প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগপতি আদানীৰ পত্নীক মূৰ দোঁৱাই সেৱা কৰা নাই!

False Political
wife.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ এখন বিশেষ ফটো ফেচবুকৰ জৰিয়তে অসমত ভাইৰেল হৈ পৰিছে । ফটোখনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এগৰাকী মহিলাক মূৰ দোঁৱাই সেৱা কৰা দেখা গৈছে । দাবী কৰা হৈছে যে উক্ত মহিলা গৰাকী উদ্যোগপতি আদানীৰ পত্নী হয় । দেশৰ প্ৰধানমন্ত্ৰী এজনে এইদৰে উদ্যোগপতিৰ পত্নীক মূৰ দোঁৱাই সেৱা কৰিবলগীয়া হৈছে বুলি দাবী কৰি বিভিন্নজনে ফেচবুকত এই বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । 

উক্ত ফটোখন হিতেশ্বৰ লহকৰ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা ২৩ জুলাই, ২০২০ তাৰিখে আপলোড কৰা হৈছে । পোষ্টটোত তেওঁ, “এই মহিলা জনী উদ্যোগপতি আডানীৰ পত্নী।মুৰ দোৱাই সেৱা কৰাজন কোন চিনি পাইছেনে?” বুলি লিখিছে আৰু উক্ত পোষ্টটো এতিয়ালৈকে ২৯ বাৰ শ্বেয়াৰ হৈছে আৰু বহুতো লাইক আৰু কমেণ্টছ আছে । 

সঁচাকৈ প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগপতি আদানীৰ পত্নীক মূৰ দোঁৱাই সেৱা কৰিছিল নেকি? সঁচাকৈ ভাইৰেল ফটোখনত মহিলাগৰাকী আদানীৰ পত্নী নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ফটোখন ছেপ্টেম্বৰ ২০১৪ চনত ৰেডিট নামৰ ৱেবচাইটটোত আপলোড হৈছিল য’ত স্পষ্টকৈ লিখা আছিল যে উক্ত মহিলাগৰাকী আচলতে কৰ্ণাটকৰ টুমকুৰ নামৰ ঠাইখনৰ মেয়ৰ হয় । 

wife 1.png

আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি টুইটাৰত চাৰ্ছ কৰিলোঁ আৰু এই বিষয়ে এক টুইট দেখা পালোঁ য’ত উক্ত মহিলা গৰাকী টুমকুৰৰ মেয়ৰ গীতা ৰুড্ৰেচ বুলি চিনাক্ত কৰিছে । 

wife 2.png

ইয়াৰ উপৰিও আমি দেখিলোঁ যে উক্ত মহিলা গৰাকী উদ্যোগপতি আদানীৰ পত্নী নহয় বৰঞ্চ  কৰ্ণাটকৰ টুমকুৰ নামৰ ঠাইখনৰ মেয়ৰ হয় বুলি বিভিন্ন সংবাদ প্ৰতিষ্ঠানে ইতিমধ্যে ফেক্ট চেক কৰিছে । 

ফলাফল

উক্ত মহিলা গৰাকী উদ্যোগপতি আদানীৰ পত্নী নহয় বৰঞ্চ  কৰ্ণাটকৰ টুমকুৰ নামৰ ঠাইখনৰ মেয়ৰ হয় । উক্ত ফটোখন ভাইৰেল কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগপতি আদানীৰ পত্নীক মূৰ দোঁৱাই সেৱা কৰিছিল বুলি ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে ।

Avatar

Title:প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগপতি আদানীৰ পত্নীক মূৰ দোঁৱাই সেৱা কৰা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *