
এখন ৰেলগাড়ীত অক্সিজেন কঢ়িয়াই অনা টেংকাৰৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছোচিয়েল মিডিয়াত আৰু তাত লিখা হৈছে যে এইসমুহ ছৌদি আৰৱৰ পৰা ভাৰতলৈ অনা হৈছে । Original Link- Facebook | Archived Link
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ চৌব্বিশ ঘন্টীয়া ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা নিৰূপনৰ আবেদন লাভ কৰিলো। Archived Link
কিন্তু আমি যেতিয়া সত্যতা নিৰূপন কৰিলো,আমি জানিব পাৰিলো যে সেইসমুহ ছৌদি আৰৱৰ পৰা ভাৰতলৈ আমদানি কৰা অক্সিজেন টেংকাৰ নহয়।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি ইউট্যুৱত প্ৰাসংগিক শব্দেৰে ছাৰ্চ কৰি চালো। আমি দেখিলো যে এই ভিডিঅ’সমুহ হিন্দুস্তান টাইমছৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।
আমি জানিব পাৰিলো যে ভাইৰেল হোৱা ভিডিঅ’ত সেয়া ভাৰতীয় ৰেল বিভাগৰ অক্সিজেন এক্সপ্ৰেছ ৰেলৰ খালি টেংকাৰ, যি মহাৰাষ্ট্ৰৰ নৱী মুম্বাইৰ পৰা অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমলৈ অক্সিজেন কঢ়িয়াবলৈ নিছিল। ১৯ এপ্ৰিলত নৱী মুম্বাইৰ পৰা সেইখন ৰাওনা হৈছিল।
গুগলত প্ৰাসংগিক শব্দৰে ছাৰ্চ কৰোতে আমি দেখিলো যে ছৌদি আৰৱে ভাৰতত হঠাৎ দেখা দিয়া কৰ’ণাভাইৰাছৰ আক্ৰমনৰ পৰিপ্ৰেক্ষিতত ৮০ মেট্ৰিকটন জুলীয়া অক্সিজেন ভাৰতকৈ ৰপ্তানি কৰিছে। সেই ৰপ্তানী আদানী গ্ৰুপ আৰু লিণ্ডে কোম্পানীৰ দ্বাৰা কৰা হৈছে।
“ভাৰতলৈ ৮০ মেট্ৰিকটন লিকুইড অক্সিজেন প্ৰেৰণ কৰাৰ ক্ষেত্ৰত ভাৰতীয় দূতাৱাসে আদানী গ্ৰুপ আৰু মেছাৰ্চ লিণ্ডেৰ সৈতে সহযোগ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো। আমি ছৌদি আৰৱৰ স্বাস্থ্য মন্ত্ৰালয়ক সকলো ধৰণৰ সহায়,সহযোগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো।” ৰিয়াধৰ ইণ্ডিয়ান মিছনে টুইট কৰিছে।
Embassy of India is proud to partner with Adani group and M/s Linde in shipping much needed 80MT liquid oxygen to India. Our hearfelt thanks to Ministry of Health Kingdom of Saudi Arabia for all their help, support and cooperation.@MEAIndia @drausaf @SaudiMOH @HMOIndia pic.twitter.com/6j8NuGwtCB
— India in Saudi Arabia (@IndianEmbRiyadh) April 24, 2021
“ধন্যবাদ ৰিয়াধস্থিত ভাৰতীয় দূতাৱাস। কথাতকৈ কামেহে অধিক পৰিচয় দাঙি ধৰিছে। আমি সমগ্ৰ বিশ্বৰ পৰা অক্সিজেনৰ আমদানিৰ এক অভিযানৰত। ৪আইএছও ক্ৰায়’জেনিক টেংক ৮০ টন জুলীয়া অক্সিজেন কঢ়িয়াই প্ৰথম গোট হিচাপে ডামামৰ পৰা মুণ্ড্ৰালৈ আহি আছে।” আদানী গ্ৰুপৰ সঞ্চালক গৌতম আদানীয়ে টুইট কৰিছে।
Thank you @IndianEmbRiyadh. Indeed, actions speak louder than words. We are on an urgent mission to secure oxygen supplies from across the world. This first shipment of 4 ISO cryogenic tanks with 80 tons of liquid oxygen is now on its way from Dammam to Mundra. (1/3) https://t.co/BLZ0SbQ499 pic.twitter.com/lFKnx0hIhX
— Gautam Adani (@gautam_adani) April 24, 2021
ফলাফল
পোষ্টবোৰত প্ৰচাৰ হৈ থকা ভিডিঅ’ত সেয়া ছৌদি আৰৱৰ পৰা ভাৰতলৈ আমদানিকৃত অক্সিজেন টেংকাৰ নহয়, বৰং সেয়া বিশাখাপট্টনমৈ গৈ থকা অক্সিজেন এক্সপ্ৰেছৰহে। টেংকাৰসমুহ নৱী মুম্বাইৰ পৰা আহিছে।

Title:এয়া ছৌদি আৰৱৰ পৰা অহা অক্সিজেন টেংকাৰৰ ভিডিঅ’ নহয়।
Fact Check By: Manjori BorkotokyResult: False
