিছিল যে এজন ৰাছিয়ান বিজ্ঞানীয়ে জৈৱিক অস্ত্ৰ সৃষ্টি কৰিব আৰু এটা ভাইৰাছ বনাব,যিটোৱে মানুহক জম্বীলৈ ৰূপান্তৰ কৰিব। ৰোমৰ নেছনেল লাইব্ৰেৰীত উদ্ধাৰ হোৱা নষ্ট্ৰাডামুৰ কিতাপ বুলি দাবী কৰা এখন কিতাপৰ মতে এয়া হ’ব। 

উল্লিখিত মতে,’ কিছুমান ডেকা মানুহ, অৰ্ধ-মৃতই আৰম্ভ কৰিব। যদিও মৃত,সি আনক সজীৱ কৰিব আৰু কোনো পৰিত্যক্ত স্থানত অশুভ শক্তিৰ জন্ম দিব। দুখী আত্মাই ইজনে সিজনক হানি কৰিব। অস্থায়ীবোৰেই স্থায়ীত্ব পাব জনসাধাৰণৰ মাজত। অসীম বেদনাত পিতৃ মাতৃৰ মৰন মিলিব। নাৰীৰ বিননী,নাৰী দৈত্য হ’ব। বিশালতাৰ অন্ত পৰিব,পৃথিৱী নাশ হ’ব।” 

কিছুমানে এই কথাখিনিকে জম্বীৰ আৱিৰ্ভাৱৰ কথা বুলি বিশ্বাস কৰি লৈছে। তাৰ কাৰণ হৈছে অৰ্ধ মৃত আৰু অশুভ শক্তি আদি শব্দ,যাক জম্বী বুলি ভবা হৈছে। 

আমি History.com ত এটা লেখাও পালো য’ত কোৱা হৈছে যে নষ্ট্ৰাডামুৰ ভৱিষ্যতবাণীবোৰ প্ৰায়ে সাৰশূন্য, বিভিন্ন দৃষ্টিভংগীৰ অৱকাশযুক্ত। 

Screenshot History.com article on Nostradamus

Original Link- History | Archived Link

তেওঁৰ জনপ্ৰিয়তাৰ কাৰণ হৈছে তেওঁৰ লেখাৰ সাৰশূন্যতা আৰু নিৰ্দিষ্ট দিন বাৰৰ উল্লেখ নথকাৰ বাবে যিকোনো ঘটনা এটা ঘটাৰ পিছত সেই কথাবোৰ নাটকীয়ভাৱে আৰু ভিন্ন দৃষ্টিভংগীৰে উপস্থাপন কৰি সত্য বুলিব পৰা কথাটো।” লেখাটোত কোৱা হৈছে। 

আমি একেটা দাবীৰে বিভিন্ন সত্যতা নিৰূপনো লাভ কৰিলো। নষ্ট্ৰাডামুৱে কৰ’ণাভাইৰছ সম্পৰ্কত ভৱিষ্যতবাণী কৰিছিল বুলি কৰা দাবীটো ইতিমধ্যে ৰয়টাৰে নস্যাৎ কৰি থৈছে।  

Original Link- Reuters | Archived Link

ফেক্ট ক্ৰেছেণ্ডো মালায়ালমেও ইতিমধ্যে ২০২০ৰ মে’ত নষ্ট্ৰাডামুৰ তেনেকুৱা ভৱিষ্যতবাণীৰ সত্যতা নিৰূপন কৰি নস্যাৎ কৰি থৈছে। Link- Fact Crescendo Malayalam 

ফলাফল

২০২১ত জম্বীৰ আৱিৰ্ভাৱ হ’ব বুলি নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰা বুলি কোৱা দাবীটো মিছা। নষ্ট্ৰাডামুৱে জম্বীৰ আৱিৰ্ভাৱ হ’ব বুলি ভৱিষ্যতবাণী কৰাৰ কোনো প্ৰমান নাই। ইতিহাসবিদ আৰু পণ্ডিতসকলৰ মতে তেওঁৰ কথাবোৰ প্ৰায়ে সাৰশূন্য আৰু ভিন্ন দৃষ্টিভংগীযুক্ত। 

পাঠকসকলক আহ্বান জনাম যাতে যিকোনো সন্দেহজনক তথ্য পালেই আমাৰ চৌব্বিশ ঘন্টীয়া আৰু সাতো দিনে উপলব্ধ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ সত্যতা নিৰূপনৰ বাবে প্ৰেৰণ কৰে যেন। 

Avatar

Title:FACT CHECK: নষ্ট্ৰাডামূৰ বিষয়ত অস্পষ্ট লিখনি এটা জম্বিৰ আক্ৰমনৰ ভৱিষ্যদ্বানী বুলি শ্বেয়াৰ কৰি থকা হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *